--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ ৰাজনীতিত উত্তৰ প্ৰদেশ কিমান গুৰুত্বপূৰ্ণ সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। উত্তৰ প্ৰদেশৰ ৰাজনীতিয়েই দেশৰ ৰাজনীতিৰ গতিপথো নিৰ্ধাৰণ কৰে বুলি কোৱা হয়। সেই উত্তৰ প্ৰদেশৰ নিৰ্বাচনক লৈ স্বাভাৱিকতে ৰাজ্যখনৰ লগতে কেন্দ্ৰৰ শাসনত থকা বিজেপিয়ে বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছিল প্ৰথমৰে পৰা। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূ্ৰ্বেই বিজেপিয়ে ৰাজ্যখনত তেওঁলোকৰ ৰণকৌশল কি হ’ব সেয়া স্পষ্ট কৰি দিছিল। বিজেপিয়ে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল বাৰানসীৰ কাশী বিশ্বনাথ মন্দিৰৰ উন্নয়নমূলক কামৰ আৰম্ভণিৰ জৰিয়তে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইক্ষেত্ৰত নেতৃত্ব দিছিল। তাৰ পৰৱৰ্তী সময়তো বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাবোৰত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰসংগ, কৃষ্ণৰ জন্মভূমি মথুৰাত কৃষ্ণৰ মন্দিৰ নিৰ্মাণৰ ঘোষণা আদি বিষয়েই আটাইতকৈ বেছি গুৰুত্ব লাভ কৰিছিল। কিন্তু নিবনুৱা সমস্যা, দলিতৰ ওপৰত নিৰ্যাতন, ক’ভিড পৰিস্থিতিয়ে সৃষ্টি কৰা বিপৰ্যয় আদিৰ দৰে বাস্তৱিক বিষয়বোৰ বিজেপিয়ে এৰাই চলিছিল নিৰ্বাচনী প্ৰচাৰ সভাত। কিন্তু বাস্তৱক ধৰ্মৰ আলোৱানেৰে আঁৰি থ’বলৈ বিজেপিয়ে কৰা চেষ্টা যে এতিয়া ব্যৰ্থ হোৱাৰ উপক্ৰম ঘটিছে সেইকথা এতিয়া স্পষ্ট হৈ পৰিছে। যোৱা শনিবাৰে উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাত প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ নেতৃত্ব দিছিল। কিন্তু ৰাজনাথৰ সভাৰ মাজতে ঘটিল অঘটন। মঞ্চত ৰাজনাথ সিঙৰ ভাষণ চলি থকাৰ মাজতে কেইজনমান যুৱকে চাকৰি লাগে বুলি শ্লোগান দিয়া আৰম্ভ কৰে। সেনাত নিযুক্তি বিচাৰি শ্লোগান দিবলৈ আৰম্ভ কৰা যুৱকৰ এই আকস্মিক আৰু অবাঞ্চিত আচৰণে স্বাভাৱিকতেই অস্তস্তিত পেলায় ৰাজনাথ সিঙক। ৰাজনাথে ভাষণ বন্ধ কৰি চাকৰি দিয়া হ’ব , আপোনালোক উদ্বিগ্ন নহ’ব জাতীয় আশ্বাস প্ৰদানেৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰে যদিও নিজৰ গৃহভূমিতেই এই পৰিস্থিতিৰ তেওঁ সন্মুখীন হ’বলগীয়া হোৱাটো অতি তাৎপৰ্যপূৰ্ণ বিষয় হৈ পৰিছে। পাছত বিজেপিৰ সমৰ্থকসকলে ভাৰত মাতা কী জয় ধ্বনি নিযুক্তি বিচৰা শ্লোগানক তল পেলোৱাৰ কৌশল গ্ৰহণ কৰে। কিন্তু এই এনেদৰে কিমান দিনলৈ ভুৱা দেশপ্ৰেম আৰু ধৰ্মৰ আভূষণৰ আঁৰত বাস্তৱক ঢাকি ৰখাৰ কৌশলত সফল হ’ব বিজেপি সেয়া এটা বৃহৎ হৈ পৰিছে। ৰাম মন্দিৰ নিৰ্মাণক এটা বৃহৎ সাফল্য বুলি বিজেপিয়ে এইবাৰ নিৰ্বাচনী প্ৰচাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰী আদিত্যনাথে আনকি ৰাম মন্দিৰ ৰাষ্ট্ৰ মন্দিৰ হ’ব বুলি ঘোষণাও কৰিছে নিৰ্বাচনী সভাত। কিন্তু ৰাজ্যখনৰ বৰ্ধিত নিবনুৱা সমস্যা, সামাজিক বৈষম্য, দৰিদ্ৰতা, হিংসা, অপৰাধ আদি বিষয়ত কোনো মন্তব্য নাই তেওঁৰ। এনেদৰে বাস্তৱ বিমুখ হৈ কিমান দিনলৈ চৰকাৰ চলাব বিজেপিয়ে? মন কৰিবলগীয়া কথাটো হৈছে যে, বিগত প্ৰায় পাঁচ বছৰৰ ভিতৰত উত্তৰ প্ৰদেশত নিবনুৱাৰ সংখ্যা প্ৰায় দুগুণ হৈছে। ২০১৭ চনৰ জানুৱাৰীৰ পৰা এপ্ৰিল মাহলৈ উত্তৰ প্ৰদেশত নিবনুৱাৰ হাৰ আছিল ৭.৯শতাংশ। কিন্তু ২০২১চনৰ মাৰ্চ-এপ্ৰিল মাহলৈ এই হাৰ হৈছেগৈ ১৩.৩৪শতাংশ। বিজেপিৰ সমৰ্থকসকলে এই তথ্যৰ বিপৰীত দাবী কৰি আহিছে যদিও বাস্তৱক ঢাকি ৰখাটো এতিয়া বিজেপিৰ বাবে সম্ভৱ হৈ থকা নাই। উত্তৰ প্ৰদেশত বিজেপিৰ মূল প্ৰতিদ্বন্দ্বী অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীয়ে নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আছে। কংগ্ৰেছেও ভালেমান বাস্তৱিক সমস্যাৰ প্ৰতিফলনেৰে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। নাৰী শক্তিক উদ্দীপিত কৰিবলৈ প্ৰিয়ংকা গান্ধীয়ে আৰম্ভ কৰা অভিযানেও বিশেষ চৰ্চা লাভ কৰিছে। কিন্তু তাৰ বিপৰীতে বিজেপিয়ে এই সকলো আওকাণ কৰি কেৱল ধৰ্ম আৰু সাম্প্ৰদায়িক বিভাজনকে ইছ্যু হিচাপে গ্ৰহণ কৰিব খোজাৰ প্ৰতিফল যে দলটোৱে এদিন ভুগিবলগীয়া হ’ব সেয়া স্পষ্ট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক