--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰুটি বেলিছে বিল গেটছে আৰু প্ৰশংসা কৰিছে নৰেন্দ্ৰ মোদীয়ে। লগতে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপকলৈ মোডীৰ পৰামৰ্শ, "জোৱাৰ-বজৰা-ৰাগীৰে বহুতো সুন্দৰ খাদ্য সম্ভাৰ বনাব পাৰি। আপুনি চেষ্টা কৰিব পাৰে।''

কিন্তু ক’ত মোদীয়ে গেটছক এইদৰে প্ৰশংসা কৰিছে? আচলতে সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তাত বিশ্বৰ অন্যতম চহকী ব্যক্তি বিল গেটছক আটাৰ ৰুটি বেলি থকা দেখা গৈছিল। এই ভিডিঅ'টোৰ তলতে প্ৰশংসাসূচক মন্তব্য লিখি 'স্মাইলী ইমোজি' দিলে মোদীয়ে।

বিখ্যাত চেফ ইথান বাৰ্নাথে শেহতীয়াকৈ এটা ভিডিঅ’ টুইট কৰিছে। সেই ভিডিঅ’টোত গেটছ তেওঁৰ লগত আছে। ইয়াত চফটৱেৰ জগতখনৰ কিংবদন্তী বিল গেটছে আটাত পানী ঢালি ৰুটি বনোৱাৰ দৃশ্য দেখুওৱা হৈছে। সেই সময়ত  চেফ বাৰ্নাথে গেটছক সুধে- "আপুনি শেষবাৰৰ বাবে কেতিয়া ৰন্ধা-বঢ়া কৰিছিল, মনত আছেনে?" উত্তৰত গেটছে ক'লে, "যদি চুপক গৰম কৰাক ৰন্ধা বুলি কোৱা হয়, তেন্তে মই প্ৰতিদিনে কৰো।"

সেই টুইটত বাৰ্নাথে কয় যে শেহতীয়াকৈ তেওঁ ভাৰতৰ বিহাৰলৈ গৈ ৰুটি বনোৱাৰ ৰহস্য জানিব পাৰিছে। সেই গোপন কথা গেটছৰ লগত শ্বেয়াৰ কৰা হৈছে।

ভিডিঅ’টোৰ তলৰ মন্তব্যত মোদীয়ে গেটছক জনায় যে আটাৰ ৰুটিৰ উপৰিও ভাৰতৰ বাজৰাৰে বহু সুস্বাদু খাদ্য তৈয়াৰ কৰিব পাৰি। কাকতলীয়াকৈ কিছুদিন পূৰ্বে মোদীয়েও ২০২৩ চনক ‘বাজৰা (জোঁৱা-বাজৰা-ৰাগী) বছৰ’ বুলি ঘোষণা কৰিছিল। চৰকাৰী সূত্ৰ অনুসৰি, তেওঁৰ এই পদক্ষেপ হৈছে সেই খাদ্য শস্যসমূহক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ বাবে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক