--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সভ্যতা-সংস্কৃতিৰ দোহাই দিয়া বিজেপি দলত প্ৰকৃততে চলিছে কি?জ্যেষ্ঠৰ আশিসেৰে প্ৰধানমন্ত্ৰী হোৱা মোদীৰ দলত আজি উপেক্ষিত অসম ভাজপাৰ বীজ ৰোপণকৰ্তা তথা বৰ্ষীয়ান নেতা ৰাজেন গোহাঁই৷শেহতীয়াকৈ বিজেপি নেত্ৰী ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ পাছত অধুনালুপ্ত পূব-গুৱাহাটী সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুকলিকৈ পুৰণি আৰু নতুন বিজেপিৰ সংঘাতৰ কথা স্পষ্ট কৰিছিল ৷এই ঘটনাৰ পৰৱৰ্তী সময়ত ৰাজ্যিক বিজেপিত চাৰি দশকতকৈ অধিক সময়  থকা নেতা ৰাজেন গোহাঁই একাংশ গেৰুৱাবসনধাৰী ন-বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷এই ক্ষেত্ৰত বিষেদাগাৰ প্ৰকাশ কৰিবলৈ গৈ ৰাজেন গোঁহাই-এ অসম চৰকাৰৰ কেবিনেট মৰ্যাদা ত্যাগ কৰে৷

ৰাজেন গোহাঁইৰ বিজেপিৰ দলটোৰ ভিতৰচৰাত চলি থকা ৰাজনৈতিক দ্বন্দ্বৰ কথা উল্লেখ কৰোঁতে স্বয়ং অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিছু মন্তব্য কৰে৷এই কথাৰেই প্ৰত্যুত্তৰ দিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাৰ বুকুৰ আপোন মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৰাজেন গোহাঁইক ৰাজনীতিৰ পৰা অৱসৰ লৈ নাতি-নাতিনীৰ লগত খেলাৰ পৰামৰ্শ দিয়াৰ লগতে ভৱিষ্যতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কঠোৰ শব্দ প্ৰয়োগ নকৰিবলৈ পৰোক্ষভাৱে সকিয়াই দিয়ে৷যাৰ পাছত খঙত অগ্নিশৰ্মা হৈ পৰে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই৷

তদুপৰি ২০১৯ চনত নগাঁও লোকসভা সমষ্টিৰ টিকটৰ পৰা বঞ্চিত ৰাজেন গোহাঁই-এ এই সমষ্টিটো ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত হেৰুৱাইছে৷যাক লৈ অসন্তুষ্ট ৰাজেন গোহাঁই৷এই সমগ্ৰ বিষয়সমূহ আলোচনাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ অনুৰোধক্ৰমে ৰাজেন গোহাঁই অমিত শ্বাহক সাক্ষাতৰ বাবে দেওবাৰে দিল্লীলৈ যায়৷অমিত শ্বাহে সোমবাৰে ৰাজেন গোহাঁইৰ সৈতে সাক্ষাতৰ সময় ধাৰ্য কৰিছিল যদিও  সোমবাৰে অমিত শ্বাহ আলিগড়লৈ যায়৷

দিল্লীত এতিয়াও গৃহমন্ত্ৰীক সাক্ষাতৰ বাবে অপেক্ষাৰত বৰ্ষীয়ান ৰাজনীতিবিদজন৷ন-পুৰণিৰ সংঘাতে প্ৰত্যাহ্বান কঢ়িয়াই অনাৰ মাজতে ৰাজেন গোহাঁইক দিল্লীত অমিত শ্বাহে আমন্ত্ৰণ জনাই সাক্ষাৎ নকৰাটো ৰাজনৈতিক ভুল হিচাপে প্ৰতিষ্ঠা হ’ব নেকি তাক লৈ ইতিমধ্যে ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে৷কাৰণ একেধৰণৰ ভুল বিজেপিয়ে পূৰ্বতে কৰ্ণাটক আৰু উত্তৰাখণ্ডত দোহাৰি থৈছে৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু