--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৰণি পেন্সন নীতি চমুকৈ অ' পি এছ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত কৰ্মচাৰীসকলে চলোৱা দুদিনীয়া কৰ্মবিৰতিৰ প্ৰতি অসম জাতীয় পৰিষদে পূৰ্ণ সমৰ্থন আগবঢ়াইছে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজু ফুকনে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে অ' পি  এছ ব্যৱস্থা কৰ্মচাৰীসকলৰ ন্যায্য দাবী৷ ২০০৪ চনত তেতিয়াৰ বাজপেয়ী চৰকাৰে প্ৰৱৰ্তন কৰা এই ব্যৱস্থাই কৰ্মচাৰীসকলৰ আৰ্থিক নিৰাপত্তা নাইকীয়া কৰিছে৷ জীৱনজোৰা সেৱা আগবঢ়োৱাৰ পিছত বৃদ্ধ বয়সত কৰ্মচাৰীসকলে আৰ্থিক নিৰাপত্তা লাভ কৰাটো তেওঁলোকৰ অধিকাৰ৷ এন পি এছ ব্যৱস্থা অব্যাহত ৰখাৰ জৰিয়তে চৰকাৰে কৰ্মচাৰীসকলক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে৷ 

সংবাদ মাধ্যমলৈ আগবঢ়োৱা প্ৰেছ বিজ্ঞপ্তিত জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে এন পি এছ ব্যৱস্থা প্ৰৱৰ্তনেৰে তেতিয়াৰ এন ডি এ চৰকাৰে কৰ্মচাৰীসকলৰ প্ৰতি থকা চৰকাৰী দায়বদ্ধতা হ্ৰাস কৰিছিল৷ অথচ ভাৰতৰ দৰে কল্যাণকামী ৰাষ্ট্ৰত প্ৰতিগৰাকী নাগৰিকৰ প্ৰতি চৰকাৰ সৰ্বাধিক পৰিমাণে দায়বদ্ধ৷ এন ডি এ চৰকাৰে ইয়াৰ কৰ্পোৰেট-নিৰ্ভৰ নীতিৰ অংশ স্বৰূপে এন পি এছ ব্যৱস্থা প্ৰৱৰ্তন কৰোতে দেশবাসীয়ে ইয়াৰ প্ৰতিকুল পৰিণতিৰ সম্ভাৱনাক ঠাৱৰ কৰিব পৰা নাছিল৷ কিন্তু পিছলৈ বিজেপি দলে শাসন কৰা ৰাজ্য সমূহত চৰকাৰী কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰাৰ নীতি গ্ৰহণ কৰালৈ চাই এয়া যে এন ডি এ বা বিজেপিৰ ব্যক্তিগতকৰণৰ কৰ্পোৰেট নীতিক উৎসাহিত কৰাৰ এটা পৰিকল্পিত কৌশল আছিল, সেয়া এতিয়াহে লাহে লাহে স্পষ্ট হৈছে৷

মন কৰিবলগীয়া যে অসমত ৰাজ্য চৰকাৰে শেহতীয়াভাৱে চৰকাৰী চাকৰিৰ পদ কৰ্তনৰ পদক্ষেপ হাতত লৈছে৷ প্ৰকাশিত খবৰ অনুসৰি, ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত আৱন্টিত মুঠ পদৰ প্ৰায় ৫০ শতাংশ কৰ্তন কৰিব৷ জাতীয় পৰিষদৰ নেতাদ্বয়ৰ মতে, বিজেপিৰ উল্লিখিত কৰ্পোৰেট নীতিৰ অংশ স্বৰূপেই চৰকাৰে পদ কৰ্তনৰ নীতি লৈছে ৰাজ্য চৰকাৰে৷ চৰকাৰৰ এই পদক্ষেপটোও কৰ্মচাৰীৰ প্ৰতি দায়বদ্ধতা হ্ৰাসৰ এটা পদক্ষেপ৷ 


জাতীয় পৰিষদৰ নেতাদ্বয়ে লগতে কয়, "অসমত অৰুণোদয় আঁচনিয়েই হওক বা অন্য হিতাধিকাৰী আঁচনিয়ে হওক, সেইবোৰ ৰাষ্ট্ৰৰ কল্যাণকামী নীতিৰ অংশ স্বৰূপেই ৰূপায়ন কৰি অহা হৈছে বুলি চৰকাৰে দাবী কৰে৷ কিন্তু চৰকাৰী কৰ্মচাৰীক পেন্সন প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ উক্ত কল্যাণকামী নীতি ক'লৈ গ'ল৷ ৰাষ্ট্ৰৰ কল্যাণকামী নীতি সকলো নাগৰিকৰ প্ৰতি সমান হ'ব লাগিব৷"

গগৈ আৰু ফুকনে প্ৰেছ বিজ্ঞপ্তিটোত লগতে কয় যে অৰুণোদয় আঁচনি, ক্ষুদ্ৰ ঋণ ৰেহাই আঁচনি আদি হিতাধিকাৰী আঁচনিৰ আৰ্থিক বোজা যিহেতু ৰাজ্যৰ অৰ্থনীতিয়ে বহন কৰিবলৈ সক্ষম, একেদৰে অ' পি এছ ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ অতিৰিক্ত আৰ্থিক বোজা বহন কৰিবলৈয়ো ৰাজ্যৰ ৰাজকোষ সক্ষম৷ কেৱল এই কাম কৰিবলৈ চৰকাৰৰ আন্তৰিকতা লাগিব৷ 

অসমৰ লাখ লাখ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বৃদ্ধাৱস্থাৰ প্ৰয়োজন পূৰণৰ কৰাৰ স্বাৰ্থত ৰাষ্ট্ৰৰ কল্যাণকামী নীতি প্ৰয়োগ কৰাটো সময়ৰ আহ্বান বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই এই ক্ষেত্ৰত চৰকাৰী মানৱীয় দৃষ্টিভংগী গ্ৰহণেৰে অ' পি এছ ব্যৱস্থা প্ৰৱৰ্তনৰ কথা বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু