--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএজন-দুজন নহয়, ৭০ কোটি ভাৰতীয়ৰ যি পৰিমাণত সম্পত্তি আছে তাতোকৈ বহু বেছি সম্পত্তি আছে মাত্ৰ ২১ গৰাকী ধনী ব্যক্তিৰ হাতত৷ শেহতীয়াকৈ অক্সফাম ইণ্ডিয়াৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে ৷ প্ৰতিবেদন খনত প্ৰকাশ পোৱা মতে আটাইতকৈ ধনী ২১  জন ভাৰতীয় বিলিয়নেয়াৰৰ সম্পত্তিৰ পৰিমাণ ৭০ কোটি ভাৰতীয়তকৈ বেছি৷ 

তেনে ২১ জন ধন কুবেৰকলৈয়েই এতিয়া চৰকাৰে গৌৰৱ কৰে, বাকী ৭০ কোটি জনতা ক’ৰবাতেই পৰি ৰয়৷ ভালৰো ভাল ঠিকা-ঠুকলি, মাটি আবণ্টন আদিও সেই ২১ গৰাকী ধনকুবেৰৰ ভাগ্যতে মিলে৷  প্ৰতিবেদনখনত  কোৱা হৈছে যে যোৱা বছৰৰ নৱেম্বৰ মাহলৈকে কৰোনা মহামাৰীৰ আৰম্ভণিৰ পৰা ভাৰতত বিলিয়নেয়াৰসকলৰ  সম্পদ ১২১ শতাংশ  বা প্ৰকৃত ক্ষেত্ৰত প্ৰতিদিনে ৩,৬০৮ কোটি টকাকৈ  বৃদ্ধি পাইছে।

অক্সফাম ইণ্ডিয়াৰ প্ৰতিবেদন "চাৰ্ভাইভেল অফ দা ৰিচেষ্ট: দ্য ইণ্ডিয়া ষ্টৰী" অনুসৰি দেশৰ  ১ শতাংশ লোকৰ হাতত আছে দেশৰ ৪০শতাংশ সম্পত্তি৷ দেশৰ ৫০শতাংশ লোকৰ হাতত আছে মাত্ৰ ৩ শতাংশ সম্পত্তি৷ ভাৰতৰ ১০০জন লোকৰ হাতত আছে ৬৬০আৰৱ ডলাৰ ৷ভাৰতৰ ৭০ কোটি মানুহৰ হাতত থকা সম্পত্তিৰ সম পৰিমাণৰ সা- সম্পত্তিৰ অধিকাৰী হৈছে ২১জন ভাৰতীয় ধনী ব্যক্তি৷ 
প্ৰতিবেদনখনৰ বিষয়ে চুইজাৰলেণ্ডৰ দাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চত আলোচনা  কৰা হ'ব। প্ৰতিবেদনত কোৱা হৈছে যে ২০২০ চনত ভাৰতত মুঠ বিলিয়নেয়াৰৰ সংখ্যা আছিল ১০২৷ এই সংখ্যা ২০২২  চনত ১৬৬ লৈ বৃদ্ধি হৈছে।

প্ৰতিুবেদনত কোৱা হৈছে "ভাৰতৰ ১০০ জন ধনী ব্যক্তিৰ সম্মিলিত সম্পদৰ পৰিমাণ  ৬৬০ বিলিয়ন ডলাৰ (৫৪.১২ লাখ কোটি টকা)ৰ সমান হ’ব বুলিও প্ৰতিবেদনত কোৱা হৈছে৷সেই বিশাল ধনেৰে তেনে ধনী লোকসকলে সমগ্ৰ কেন্দ্ৰীয় বাজেটত  ১৮ মাহতকৈও অধিক সময়ৰ বাবে পুঁজি যোগান ধৰিব পাৰে।"
পৰৱৰ্তী বিশ্লেষণে দেখুৱাইছে যে যদি ভাৰতৰ বিলিয়নেয়াৰসকলক তেওঁলোকৰ সমগ্ৰ সম্পদৰ ওপৰত ২ শতাংশ  হাৰত এবাৰ কৰ আৰোপ কৰা হয় তেন্তে সেই ধনেৰে  পৰৱৰ্তী তিনি বছৰৰ বাবে দেশৰ অপুষ্টিত ভোগা লোকসকলক খাদ্য যোগান ধৰাৰ বাবে ৪০,৪২৩ কোটি টকাৰ চাহিদা পূৰণ কৰিব পৰা যাব৷  ইয়াৰ পৰিপ্ৰেক্ষিততে অক্সফাম ইণ্ডিয়াই কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক আগন্তুক কেন্দ্ৰীয় বাজেটত "প্ৰগতিশীল কৰ ব্যৱস্থা" কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে।

প্ৰতিবেদন খনত লগতে কোৱা হৈছে "দৰিদ্ৰ সকলে ধনী লোকতকৈ অধিক কৰ পৰিশোধ কৰিছে, অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাৰ ওপৰত অধিক ব্যয় কৰে। ধনী সকলকো কৰ জাপি  দিয়াৰ  আৰু তেওঁলোকে তেওঁলোকৰ ন্যায্য অংশ পৰিশোধ কৰাটো নিশ্চিত কৰাৰ সময় আহি পৰিছে। আমি বিত্ত মন্ত্ৰীক সম্পদ কৰ আৰু উত্তৰাধিকাৰী কৰৰ দৰে প্ৰগতিশীল কৰ ব্যৱস্থা ৰূপায়ণ কৰিবলৈ অনুৰোধ জনাইছো যিবোৰ ঐতিহাসিকভাৱে   কাৰ্যকৰী প্ৰমাণিত হৈছে।"

প্ৰতিবেদনত লগতে কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে ধনীসকলৰ তুলনাত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ওপৰত অধিক কৰ আৰোপ কৰিছে। ২০২১-২২ বৰ্ষত জনসংখ্যাৰ ৫০% লোকৰ পৰা মুঠ ১৪.৮৩ লাখ কোটি টকা জিএছটি বা প্ৰায় ৬৪% সংগ্ৰহ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক