--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত উৰ্মিলা মাতণ্ডকাৰে আজি উদযাপন ৪৯ সংখ্যক জন্মদিন। অভিনেত্ৰীগৰাকীয়ে নিজৰ অভিনয়, সৌন্দৰ্য্য আৰু নৃত্যৰ দ্বাৰা লাখ লাখ হৃদয়ত সুকীয়া আসন গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। উৰ্মিলাই বহু হিট ছবি উপহাৰ দিছে। ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে তেলেগু, তামিল, মালয়ালম আৰু মাৰাঠী ছবিত কাম কৰিও নিজৰ স্থান গজগজীয়া কৰিছে। এগৰাকী ছবি পৰিচালক উৰ্মিলা মাতণ্ডকাৰক লৈ পাগল আছিল, যি কথাই সেই সময়ত বহু চৰ্চা লাভ কৰিছিল। 

১৯৭৪ চনৰ ৪ ফেব্ৰুৱাৰীত মুম্বাইৰ এটা মহাৰাষ্ট্ৰীয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল বলীউডত ‘ৰংগীলা গাৰ্ল’ নামেৰে বিখ্যাত উৰ্মিলা মাতণ্ডকাৰে। ‘কলয়ুগ’ ছবিৰ জৰিয়তে তেওঁ শিশুশিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৯৫ চনত মুক্তি পোৱা ‘ৰংগীলা’ আছিল তেওঁৰ কেৰিয়াৰৰ টাৰ্নিং পইণ্ট। বৰ্তমান অভিনেত্ৰীগৰাকী পৰ্দাৰ পৰা আঁতৰত ৰাজনীতিত সক্ৰিয় হৈ আছে। গতিকে ৪৯ সংখ্যক জন্মদিনত অভিনেত্ৰীগৰাকীৰ সৈতে জড়িত কিছু কথা জানো আহক।

লাখ লাখ মানুহ উৰ্মিলা মাতণ্ডকাৰৰ সৌন্দৰ্য্যক লৈ পাগল হৈ পৰিছিল, এই কাৰণেই তেওঁ পেছাদাৰী জীৱনতকৈ প্ৰেম জীৱনৰ বাবে বেছি শিৰোনামত আছিল। তেওঁৰ অনুৰাগীসকলৰ ভিতৰত কেৱল পুৰুষ অভিনেতাই নাছিল, ইয়াৰ মাজত পৰিচালকসকলো অন্তৰ্ভুক্ত আছিল। ইয়াৰে এজন হৈছে ৰংগীলা ছবিৰ পৰিচালক ৰাম গোপাল বাৰ্মা। ৯০ৰ দশকত তেওঁলোকৰ প্ৰেমৰ বিষয়ে বহু আলোচনা হৈছিল। কিন্তু, ৰাম গোপাল বাৰ্মা ইতিমধ্যে বিবাহিত আছিল। 

কিন্তু দুয়োৰে প্ৰেমৰ প্ৰভাৱ ৰাম গোপাল বাৰ্মাৰ বৈবাহিক জীৱনতো পৰিছিল। উৰ্মিলা আৰু ৰামুৰ এই প্ৰেমৰ খবৰ অধিক তীব্ৰতৰ হৈ পৰে যেতিয়া ৰামুৱে তেওঁৰ এখন ছবিৰ পৰা মাধুৰী দীক্ষিতক আঁতৰাই তেওঁৰ ঠাইত উৰ্মিলাক ছাইন কৰোৱায় কৰে। ৰামুৰ প্ৰায়বোৰ ছবিতে হিৰোইন হৈ পৰিল উৰ্মিলা। অভিনেত্ৰীগৰাকীৰ প্ৰতি ৰাম গোপাল বাৰ্মাৰ উন্মাদনা সমগ্ৰ বিশ্বতে দেখা গ’ল। লাহে লাহে এই খবৰ পৰিচালকগৰাকীৰ পত্নী ৰত্নাৰ কাণত পৰিলেগৈ। 

জানিব পৰা মতে ৰাম গোপালৰ পত্নীয়ে যেতিয়া তেওঁলোকৰ প্ৰেমৰ কথা গম পালে, তেতিয়া তেওঁ উৰ্মিলাৰ জীৱনত বহুত হুলস্থুলৰ সৃষ্টি কৰিছিল। আনকি ৰাম গোপালৰ পত্নীয়ে দুয়োকে চেটত একেলগে দেখি উৰ্মিলাক প্ৰচণ্ড চৰ মাৰিছিল। সেই ঘটনাৰ পাছতেই ৰাম গোপালে পত্নীক ডিভোৰ্চ দিয়ে আৰু উৰ্মিলাৰ লগতো সম্পৰ্ক ছেদ কৰে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰাম গোপাল বাৰ্মা উৰ্মিলা মাতণ্ডকাৰৰ প্ৰতি ইমানেই উন্মাদ প্ৰেমত পৰিছিল যে আনকি তেওঁ নিজৰ মুম্বাইৰ কাৰ্যালয়ত উৰ্মিলাৰ নামেৰে এটা কোঠাও বনাইছিল। যাৰ দেৱালত উৰ্মিলাৰ ছবিৰে ভৰি আছিল।

ইয়াৰ পাছত লাহে লাহে উৰ্মিলাৰ লগত বলীউডৰ দূ্ৰত্ব বাঢ়ি গ'ল। কাৰণ ৰাম গোপালৰ নায়িকা হৈ থাকোতে উৰ্মিলাই প্ৰায়বোৰ পৰিচালকৰ ছবিৰ প্ৰস্তাৱ নাকচ কৰিছিল। পাছত ৰাম গোপালৰ লগত সম্পৰ্ক ভংগ হোৱাৰ পাছতো অন্য পৰিচালকসকলে উৰ্মিলাক নিবিচাৰা হ'ল। এক অৰ্থত ৰাম গোপাল বাৰ্মাৰ বাবেই উৰ্মিলাৰ কেৰিয়াৰৰ উত্থানো ঘটিছিল আৰু ৰাম গোপাল বাৰ্মাৰ বাবেই পতনো ঘটিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক