--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উত্তেজক আৰু ষ্টাইলিছ সাজ-পোছাকেৰে ফেশ্বন জগতত আলোড়নৰ সৃষ্টি কৰা মালাইকা অৰোৰাই পুনৰবাৰ নিজৰ অংগ প্ৰদৰ্শন কৰা দেখা গৈছে। পূৰ্বে ষ্টাইল আইকন এৱাৰ্ডছ ২০২৩ত ক’লা কঁকাল কাটি লোৱা গাউন পিন্ধি আৱেদনময়ী ৰূপ ধাৰণ কৰা দেখা গৈছিল মালাইকা অৰোৰাক। এৱাৰ্ড শ্ব’টোত মালাইকা অৰোৰাই বেকলেছ গাউন পিন্ধি পিঠিৰ টেটু প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে।ইয়াৰ লগতে মালাইকাক ৰূপালী বেণীৰ হেয়াৰ ষ্টাইলটোৱে  চৰ্চালৈ আনিছিল, কিন্তু মালাইকাৰ এই সকলো কঠোৰ পৰিশ্ৰম যেন  বিফল হৈছে, কাৰণ মালাইকাৰ এই সাজ-পোছাকটো যেন উৰ্ফি জাভেদৰ সাজ-পোছাকৰ সৈতে মিল আছে।

 কাৰণ কেইমাহমানৰ আগতে এই গাউনটো পিন্ধিছিল উৰ্ফি জাভেদে, কিন্তু যেতিয়া মালাইকা অৰোৰাই গাউনটো পিন্ধি ৰেড কাৰ্পেটত উপস্থিত হ’ল, তেতিয়া সকলোৰে মনত পৰিল উৰ্ফি জাভেদে পৰিধান কৰা একেধৰণৰ ক’লা গাউনটোলৈ৷ মালাইকা অৰোৰাৰ এই সাজ-পোছাকক কিন্তু কিছুমান অনুৰাগীয়ে ভাল নাপালে। আপুনি দেখিব পাৰে যে মালাইকাই বহুতো ৰিভিলিং ড্ৰেছ পিন্ধিছে কিন্তু এই ড্ৰেছত পিঠিখন প্ৰদৰ্শন কৰাটো মালাইকাৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে।

 ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে মালাইকা অৰোৰাক বহুত ট্ৰ’লৰ কেন্দ্ৰবিন্দু হিচাপে গণ্য কৰিছে৷ যদি আমি এৱাৰ্ড শ্ব’টোত মালাইকাৰ সাজ-সজ্জাৰ কথা কওঁ তেন্তে মালাইকাই টাৰ্টল নেকৰ এটা বেকলেছ গাউন পিন্ধিছিল লগতে আছিল এডাল চিকচিকিয়া বেণী।মালাইকা অৰোৰাই নূন্যতম মেকআপৰ সৈতে ব্ৰেচলেটেৰে নিজৰ লুকক পৰিপূৰক কৰি তুলিছিল।যদি আমি মালাইকাৰ কাপোৰৰ ওপৰত মন্তব্য দি থকা সেই ট্ৰলবোৰৰ কথা কওঁ।তেন্তে মালাইকাৰ ছবিত মন্তব্য কৰি এজন সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে লিখিছে -"মালাইকা উৰ্ফিৰ মাক",আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে "উৰ্ফিক সকলো অভিনেত্ৰীয়ে অনুসৰণ কৰি আছে।তদুপৰি আন এজনে লিখিছে – "তেওঁলোকৰ কি হৈছে, তেওঁলোকে এই সকলোবোৰ কৰাৰ প্ৰয়োজন নাই। যিয়েই নিপিন্ধক তেওঁলোকক ধুনীয়া দেখা যায়।"

  বৰ্তমান মালাইকা অৰোৰাৰ এই সাজ-সজ্জাৰ ধৰণে সামাজিক মাধ্যমত বহুল চৰ্চা লাভ কৰিছে৷এতিয়ালৈকে সদায়ে নিজৰ মন্তব্য আৰু পোছাকেৰে চৰ্চাত থকা উৰ্ফি জাভেদে এতিয়ালৈকে মালাইকা সন্দৰ্ভত কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক