--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  'লাভ জিহাদ', 'লেণ্ড জিহাদ'ৰ বিৰুদ্ধে নৱী মুম্বাইৰ ভাচীত হিন্দু জন আক্ৰোশ মৰ্চাৰ উদ্যোগত এক বিশাল  ৰেলী উলিওৱা  হয়৷ ৰেলীত অংশগ্ৰহণ কৰাসকলে  মুছলমান সম্প্ৰদায়ৰ লোকক অৰ্থনৈতিকভাবে  বৰ্জনৰ  আহ্বান জনায়।

'লাভ জিহাদ' আৰু 'লেণ্ড জিহাদ'ৰ প্ৰতিবাদত  হিন্দু সমাজে  বশীৰ ব্লু ডায়মণ্ড চকৰ পৰা আৰম্ভ কৰি নৱী মুম্বাইত এই পদযাত্ৰা অনুষ্ঠিত কৰে। যোৱা মাহত মুম্বাইত হিন্দু সমাজে আয়োজন কৰা এয়া  এনেধৰণৰ তৃতীয়টো প্ৰতিবাদ। গেৰুৱা পতাকা আৰু পোষ্টাৰৰহাতত লৈ প্ৰতিবাদকাৰীসকলে 'লাভ জিহাদ'ক গৰিহণা দি শ্লোগান দিয়ে৷  প্ৰতিবাদকাৰীসকলে বশীৰ ব্লু ডায়মণ্ড চকৰ পৰা শিৱাজী চকলৈ প্ৰায় ৩ কিলোমিটাৰ যাত্ৰা কৰে। সমদলটোত উপস্থিত থকা সকলৰ ভিতৰত আছিল বিধায়ক আৰু বিজেপি নেতা গণেশ নায়েক, বিজেপিৰ আন কৰ্মীসকলৰ লগতে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ দৰে হিন্দু সংগঠনৰ সদস্যসকল৷  

কাজল ছিংলা ওৰফে 'কাজল হিন্দুস্থানী'য়ে   'হিন্দু মানৱ অধিকাৰ'ৰ কাৰণে কাম কৰিন আহিছে৷ সমদলত কাজল  এজন মুখ্য বক্তা আছিল। হিন্দুস্থানীয়ে কয়, "নৱী মুম্বাইত ভূমি জিহাদ ইমানেই বেছি হৈ পৰিছে যে আজি ২৫ জন বাংলাদেশী মুছলমান লোকে  এটা কোঠাত বাস কৰে। তেওঁলোকে আমাৰ পাচলি আৰু ফলৰ বজাৰ অধিগ্ৰহণ কৰিছে ।  

মহাৰাষ্ট্ৰৰ লোকসকলে তেওঁলোকক অৰ্থনৈতিকভাৱে বৰ্জন কৰক।" তেওঁ লগতে কয় " আমি আমাৰ ঠাইবোৰ তেওঁলোকক ভাড়াত দিয়া বা বিক্ৰী কৰা উচিত নহয়। যদি আপোনাৰ ওচৰৰ কৰবাত  এনে হয়, তেন্তে ইয়াৰ প্ৰিবাদ কৰক৷ যিসকল লোক  মূৰ্তিৰ উপাসক নহয় তেওঁক  ফ্লেট ভাড়াত বা বিক্ৰী কৰিব নালাগে,"  নৱী মুম্বাই আৰক্ষীয়ে কৈছে যে তেওঁলোকে সমাৱেশটোৰ ভিডিঅ' গ্ৰাফী কৰিছে আৰু ভাষণসমূহৰ বিষয়বস্তু বিশ্লেষণ কৰি আছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু