--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তেজক আৰু ষ্টাইলিছ সাজ-পোছাকেৰে ফেশ্বন জগতত আলোড়নৰ সৃষ্টি কৰা মালাইকা অৰোৰাই পুনৰবাৰ নিজৰ অংগ প্ৰদৰ্শন কৰা দেখা গৈছে। পূৰ্বে ষ্টাইল আইকন এৱাৰ্ডছ ২০২৩ত ক’লা কঁকাল কাটি লোৱা গাউন পিন্ধি আৱেদনময়ী ৰূপ ধাৰণ কৰা দেখা গৈছিল মালাইকা অৰোৰাক। এৱাৰ্ড শ্ব’টোত মালাইকা অৰোৰাই বেকলেছ গাউন পিন্ধি পিঠিৰ টেটু প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে।ইয়াৰ লগতে মালাইকাক ৰূপালী বেণীৰ হেয়াৰ ষ্টাইলটোৱে  চৰ্চালৈ আনিছিল, কিন্তু মালাইকাৰ এই সকলো কঠোৰ পৰিশ্ৰম যেন  বিফল হৈছে, কাৰণ মালাইকাৰ এই সাজ-পোছাকটো যেন উৰ্ফি জাভেদৰ সাজ-পোছাকৰ সৈতে মিল আছে।

 কাৰণ কেইমাহমানৰ আগতে এই গাউনটো পিন্ধিছিল উৰ্ফি জাভেদে, কিন্তু যেতিয়া মালাইকা অৰোৰাই গাউনটো পিন্ধি ৰেড কাৰ্পেটত উপস্থিত হ’ল, তেতিয়া সকলোৰে মনত পৰিল উৰ্ফি জাভেদে পৰিধান কৰা একেধৰণৰ ক’লা গাউনটোলৈ৷ মালাইকা অৰোৰাৰ এই সাজ-পোছাকক কিন্তু কিছুমান অনুৰাগীয়ে ভাল নাপালে। আপুনি দেখিব পাৰে যে মালাইকাই বহুতো ৰিভিলিং ড্ৰেছ পিন্ধিছে কিন্তু এই ড্ৰেছত পিঠিখন প্ৰদৰ্শন কৰাটো মালাইকাৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে।

 ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে মালাইকা অৰোৰাক বহুত ট্ৰ’লৰ কেন্দ্ৰবিন্দু হিচাপে গণ্য কৰিছে৷ যদি আমি এৱাৰ্ড শ্ব’টোত মালাইকাৰ সাজ-সজ্জাৰ কথা কওঁ তেন্তে মালাইকাই টাৰ্টল নেকৰ এটা বেকলেছ গাউন পিন্ধিছিল লগতে আছিল এডাল চিকচিকিয়া বেণী।মালাইকা অৰোৰাই নূন্যতম মেকআপৰ সৈতে ব্ৰেচলেটেৰে নিজৰ লুকক পৰিপূৰক কৰি তুলিছিল।যদি আমি মালাইকাৰ কাপোৰৰ ওপৰত মন্তব্য দি থকা সেই ট্ৰলবোৰৰ কথা কওঁ।তেন্তে মালাইকাৰ ছবিত মন্তব্য কৰি এজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে লিখিছে -"মালাইকা উৰ্ফিৰ মাক",আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে "উৰ্ফিক সকলো অভিনেত্ৰীয়ে অনুসৰণ কৰি আছে।তদুপৰি আন এজনে লিখিছে – "তেওঁলোকৰ কি হৈছে, তেওঁলোকে এই সকলোবোৰ কৰাৰ প্ৰয়োজন নাই। যিয়েই নিপিন্ধক তেওঁলোকক ধুনীয়া দেখা যায়।"

  বৰ্তমান মালাইকা অৰোৰাৰ এই সাজ-সজ্জাৰ ধৰণে সামাজিক মাধ্যমত বহুল চৰ্চা লাভ কৰিছে৷এতিয়ালৈকে সদায়ে নিজৰ মন্তব্য আৰু পোছাকেৰে চৰ্চাত থকা উৰ্ফি জাভেদে এতিয়ালৈকে মালাইকা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়