--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উপকূলীয় পৰ্যটনৰ প্ৰচাৰৰ বাবে কৰ্ণাটকত  নিৰ্মাণ কৰা হ’ব  দেশৰ প্ৰথম মেৰিনা ৷কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই দেশৰ প্ৰথমখন মেৰিনা নিৰ্মাণৰ কথা নিশ্চিত কৰিছে ৷ এই মেৰিনা উদুপী জিলাৰ বাইণ্ডুৰত নিৰ্মাণ কৰা হ'ব। কৰ্ণাটকৰ উপকূলীয় পৰ্যটনৰ প্ৰচাৰৰ বাবে প্ৰকল্পটো আৰম্ভ কৰা হৈছে। 

শেহতীয়াকৈ  পৰ্যটন বিভাগৰ অধীনত আয়োজিত 'চেভেন ৱাণ্ডাৰ্ছ অৱ কৰ্ণাটক' অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী বোম্মাই কয় যে গংগা, কাডাম্বা, ৰাষ্ট্ৰকূট, চালুক্য আৰু হয়ছালাৰ দৰে মহান ৰাজবংশৰ ইতিহাস পুৰাতত্ব বিভাগৰদ্বাৰা  সংৰক্ষণ  কৰা হ'ব আৰু ঐতিহাসিক পৰ্যটনৰ বিকাশ সাধন কৰা হ'ব। ই কেৱল পৰ্যটনৰ বিকাশেই নহয়, কৰ্ণাটকৰ সমৃদ্ধ ইতিহাস বুজাত মানুহক সহায় কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷ তেওঁ কয় " কৰ্ণাটকৰ উপকূলীয় পৰ্যটনৰ প্ৰচাৰৰ বাবে, দেশৰ প্ৰথম মেৰিনা উদুপী জিলাৰ বাইণ্ডুৰত নিৰ্মাণ কৰা হ'ব। 

উপকূলীয় নিয়ন্ত্ৰণ ক্ষেত্ৰৰ নিয়ম শিথিল কৰাৰ বাবে ভাৰত চৰকাৰৰ পৰা অনুমতি বিচৰাৰ পিছত উপকূলীয় অঞ্চলসমূহত সমুদ্ৰ তীৰৰ পৰ্যটন আৰু তীৰ্থযাত্ৰী পৰ্যটনৰ কাম আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে,"৷ মুখ্যমন্ত্ৰীৰ মতে চৰকাৰে বনৱাসীত মধুকেশ্বৰ আৰু গণগাপুৰৰ দত্তাত্ৰেয়ৰ দৰে প্ৰাচীন মন্দিৰৰ এটা কৰিডৰ নিৰ্মাণ তথা পৰ্যটনৰ প্ৰচাৰৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে৷ বেনাকাল অঞ্চলৰ বিকাশৰ বাবে ইতিমধ্যে  নিৰ্দেশনা দিয়া হৈছে। অঞ্জনাদ্ৰী বেট্টাৰ বিকাশ চলি আছে বুলিও তেওঁ কয়। স্বীকৃত পৰ্যটক গাইডসকলক মাহিলী ৫০০০ টকাৰ মাননি প্ৰদান  কৰাৰ বাবেও এক আঁচনি প্ৰস্তুত কৰা হৈছে । মুখ্যমন্ত্ৰী বোম্মাই পৰ্যটনক এক নতুন দিশ প্ৰদান কৰিবলৈ কৰ্ণাটকৰ সাতটা আশ্চৰ্য কাৰ্যসূচীলৈ সকলো সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

চৰকাৰে এনে উদ্যোগক ৰাজ্য খনৰ বাসিন্দাসকলে প্ৰশংসা কৰিছে৷ উল্লেখ্য কৰ্মাটকৰ প্ৰায় প্ৰতিখন গাওঁতে ঐতিহাসিক ধ্বংসাবশেষ আছে যাকলৈ  গৱেষণা কৰা প্ৰয়োজন। শ্ৰৱণবেলাগোলাত বাহুবলীৰ মূৰ্তিৰ ভাস্কৰ্যই সকলোকে আকৰ্ষণ কৰি আহিছে৷ একেদৰে  বিজয়পুৰাত গোল গুম্বাজৰ স্থাপত্য আৰু হুইচপাৰিং গেলেৰীয়েমানুহক স্তম্ভিত কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে কয় "আমি প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব লাগিব ইয়াক সুৰক্ষিত কৰিব লাগিব। কৰ্ণাটকৰ সাতটা আশ্চৰ্য বিচাৰি উলিওৱাৰ বাবে মই সুৱৰ্ণনিউজ আৰু কানাড়া প্ৰভুক অভিনন্দন জনাইছো," তেওঁ কয়। কৰ্ণাটকত   ৩৫০  কিলোমিটাৰ উপকূলীয় এলেকা আছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু