--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ব্ৰিটেইনৰ ৰাজ পৰিয়ালৰ মুৰব্বী ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুয়ে সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাইছে৷ তেখেতৰ মৃত্যুক লৈ ছ’চিয়েল মিডিয়াতো চলিছে সৰৱ চৰ্চা৷ শেহতীয়াকৈ পোহৰলৈ আহিছে ৰাণী এলিজাবেথ সম্পৰ্কীয়  আন এক বিশেষ তথ্য।  শেহতীয়াকৈ ব্ৰিটেইনৰ ৰাণী এলিজাবেথে  লিখা এখন গোপন পত্ৰৰ সন্ধান পোৱা গৈছে৷ অষ্ট্ৰেলিয়াৰ চিডনীৰ কুইন ভিক্টোৰিয়া অট্টালিকাত  থকা এটা চন্দুকত এই পত্ৰখন লুকুৱাই ৰখা হৈছে। এই বিশেষ পত্ৰখন লিখা হৈছিল ১৯৮৬ চনৰ নৱেম্বৰ মাহতে৷  

এই পত্ৰখনৰ আন এক বৈশিষ্ট্য হৈছে যে , ১৯৮৬ চনতে লিখা এই পত্ৰখন ২০৮৫ চনতহে পঢ়িব পৰা যাব৷ এই পত্ৰ চিডনীৰ লোকসকলক সম্বোধন কৰি লিখিছিল ৰাণীয়ে৷ 

সংবাদসূত্ৰ অনুসৰি,  ৰাণীৰ ব্যক্তিগত কৰ্মচাৰীসকলো পত্ৰখনৰ বিষয়বস্তুৰ বিষয়ে সম্পূৰ্ণ অজ্ঞাত৷কিয়নো চিঠিখন এটা সুৰক্ষিত স্থানত  গ্লাছ কেছৰ ভিতৰত লুকুৱাই ৰখা হৈছে। ৰাণীয়ে এই ৰহস্যময়  পত্ৰখন ৰাণীৰ  ৰাণী ভিক্টোৰিয়াৰ হীৰক জয়ন্তী উদযাপনৰ বাবে ১৮৯৮ চনত নিৰ্মাণ কৰা ভৱনটোৰ পুনৰ নিৰ্মাণ উদযাপন কৰিবলৈ লিখিছিল।

লগতে ৰাণীয়ে পত্ৰখন খোলাৰ তাৰিখো নিৰ্দেশনা লিখিছিল আৰু চিঠিত চিডনীৰ মেয়ৰক  সম্বোধন কৰিছিল। টোকাটোত লিখা আছে যে, "২০৮৫  খৃষ্টাব্দত আপোনালোকে  বাছনি কৰা  উপযুক্ত দিনত, অনুগ্ৰহ কৰি এই খামটো খুলি চিডনীৰ নাগৰিকসকলক মোৰ বাৰ্তাটো দিব৷ ”
পত্ৰখনত ৰাণীৰ স্বাক্ষৰো সম্বলিত হৈ আছে৷ এলিজাবেথ আৰ বুলি ৰাণীয়ে পত্ৰখনত স্বাক্ষৰ কৰিছে৷ৰাণীৰ মৃত্যুৰ পিছত, চিডনীৰ অপেৰা হাউচত ব্ৰিটেইনত আটাইতকৈ দীৰ্ঘকাল  ৰাজত্বকৰা এলিজাবেথ দ্বিতীয়ক  শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক