--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আধুনিক সমাজত বহু ৰোগে আমাক প্ৰায়ে কাবু কৰি আহিছে। তেনে ৰোগ বা ৰোগৰ লক্ষণৰ ভিতৰত উদ্বেগো এটা। বহু দিন  ধৰি উদ্বিগ্নতাত ভুগি থাকিলে  ই  ৰোগলৈ পৰিণত হ’ব পাৰে। 

বহুতে কিবা কাৰণত উদ্বেগ বাঢ়িলে, বা ভয় খালে জোৰেৰে উশাহ লয়। কোনোবাই বুকুত হেঁচা অনুভৱ কৰে, অস্বস্তি অনুভৱ কৰে। মূৰ ঘূৰোৱা, মূৰটো লঘু হোৱা, ঘামচি ওলোৱা, শ্বাসৰুদ্ধ হোৱা আদিও উদ্বেগজনক আক্ৰমণৰ কিছুমান লক্ষণ। আচলতে ভয় খালে মগজুৰ তেজত জৰুৰীকালীন হৰম’ন বা এড্ৰিনেলিন মিহলি হৈ থাকে। গতিকে তেজত অক্সিজেনৰ পৰিমাণ ঠিক হ’লেও তেতিয়া উশাহ লোৱাত কষ্ট পোৱাৰ অনুভৱ হ’ব। এই অৱস্থাৰ বাবে স্নায়ুতন্ত্ৰ দায়ী।

উদ্বেগজনক আক্ৰমণে শৰীৰত মানসিক চাপৰ মাত্ৰা বৃদ্ধি কৰে। ফলত তেজত ষ্ট্ৰেছ হৰম’নৰ নিঃসৰণ বাঢ়ি যায়। হৰম’নে বিভিন্ন শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন ঘটায়। যাৰ ফলত কেতিয়াবা মূৰ ঘূৰোৱা, কেতিয়াবা পেশীৰ টান, দুৰ্বলতা হ’বলৈ আৰম্ভ কৰে। যদি আমি বহুদিন উদ্বিগ্নতাত ভুগি থাকোঁ, তেন্তে আমি সকলো সময়তে ভাগৰুৱা অনুভৱ কৰো। যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ লক্ষণ আৰু পৰিত্ৰাণৰ উপায় জানো আহক...

কেনে লক্ষণ দেখা দিয়ে?

• অস্বাভাৱিক উশাহ-নিশাহ
• বুকুৰ বিষ
• তীব্ৰ আতংক
• মূৰ ঘূৰোৱা বা পৰি যোৱাৰ অনুভৱ
• ঘাম ওলোৱা
• পেটৰ বিষ আৰু বমি
• গৰম অনুভৱ কৰা
• নিয়ন্ত্ৰণ হেৰুৱাই মৃত্যুৰ অনুভৱ


ইয়াৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব?

প্ৰথমতে মনত ৰখা কথাটো হ’ল এই পৰিস্থিতিত আপুনি অকলশৰীয়া নহয়। বহুতৰ কম বেছি পৰিমাণে। গতিকে এই পৰিস্থিতিত ধৈৰ্য্য ধৰাৰ বাহিৰে আন কোনো বিকল্প নাই। এই সময় নিজকে দিয়ক। আমি যেতিয়া ভয় খাওঁ তেতিয়া আমাৰ মগজুৱে তেজত অধিক এড্ৰিনেলিন নিৰ্গত কৰে, যাৰ প্ৰভাৱত এই সকলোবোৰ লক্ষণ দেখা যায়। তেজত অক্সিজেনৰ পৰিমাণ সঠিক হ’লেও তেতিয়া উশাহ লোৱাত কষ্ট পোৱাৰ অনুভৱ হ’ব।

আপুনি নিজকে কেনেকৈ চম্ভালিব?

১.যেতিয়া আপুনি অতি ভয় বা অত্যধিক উদ্বিগ্ন হয় তেতিয়া ধ্যান কৰক। এনে এজন বন্ধুৰ লগত কথা পাতক যাৰ লগত আপুনি বহুত চিন্তা ভাগ কৰিব পাৰে, যিয়ে আপোনাক বুজি পায়।

২.প্ৰাণায়াম বা নিয়মীয়া ব্যায়ামেও মানসিক উদ্বেগৰ পৰা সকাহ দিব পাৰে।

৩.ইয়াৰ বাহিৰেও আজিকালি অধিবেশনবোৰ অনলাইনত মনোৰোগ বিশেষজ্ঞৰ লগত কথা পাতি ল’ব পাৰি। মনটোক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয় কথা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ