--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএজন-দুজন নহয়, ৭০ কোটি ভাৰতীয়ৰ যি পৰিমাণত সম্পত্তি আছে তাতোকৈ বহু বেছি সম্পত্তি আছে মাত্ৰ ২১ গৰাকী ধনী ব্যক্তিৰ হাতত৷ শেহতীয়াকৈ অক্সফাম ইণ্ডিয়াৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ প্ৰতিবেদন খনত প্ৰকাশ পোৱা মতে আটাইতকৈ ধনী ২১  জন ভাৰতীয় বিলিয়নেয়াৰৰ সম্পত্তিৰ পৰিমাণ ৭০ কোটি ভাৰতীয়তকৈ বেছি৷ 

তেনে ২১ জন ধন কুবেৰকলৈয়েই এতিয়া চৰকাৰে গৌৰৱ কৰে, বাকী ৭০ কোটি জনতা ক’ৰবাতেই পৰি ৰয়৷ ভালৰো ভাল ঠিকা-ঠুকলি, মাটি আবণ্টন আদিও সেই ২১ গৰাকী ধনকুবেৰৰ ভাগ্যতে মিলে৷  প্ৰতিবেদনখনত  কোৱা হৈছে যে যোৱা বছৰৰ নৱেম্বৰ মাহলৈকে কৰোনা মহামাৰীৰ আৰম্ভণিৰ পৰা ভাৰতত বিলিয়নেয়াৰসকলৰ  সম্পদ ১২১ শতাংশ  বা প্ৰকৃত ক্ষেত্ৰত প্ৰতিদিনে ৩,৬০৮ কোটি টকাকৈ  বৃদ্ধি পাইছে।

অক্সফাম ইণ্ডিয়াৰ প্ৰতিবেদন "চাৰ্ভাইভেল অফ দা ৰিচেষ্ট: দ্য ইণ্ডিয়া ষ্টৰী" অনুসৰি দেশৰ  ১ শতাংশ লোকৰ হাতত আছে দেশৰ ৪০শতাংশ সম্পত্তি৷ দেশৰ ৫০শতাংশ লোকৰ হাতত আছে মাত্ৰ ৩ শতাংশ সম্পত্তি৷ ভাৰতৰ ১০০জন লোকৰ হাতত আছে ৬৬০আৰৱ ডলাৰ ৷ভাৰতৰ ৭০ কোটি মানুহৰ হাতত থকা সম্পত্তিৰ সম পৰিমাণৰ সা- সম্পত্তিৰ অধিকাৰী হৈছে ২১জন ভাৰতীয় ধনী ব্যক্তি৷ 
প্ৰতিবেদনখনৰ বিষয়ে চুইজাৰলেণ্ডৰ দাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চত আলোচনা  কৰা হ'ব। প্ৰতিবেদনত কোৱা হৈছে যে ২০২০ চনত ভাৰতত মুঠ বিলিয়নেয়াৰৰ সংখ্যা আছিল ১০২৷ এই সংখ্যা ২০২২  চনত ১৬৬ লৈ বৃদ্ধি হৈছে।

প্ৰতিুবেদনত কোৱা হৈছে "ভাৰতৰ ১০০ জন ধনী ব্যক্তিৰ সম্মিলিত সম্পদৰ পৰিমাণ  ৬৬০ বিলিয়ন ডলাৰ (৫৪.১২ লাখ কোটি টকা)ৰ সমান হ’ব বুলিও প্ৰতিবেদনত কোৱা হৈছে৷সেই বিশাল ধনেৰে তেনে ধনী লোকসকলে সমগ্ৰ কেন্দ্ৰীয় বাজেটত  ১৮ মাহতকৈও অধিক সময়ৰ বাবে পুঁজি যোগান ধৰিব পাৰে।"
পৰৱৰ্তী বিশ্লেষণে দেখুৱাইছে যে যদি ভাৰতৰ বিলিয়নেয়াৰসকলক তেওঁলোকৰ সমগ্ৰ সম্পদৰ ওপৰত ২ শতাংশ  হাৰত এবাৰ কৰ আৰোপ কৰা হয় তেন্তে সেই ধনেৰে  পৰৱৰ্তী তিনি বছৰৰ বাবে দেশৰ অপুষ্টিত ভোগা লোকসকলক খাদ্য যোগান ধৰাৰ বাবে ৪০,৪২৩ কোটি টকাৰ চাহিদা পূৰণ কৰিব পৰা যাব৷  ইয়াৰ পৰিপ্ৰেক্ষিততে অক্সফাম ইণ্ডিয়াই কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক আগন্তুক কেন্দ্ৰীয় বাজেটত "প্ৰগতিশীল কৰ ব্যৱস্থা" কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে।

প্ৰতিবেদন খনত লগতে কোৱা হৈছে "দৰিদ্ৰ সকলে ধনী লোকতকৈ অধিক কৰ পৰিশোধ কৰিছে, অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাৰ ওপৰত অধিক ব্যয় কৰে। ধনী সকলকো কৰ জাপি  দিয়াৰ  আৰু তেওঁলোকে তেওঁলোকৰ ন্যায্য অংশ পৰিশোধ কৰাটো নিশ্চিত কৰাৰ সময় আহি পৰিছে। আমি বিত্ত মন্ত্ৰীক সম্পদ কৰ আৰু উত্তৰাধিকাৰী কৰৰ দৰে প্ৰগতিশীল কৰ ব্যৱস্থা ৰূপায়ণ কৰিবলৈ অনুৰোধ জনাইছো যিবোৰ ঐতিহাসিকভাৱে   কাৰ্যকৰী প্ৰমাণিত হৈছে।"

প্ৰতিবেদনত লগতে কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে ধনীসকলৰ তুলনাত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত অধিক কৰ আৰোপ কৰিছে। ২০২১-২২ বৰ্ষত জনসংখ্যাৰ ৫০% লোকৰ পৰা মুঠ ১৪.৮৩ লাখ কোটি টকা জিএছটি বা প্ৰায় ৬৪% সংগ্ৰহ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু