--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰি আৰু পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত ভাৰত চৰকাৰ আছিল। কাশ্মীৰৰ নেচনেল কনফাৰেন্সৰ জ্যেষ্ঠ নেতা শ্বেখ মুস্তাফা কামালে এনে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ কৰিছে যে আক্ৰমণৰ ভুক্তভোগীসকলৰ মৃতদেহ বা ছবি ৰাজহুৱা কৰা হোৱা নাছিল। ইয়াৰ উপৰিও, শ্বহীদ হোৱা সকলৰ বেছিভাগেই অনুসূচীত সম্প্ৰদায়ৰ আছিল।

স্বাভাৱিকতে তেওঁৰ মন্তব্যই চাৰিওফালে এক আলোড়ন সৃষ্টি হৈছে। অৱশ্যে বিষয়টোত কেন্দ্ৰৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত ফাৰুক আব্দুল্লাৰ দলৰ নেতা শ্বেখ মুস্তাফা কামালে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে এইটো প্ৰায় স্পষ্ট যে ভাৰত চৰকাৰৰ এয়া এক ষড়যন্ত্ৰ আছিল।

নেতাগৰাকীয়ে কয়- "আমি মৃতদেহবোৰৰ ছবি দেখা নাই, কিন্তু এয়া স্পষ্ট যে ৩০-৪০ জন জোৱান অনুসূচীত জাতিৰ।’’

উল্লেখ্য যে ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে বৰফৰে আবৃত উপত্যকা পলুৱামা তেজৰে ৰঙা হৈ পৰিছিল। পাকিস্তানৰ আত্মঘাতি আক্ৰমণত পুলৱামাত ৪০ জনতকৈও অধিক ভাৰতীয় চিআৰপিএফ জোৱান শ্বহীদ হৈছিল। অৱশ্যে, পাকিস্তানে কেতিয়াও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

ইয়াৰ পূৰ্বে ২০১৬ চনৰ ১৮ ছেপ্টেম্বৰত সীমান্তৰ সিপাৰৰ উগ্ৰপন্থীয়ে উৰি সেনা ঘাটিত আক্ৰমণ কৰিছিল। তাত ১৯ জন ভাৰতীয় সেনা জোৱান শ্বহীদ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক