--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উপকূলীয় পৰ্যটনৰ প্ৰচাৰৰ বাবে কৰ্ণাটকত  নিৰ্মাণ কৰা হ’ব  দেশৰ প্ৰথম মেৰিনা ৷কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই দেশৰ প্ৰথমখন মেৰিনা নিৰ্মাণৰ কথা নিশ্চিত কৰিছে ৷ এই মেৰিনা উদুপী জিলাৰ বাইণ্ডুৰত নিৰ্মাণ কৰা হ'ব। কৰ্ণাটকৰ উপকূলীয় পৰ্যটনৰ প্ৰচাৰৰ বাবে প্ৰকল্পটো আৰম্ভ কৰা হৈছে। 

শেহতীয়াকৈ  পৰ্যটন বিভাগৰ অধীনত আয়োজিত 'চেভেন ৱাণ্ডাৰ্ছ অৱ কৰ্ণাটক' অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী বোম্মাই কয় যে গংগা, কাডাম্বা, ৰাষ্ট্ৰকূট, চালুক্য আৰু হয়ছালাৰ দৰে মহান ৰাজবংশৰ ইতিহাস পুৰাতত্ব বিভাগৰদ্বাৰা  সংৰক্ষণ  কৰা হ'ব আৰু ঐতিহাসিক পৰ্যটনৰ বিকাশ সাধন কৰা হ'ব। ই কেৱল পৰ্যটনৰ বিকাশেই নহয়, কৰ্ণাটকৰ সমৃদ্ধ ইতিহাস বুজাত মানুহক সহায় কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷ তেওঁ কয় " কৰ্ণাটকৰ উপকূলীয় পৰ্যটনৰ প্ৰচাৰৰ বাবে, দেশৰ প্ৰথম মেৰিনা উদুপী জিলাৰ বাইণ্ডুৰত নিৰ্মাণ কৰা হ'ব। 

উপকূলীয় নিয়ন্ত্ৰণ ক্ষেত্ৰৰ নিয়ম শিথিল কৰাৰ বাবে ভাৰত চৰকাৰৰ পৰা অনুমতি বিচৰাৰ পিছত উপকূলীয় অঞ্চলসমূহত সমুদ্ৰ তীৰৰ পৰ্যটন আৰু তীৰ্থযাত্ৰী পৰ্যটনৰ কাম আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে,"৷ মুখ্যমন্ত্ৰীৰ মতে চৰকাৰে বনৱাসীত মধুকেশ্বৰ আৰু গণগাপুৰৰ দত্তাত্ৰেয়ৰ দৰে প্ৰাচীন মন্দিৰৰ এটা কৰিডৰ নিৰ্মাণ তথা পৰ্যটনৰ প্ৰচাৰৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে৷ বেনাকাল অঞ্চলৰ বিকাশৰ বাবে ইতিমধ্যে  নিৰ্দেশনা দিয়া হৈছে। অঞ্জনাদ্ৰী বেট্টাৰ বিকাশ চলি আছে বুলিও তেওঁ কয়। স্বীকৃত পৰ্যটক গাইডসকলক মাহিলী ৫০০০ টকাৰ মাননি প্ৰদান  কৰাৰ বাবেও এক আঁচনি প্ৰস্তুত কৰা হৈছে । মুখ্যমন্ত্ৰী বোম্মাই পৰ্যটনক এক নতুন দিশ প্ৰদান কৰিবলৈ কৰ্ণাটকৰ সাতটা আশ্চৰ্য কাৰ্যসূচীলৈ সকলো সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

চৰকাৰে এনে উদ্যোগক ৰাজ্য খনৰ বাসিন্দাসকলে প্ৰশংসা কৰিছে৷ উল্লেখ্য কৰ্মাটকৰ প্ৰায় প্ৰতিখন গাওঁতে ঐতিহাসিক ধ্বংসাবশেষ আছে যাকলৈ  গৱেষণা কৰা প্ৰয়োজন। শ্ৰৱণবেলাগোলাত বাহুবলীৰ মূৰ্তিৰ ভাস্কৰ্যই সকলোকে আকৰ্ষণ কৰি আহিছে৷ একেদৰে  বিজয়পুৰাত গোল গুম্বাজৰ স্থাপত্য আৰু হুইচপাৰিং গেলেৰীয়েমানুহক স্তম্ভিত কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে কয় "আমি প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিব লাগিব ইয়াক সুৰক্ষিত কৰিব লাগিব। কৰ্ণাটকৰ সাতটা আশ্চৰ্য বিচাৰি উলিওৱাৰ বাবে মই সুৱৰ্ণনিউজ আৰু কানাড়া প্ৰভুক অভিনন্দন জনাইছো," তেওঁ কয়। কৰ্ণাটকত   ৩৫০  কিলোমিটাৰ উপকূলীয় এলেকা আছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইৰানৰ শান্তি প্ৰস্তাৱ প্রত্যাখ্যান ড’নাল্ড ট্রাম্পৰ
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই