--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰি আৰু পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত ভাৰত চৰকাৰ আছিল। কাশ্মীৰৰ নেচনেল কনফাৰেন্সৰ জ্যেষ্ঠ নেতা শ্বেখ মুস্তাফা কামালে এনে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ কৰিছে যে আক্ৰমণৰ ভুক্তভোগীসকলৰ মৃতদেহ বা ছবি ৰাজহুৱা কৰা হোৱা নাছিল। ইয়াৰ উপৰিও, শ্বহীদ হোৱা সকলৰ বেছিভাগেই অনুসূচীত সম্প্ৰদায়ৰ আছিল।

স্বাভাৱিকতে তেওঁৰ মন্তব্যই চাৰিওফালে এক আলোড়ন সৃষ্টি হৈছে। অৱশ্যে বিষয়টোত কেন্দ্ৰৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত ফাৰুক আব্দুল্লাৰ দলৰ নেতা শ্বেখ মুস্তাফা কামালে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে এইটো প্ৰায় স্পষ্ট যে ভাৰত চৰকাৰৰ এয়া এক ষড়যন্ত্ৰ আছিল।

নেতাগৰাকীয়ে কয়- "আমি মৃতদেহবোৰৰ ছবি দেখা নাই, কিন্তু এয়া স্পষ্ট যে ৩০-৪০ জন জোৱান অনুসূচীত জাতিৰ।’’

উল্লেখ্য যে ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে বৰফৰে আবৃত উপত্যকা পলুৱামা তেজৰে ৰঙা হৈ পৰিছিল। পাকিস্তানৰ আত্মঘাতি আক্ৰমণত পুলৱামাত ৪০ জনতকৈও অধিক ভাৰতীয় চিআৰপিএফ জোৱান শ্বহীদ হৈছিল। অৱশ্যে, পাকিস্তানে কেতিয়াও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

ইয়াৰ পূৰ্বে ২০১৬ চনৰ ১৮ ছেপ্টেম্বৰত সীমান্তৰ সিপাৰৰ উগ্ৰপন্থীয়ে উৰি সেনা ঘাটিত আক্ৰমণ কৰিছিল। তাত ১৯ জন ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু