--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সভ্যতা-সংস্কৃতিৰ দোহাই দিয়া বিজেপি দলত প্ৰকৃততে চলিছে কি?জ্যেষ্ঠৰ আশিসেৰে প্ৰধানমন্ত্ৰী হোৱা মোদীৰ দলত আজি উপেক্ষিত অসম ভাজপাৰ বীজ ৰোপণকৰ্তা তথা বৰ্ষীয়ান নেতা ৰাজেন গোহাঁই৷শেহতীয়াকৈ বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ পাছত অধুনালুপ্ত পূব-গুৱাহাটী সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুকলিকৈ পুৰণি আৰু নতুন বিজেপিৰ সংঘাতৰ কথা স্পষ্ট কৰিছিল ৷এই ঘটনাৰ পৰৱৰ্তী সময়ত ৰাজ্যিক বিজেপিত চাৰি দশকতকৈ অধিক সময়  থকা নেতা ৰাজেন গোহাঁই একাংশ গেৰুৱাবসনধাৰী ন-বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷এই ক্ষেত্ৰত বিষেদাগাৰ প্ৰকাশ কৰিবলৈ গৈ ৰাজেন গোঁহাই-এ অসম চৰকাৰৰ কেবিনেট মৰ্যাদা ত্যাগ কৰে৷

ৰাজেন গোহাঁইৰ বিজেপিৰ দলটোৰ ভিতৰচৰাত চলি থকা ৰাজনৈতিক দ্বন্দ্বৰ কথা উল্লেখ কৰোঁতে স্বয়ং অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিছু মন্তব্য কৰে৷এই কথাৰেই প্ৰত্যুত্তৰ দিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাৰ বুকুৰ আপোন মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৰাজেন গোহাঁইক ৰাজনীতিৰ পৰা অৱসৰ লৈ নাতি-নাতিনীৰ লগত খেলাৰ পৰামৰ্শ দিয়াৰ লগতে ভৱিষ্যতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কঠোৰ শব্দ প্ৰয়োগ নকৰিবলৈ পৰোক্ষভাৱে সকিয়াই দিয়ে৷যাৰ পাছত খঙত অগ্নিশৰ্মা হৈ পৰে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই৷

তদুপৰি ২০১৯ চনত নগাঁও লোকসভা সমষ্টিৰ টিকটৰ পৰা বঞ্চিত ৰাজেন গোহাঁই-এ এই সমষ্টিটো ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত হেৰুৱাইছে৷যাক লৈ অসন্তুষ্ট ৰাজেন গোহাঁই৷এই সমগ্ৰ বিষয়সমূহ আলোচনাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ অনুৰোধক্ৰমে ৰাজেন গোহাঁই অমিত শ্বাহক সাক্ষাতৰ বাবে দেওবাৰে দিল্লীলৈ যায়৷অমিত শ্বাহে সোমবাৰে ৰাজেন গোহাঁইৰ সৈতে সাক্ষাতৰ সময় ধাৰ্য কৰিছিল যদিও  সোমবাৰে অমিত শ্বাহ আলিগড়লৈ যায়৷

দিল্লীত এতিয়াও গৃহমন্ত্ৰীক সাক্ষাতৰ বাবে অপেক্ষাৰত বৰ্ষীয়ান ৰাজনীতিবিদজন৷ন-পুৰণিৰ সংঘাতে প্ৰত্যাহ্বান কঢ়িয়াই অনাৰ মাজতে ৰাজেন গোহাঁইক দিল্লীত অমিত শ্বাহে আমন্ত্ৰণ জনাই সাক্ষাৎ নকৰাটো ৰাজনৈতিক ভুল হিচাপে প্ৰতিষ্ঠা হ’ব নেকি তাক লৈ ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে৷কাৰণ একেধৰণৰ ভুল বিজেপিয়ে পূৰ্বতে কৰ্ণাটক আৰু উত্তৰাখণ্ডত দোহাৰি থৈছে৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক