--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাৰি বছৰ আগতে  ছ’চিয়েল মিডিয়াত নিশাটোৰ ভিতৰতে বিয়পি পৰিল এটা ভিডিঅ’। দক্ষিণৰ এখন ছবিৰ গীতৰ দৃশ্যটোৰ এটা অংশ ছ’চিয়েল মিডিয়াত ‘ক্লিপ’ৰ ৰূপত প্ৰচাৰ হৈছিল। গীতটোৰ দৃশ্যত নায়িকাগৰাকীয়ে চকুৰ ইংগিত দিয়া দেখা গৈছিল। চকু টিপ মৰাৰ পাছত তেওঁ নায়কজনক চুমা এটা দলিয়াই দিলে। তেতিয়াৰ পৰাই প্ৰিয়া প্ৰকাশ বেৰিয়াৰ ‘উইংক গাৰ্ল’ হিচাপে পৰিচিত হৈ পৰে।

অভিনেত্ৰী হিচাপে জনপ্ৰিয় হোৱাতকৈ ছ’চিয়েল মিডিয়াৰ পৰা অধিক স্বীকৃতি লাভ কৰিছিল প্ৰিয়াই। যদিও তেওঁ মুষ্টিমেয় ছবিত অভিনয় কৰিছে, তথাপিও তেওঁৰ অনুৰাগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইতিমধ্যে ইনষ্টাগ্ৰামত প্ৰিয়াৰ অনুৰাগীৰ সংখ্যাই ৭৬ লাখৰ সীমা অতিক্ৰম কৰিছে।

শেহতীয়াকৈ নীলা সাগৰৰ ঢৌৰ মাজত হালধীয়া বিকিনি পৰিধান কৰি প্ৰিয়াই ইনষ্টাগ্ৰামত এখন ছবি পোষ্ট কৰে। তেতিয়াৰ পৰাই নেটিজেনৰ মাজত ধুমুহাৰ সৃষ্টি হৈছে। প্ৰিয়াক কেন্দ্ৰ কৰি আৰম্ভ হৈছে আলোচনা।

প্ৰিয়াই বিকিনি পিন্ধি ফটো তোলা ঠাইখনো অতি বিখ্যাত। থাইলেণ্ডৰ ফুকেটৰ এখন বিখ্যাত ঠাই। কিন্তু ‘উইংক গাৰ্ল’ এখন ছবিৰ শ্বুটিঙৰ বাবে থাইলেণ্ডলৈ গৈছেনে?

কিন্তু প্ৰিয়াই নিজেই নেটিজেনৰ কৌতুহল অতিক্ৰম কৰিছে। তেওঁ থাইলেণ্ডত কোনো ছবিৰ শ্বুটিং কৰিবলৈ যোৱা নাছিল। প্ৰেমিকাৰ সৈতে ছুটী কটাবলৈ থাইলেণ্ড ভ্ৰমণলৈ গৈছিল। প্ৰিয়াই ভ্ৰমণৰ বিভিন্ন মুহূৰ্তৰ ছবি আৰু ভিডিঅ’ও শ্বেয়াৰ কৰে।
 
উল্লেখ্য যে চলিত বৰ্ষৰ জুলাই মাহত মুক্তি পালে তেলেগু ভাষাৰ ছবি ‘ব্ৰ’। প্ৰিয়াকো এই ছবিখনত অভিনয় কৰা দেখা গৈছিল। প্ৰিয়াক ‘লাভ হেকাৰছ’ নামৰ এখন হিন্দী ছবিতো দেখা যাব। মায়ংক প্ৰকাশ শ্ৰীবাস্তৱৰ পৰিচালনা আৰু প্ৰযোজনা কৰা এই ছবিখনৰ আংশিক দৃশ্যগ্ৰহণ ৰাছিয়াত কৰা হৈছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?