--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ব্ৰিটেইনৰ ৰাজ পৰিয়ালৰ মুৰব্বী ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুয়ে সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাইছে৷ তেখেতৰ মৃত্যুক লৈ ছ’চিয়েল মিডিয়াতো চলিছে সৰৱ চৰ্চা৷ শেহতীয়াকৈ পোহৰলৈ আহিছে ৰাণী এলিজাবেথ সম্পৰ্কীয়  আন এক বিশেষ তথ্য।  শেহতীয়াকৈ ব্ৰিটেইনৰ ৰাণী এলিজাবেথে  লিখা এখন গোপন পত্ৰৰ সন্ধান পোৱা গৈছে৷ অষ্ট্ৰেলিয়াৰ চিডনীৰ কুইন ভিক্টোৰিয়া অট্টালিকাত  থকা এটা চন্দুকত এই পত্ৰখন লুকুৱাই ৰখা হৈছে। এই বিশেষ পত্ৰখন লিখা হৈছিল ১৯৮৬ চনৰ নৱেম্বৰ মাহতে৷  

এই পত্ৰখনৰ আন এক বৈশিষ্ট্য হৈছে যে , ১৯৮৬ চনতে লিখা এই পত্ৰখন ২০৮৫ চনতহে পঢ়িব পৰা যাব৷ এই পত্ৰ চিডনীৰ লোকসকলক সম্বোধন কৰি লিখিছিল ৰাণীয়ে৷ 

সংবাদসূত্ৰ অনুসৰি,  ৰাণীৰ ব্যক্তিগত কৰ্মচাৰীসকলো পত্ৰখনৰ বিষয়বস্তুৰ বিষয়ে সম্পূৰ্ণ অজ্ঞাত৷কিয়নো চিঠিখন এটা সুৰক্ষিত স্থানত  গ্লাছ কেছৰ ভিতৰত লুকুৱাই ৰখা হৈছে। ৰাণীয়ে এই ৰহস্যময়  পত্ৰখন ৰাণীৰ  ৰাণী ভিক্টোৰিয়াৰ হীৰক জয়ন্তী উদযাপনৰ বাবে ১৮৯৮ চনত নিৰ্মাণ কৰা ভৱনটোৰ পুনৰ নিৰ্মাণ উদযাপন কৰিবলৈ লিখিছিল।

লগতে ৰাণীয়ে পত্ৰখন খোলাৰ তাৰিখো নিৰ্দেশনা লিখিছিল আৰু চিঠিত চিডনীৰ মেয়ৰক  সম্বোধন কৰিছিল। টোকাটোত লিখা আছে যে, "২০৮৫  খৃষ্টাব্দত আপোনালোকে  বাছনি কৰা  উপযুক্ত দিনত, অনুগ্ৰহ কৰি এই খামটো খুলি চিডনীৰ নাগৰিকসকলক মোৰ বাৰ্তাটো দিব৷ ”
পত্ৰখনত ৰাণীৰ স্বাক্ষৰো সম্বলিত হৈ আছে৷ এলিজাবেথ আৰ বুলি ৰাণীয়ে পত্ৰখনত স্বাক্ষৰ কৰিছে৷ৰাণীৰ মৃত্যুৰ পিছত, চিডনীৰ অপেৰা হাউচত ব্ৰিটেইনত আটাইতকৈ দীৰ্ঘকাল  ৰাজত্বকৰা এলিজাবেথ দ্বিতীয়ক  শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ