--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰি বছৰ আগতে  ছ’চিয়েল মিডিয়াত নিশাটোৰ ভিতৰতে বিয়পি পৰিল এটা ভিডিঅ’। দক্ষিণৰ এখন ছবিৰ গীতৰ দৃশ্যটোৰ এটা অংশ ছ’চিয়েল মিডিয়াত ‘ক্লিপ’ৰ ৰূপত প্ৰচাৰ হৈছিল। গীতটোৰ দৃশ্যত নায়িকাগৰাকীয়ে চকুৰ ইংগিত দিয়া দেখা গৈছিল। চকু টিপ মৰাৰ পাছত তেওঁ নায়কজনক চুমা এটা দলিয়াই দিলে। তেতিয়াৰ পৰাই প্ৰিয়া প্ৰকাশ বেৰিয়াৰ ‘উইংক গাৰ্ল’ হিচাপে পৰিচিত হৈ পৰে।

অভিনেত্ৰী হিচাপে জনপ্ৰিয় হোৱাতকৈ ছ’চিয়েল মিডিয়াৰ পৰা অধিক স্বীকৃতি লাভ কৰিছিল প্ৰিয়াই। যদিও তেওঁ মুষ্টিমেয় ছবিত অভিনয় কৰিছে, তথাপিও তেওঁৰ অনুৰাগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইতিমধ্যে ইনষ্টাগ্ৰামত প্ৰিয়াৰ অনুৰাগীৰ সংখ্যাই ৭৬ লাখৰ সীমা অতিক্ৰম কৰিছে।

শেহতীয়াকৈ নীলা সাগৰৰ ঢৌৰ মাজত হালধীয়া বিকিনি পৰিধান কৰি প্ৰিয়াই ইনষ্টাগ্ৰামত এখন ছবি পোষ্ট কৰে। তেতিয়াৰ পৰাই নেটিজেনৰ মাজত ধুমুহাৰ সৃষ্টি হৈছে। প্ৰিয়াক কেন্দ্ৰ কৰি আৰম্ভ হৈছে আলোচনা।

প্ৰিয়াই বিকিনি পিন্ধি ফটো তোলা ঠাইখনো অতি বিখ্যাত। থাইলেণ্ডৰ ফুকেটৰ এখন বিখ্যাত ঠাই। কিন্তু ‘উইংক গাৰ্ল’ এখন ছবিৰ শ্বুটিঙৰ বাবে থাইলেণ্ডলৈ গৈছেনে?

কিন্তু প্ৰিয়াই নিজেই নেটিজেনৰ কৌতুহল অতিক্ৰম কৰিছে। তেওঁ থাইলেণ্ডত কোনো ছবিৰ শ্বুটিং কৰিবলৈ যোৱা নাছিল। প্ৰেমিকাৰ সৈতে ছুটী কটাবলৈ থাইলেণ্ড ভ্ৰমণলৈ গৈছিল। প্ৰিয়াই ভ্ৰমণৰ বিভিন্ন মুহূৰ্তৰ ছবি আৰু ভিডিঅ’ও শ্বেয়াৰ কৰে।
 
উল্লেখ্য যে চলিত বৰ্ষৰ জুলাই মাহত মুক্তি পালে তেলেগু ভাষাৰ ছবি ‘ব্ৰ’। প্ৰিয়াকো এই ছবিখনত অভিনয় কৰা দেখা গৈছিল। প্ৰিয়াক ‘লাভ হেকাৰছ’ নামৰ এখন হিন্দী ছবিতো দেখা যাব। মায়ংক প্ৰকাশ শ্ৰীবাস্তৱৰ পৰিচালনা আৰু প্ৰযোজনা কৰা এই ছবিখনৰ আংশিক দৃশ্যগ্ৰহণ ৰাছিয়াত কৰা হৈছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ