--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত উৰ্মিলা মাতণ্ডকাৰে আজি উদযাপন ৪৯ সংখ্যক জন্মদিন। অভিনেত্ৰীগৰাকীয়ে নিজৰ অভিনয়, সৌন্দৰ্য্য আৰু নৃত্যৰ দ্বাৰা লাখ লাখ হৃদয়ত সুকীয়া আসন গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। উৰ্মিলাই বহু হিট ছবি উপহাৰ দিছে। ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে তেলেগু, তামিল, মালয়ালম আৰু মাৰাঠী ছবিত কাম কৰিও নিজৰ স্থান গজগজীয়া কৰিছে। এগৰাকী ছবি পৰিচালক উৰ্মিলা মাতণ্ডকাৰক লৈ পাগল আছিল, যি কথাই সেই সময়ত বহু চৰ্চা লাভ কৰিছিল। 

১৯৭৪ চনৰ ৪ ফেব্ৰুৱাৰীত মুম্বাইৰ এটা মহাৰাষ্ট্ৰীয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল বলীউডত ‘ৰংগীলা গাৰ্ল’ নামেৰে বিখ্যাত উৰ্মিলা মাতণ্ডকাৰে। ‘কলয়ুগ’ ছবিৰ জৰিয়তে তেওঁ শিশুশিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৯৫ চনত মুক্তি পোৱা ‘ৰংগীলা’ আছিল তেওঁৰ কেৰিয়াৰৰ টাৰ্নিং পইণ্ট। বৰ্তমান অভিনেত্ৰীগৰাকী পৰ্দাৰ পৰা আঁতৰত ৰাজনীতিত সক্ৰিয় হৈ আছে। গতিকে ৪৯ সংখ্যক জন্মদিনত অভিনেত্ৰীগৰাকীৰ সৈতে জড়িত কিছু কথা জানো আহক।

লাখ লাখ মানুহ উৰ্মিলা মাতণ্ডকাৰৰ সৌন্দৰ্য্যক লৈ পাগল হৈ পৰিছিল, এই কাৰণেই তেওঁ পেছাদাৰী জীৱনতকৈ প্ৰেম জীৱনৰ বাবে বেছি শিৰোনামত আছিল। তেওঁৰ অনুৰাগীসকলৰ ভিতৰত কেৱল পুৰুষ অভিনেতাই নাছিল, ইয়াৰ মাজত পৰিচালকসকলো অন্তৰ্ভুক্ত আছিল। ইয়াৰে এজন হৈছে ৰংগীলা ছবিৰ পৰিচালক ৰাম গোপাল বাৰ্মা। ৯০ৰ দশকত তেওঁলোকৰ প্ৰেমৰ বিষয়ে বহু আলোচনা হৈছিল। কিন্তু, ৰাম গোপাল বাৰ্মা ইতিমধ্যে বিবাহিত আছিল। 

কিন্তু দুয়োৰে প্ৰেমৰ প্ৰভাৱ ৰাম গোপাল বাৰ্মাৰ বৈবাহিক জীৱনতো পৰিছিল। উৰ্মিলা আৰু ৰামুৰ এই প্ৰেমৰ খবৰ অধিক তীব্ৰতৰ হৈ পৰে যেতিয়া ৰামুৱে তেওঁৰ এখন ছবিৰ পৰা মাধুৰী দীক্ষিতক আঁতৰাই তেওঁৰ ঠাইত উৰ্মিলাক ছাইন কৰোৱায় কৰে। ৰামুৰ প্ৰায়বোৰ ছবিতে হিৰোইন হৈ পৰিল উৰ্মিলা। অভিনেত্ৰীগৰাকীৰ প্ৰতি ৰাম গোপাল বাৰ্মাৰ উন্মাদনা সমগ্ৰ বিশ্বতে দেখা গ’ল। লাহে লাহে এই খবৰ পৰিচালকগৰাকীৰ পত্নী ৰত্নাৰ কাণত পৰিলেগৈ। 

জানিব পৰা মতে ৰাম গোপালৰ পত্নীয়ে যেতিয়া তেওঁলোকৰ প্ৰেমৰ কথা গম পালে, তেতিয়া তেওঁ উৰ্মিলাৰ জীৱনত বহুত হুলস্থুলৰ সৃষ্টি কৰিছিল। আনকি ৰাম গোপালৰ পত্নীয়ে দুয়োকে চেটত একেলগে দেখি উৰ্মিলাক প্ৰচণ্ড চৰ মাৰিছিল। সেই ঘটনাৰ পাছতেই ৰাম গোপালে পত্নীক ডিভোৰ্চ দিয়ে আৰু উৰ্মিলাৰ লগতো সম্পৰ্ক ছেদ কৰে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ৰাম গোপাল বাৰ্মা উৰ্মিলা মাতণ্ডকাৰৰ প্ৰতি ইমানেই উন্মাদ প্ৰেমত পৰিছিল যে আনকি তেওঁ নিজৰ মুম্বাইৰ কাৰ্যালয়ত উৰ্মিলাৰ নামেৰে এটা কোঠাও বনাইছিল। যাৰ দেৱালত উৰ্মিলাৰ ছবিৰে ভৰি আছিল।

ইয়াৰ পাছত লাহে লাহে উৰ্মিলাৰ লগত বলীউডৰ দূ্ৰত্ব বাঢ়ি গ'ল। কাৰণ ৰাম গোপালৰ নায়িকা হৈ থাকোতে উৰ্মিলাই প্ৰায়বোৰ পৰিচালকৰ ছবিৰ প্ৰস্তাৱ নাকচ কৰিছিল। পাছত ৰাম গোপালৰ লগত সম্পৰ্ক ভংগ হোৱাৰ পাছতো অন্য পৰিচালকসকলে উৰ্মিলাক নিবিচাৰা হ'ল। এক অৰ্থত ৰাম গোপাল বাৰ্মাৰ বাবেই উৰ্মিলাৰ কেৰিয়াৰৰ উত্থানো ঘটিছিল আৰু ৰাম গোপাল বাৰ্মাৰ বাবেই পতনো ঘটিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু