--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  'লাভ জিহাদ', 'লেণ্ড জিহাদ'ৰ বিৰুদ্ধে নৱী মুম্বাইৰ ভাচীত হিন্দু জন আক্ৰোশ মৰ্চাৰ উদ্যোগত এক বিশাল  ৰেলী উলিওৱা  হয়৷ ৰেলীত অংশগ্ৰহণ কৰাসকলে  মুছলমান সম্প্ৰদায়ৰ লোকক অৰ্থনৈতিকভাবে  বৰ্জনৰ  আহ্বান জনায়।

'লাভ জিহাদ' আৰু 'লেণ্ড জিহাদ'ৰ প্ৰতিবাদত  হিন্দু সমাজে  বশীৰ ব্লু ডায়মণ্ড চকৰ পৰা আৰম্ভ কৰি নৱী মুম্বাইত এই পদযাত্ৰা অনুষ্ঠিত কৰে। যোৱা মাহত মুম্বাইত হিন্দু সমাজে আয়োজন কৰা এয়া  এনেধৰণৰ তৃতীয়টো প্ৰতিবাদ। গেৰুৱা পতাকা আৰু পোষ্টাৰৰহাতত লৈ প্ৰতিবাদকাৰীসকলে 'লাভ জিহাদ'ক গৰিহণা দি শ্লোগান দিয়ে৷  প্ৰতিবাদকাৰীসকলে বশীৰ ব্লু ডায়মণ্ড চকৰ পৰা শিৱাজী চকলৈ প্ৰায় ৩ কিলোমিটাৰ যাত্ৰা কৰে। সমদলটোত উপস্থিত থকা সকলৰ ভিতৰত আছিল বিধায়ক আৰু বিজেপি নেতা গণেশ নায়েক, বিজেপিৰ আন কৰ্মীসকলৰ লগতে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ দৰে হিন্দু সংগঠনৰ সদস্যসকল৷  

কাজল ছিংলা ওৰফে 'কাজল হিন্দুস্থানী'য়ে   'হিন্দু মানৱ অধিকাৰ'ৰ কাৰণে কাম কৰিন আহিছে৷ সমদলত কাজল  এজন মুখ্য বক্তা আছিল। হিন্দুস্থানীয়ে কয়, "নৱী মুম্বাইত ভূমি জিহাদ ইমানেই বেছি হৈ পৰিছে যে আজি ২৫ জন বাংলাদেশী মুছলমান লোকে  এটা কোঠাত বাস কৰে। তেওঁলোকে আমাৰ পাচলি আৰু ফলৰ বজাৰ অধিগ্ৰহণ কৰিছে ।  

মহাৰাষ্ট্ৰৰ লোকসকলে তেওঁলোকক অৰ্থনৈতিকভাৱে বৰ্জন কৰক।" তেওঁ লগতে কয় " আমি আমাৰ ঠাইবোৰ তেওঁলোকক ভাড়াত দিয়া বা বিক্ৰী কৰা উচিত নহয়। যদি আপোনাৰ ওচৰৰ কৰবাত  এনে হয়, তেন্তে ইয়াৰ প্ৰিবাদ কৰক৷ যিসকল লোক  মূৰ্তিৰ উপাসক নহয় তেওঁক  ফ্লেট ভাড়াত বা বিক্ৰী কৰিব নালাগে,"  নৱী মুম্বাই আৰক্ষীয়ে কৈছে যে তেওঁলোকে সমাৱেশটোৰ ভিডিঅ' গ্ৰাফী কৰিছে আৰু ভাষণসমূহৰ বিষয়বস্তু বিশ্লেষণ কৰি আছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ