--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি উত্তৰ প্ৰদেশত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৫৯টা বিধানসভা সমষ্টিৰ ভাগ্য নিৰ্ণয় কৰা হ’ব। আনহাতে, আজি পঞ্জাৱতো ১১৭ খন আসনৰ বাবে ভোটগ্ৰহণ চলি আছে। ইয়াৰ মাজতে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিষাণ দ্ৰোণ প্ৰকল্প উদ্বোধন কৰাৰ সময়তে এক বিতৰ্কৰ সূত্ৰপাত হয়। উল্লেখ্য যে উত্তৰ প্ৰদেশ আৰু পঞ্জাবৰ বেছিভাগ ভোটাৰে হৈছে কৃষক। কেন্দ্ৰৰ কৃষি আইনক লৈ খেতিয়কসকলৰ পূৰ্বৰে শাসনাধীষ্ঠ বিজেপি চৰকাৰক লৈ ক্ষোভ আছিল। দেশৰ গেৰুৱা শিবিৰটোৱেও যৎপৰোনাস্তি চেষ্টা চলাইছে যে, কোনো কাৰণতে কৃষকৰ এই অসন্তুষ্টি ভোট বাকচত যাতে নপৰে। প্ৰধানমন্ত্ৰী কিষাণ ড্ৰোন প্ৰকল্পটো সেয়েহে ৰাজনীতিবিদসকলে কৃষকসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস হিচাপে চায়। মুখ্যতঃ কীটনাশক বিয়পা আৰু খাদ্য নিৰীক্ষণৰ বাবে এই ড্ৰোনব্যৱহাৰ কৰা হ'ব৷ প্ৰধানমন্ত্ৰীয়ে কয় যে পঞ্জাব, উত্তৰ প্ৰদেশ আৰু গোৱাত প্ৰথমে কিষাণ ড্ৰোন সেৱা আৰম্ভ কৰা হ’ব৷ তাৎপৰ্যপূৰ্ণভাৱে, এই তিনিটা স্থানত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব৷ প্ৰশ্ন উত্থাপিত হয়, নিৰ্বাচনৰ সময়ত আদৰ্শ আচৰণ বিধি বলবৎ থকাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ঘোষণা নিৰ্বাচনী আচৰণ বিধিৰ উলংঘন নহয় নেকি? ইফালে, যোগীৰ ৰাজ্যৰ খেতিয়কসকলে অভিযোগ কৰিছে যে তেওঁলোকে উৎপাদিত সামগ্ৰীৰ বাবে উচিত মূল্য নাপায়। ইয়াৰ লগতে, অত্যধিক বিদ্যুতৰ বিলৰ সমস্যা আছে৷ এইবোৰ যোগী চৰকাৰে সমাধান কৰা নাই৷ ই ভি এমত আলু খেতিয়কৰ খং প্ৰতিফলিত হ’লে বিজেপিৰ সমস্যা বৃদ্ধি পাব। আনফালে আকৌ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উত্তৰ প্ৰদেশৰ গোণ্ডাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত চাকৰিৰ দাবীত বহুতো মানুহে প্ৰতিবাদ কৰিছিল। তেওঁলোকে দাবী কৰিছিল যে সেনাত নিযুক্তি আৰম্ভ কেতিয়া হ’ব। ৰাজনাথক মঞ্চৰ পৰা আশ্বাস দিয়া শুনা যায়, ‘এয়া হ’ব, হ’ব। আপুনালোক নিশ্চিত হৈ থাকক। কৰ’নাৰ বাবে কিছু সমস্যা আছিল, নিযুক্তি পুনৰ আৰম্ভ হ’ব।’ কৃষকৰ খং অব্যাহত থকাৰ সময়তে বিজেপিয়ে এইবাৰ নিজৰ ইস্তাহাৰত দাবী কৰিছে যে যদি বিজেপি ক্ষমতালৈ ঘূৰি আহে, ই উত্তৰ প্ৰদেশৰ প্ৰতিটো পৰিয়ালৰ কমেও এজন সদস্যৰ বাবে নিযুক্তি নিশ্চিত কৰিব। আনহাতে, অখিলেশ যাদৱে লগতে দাবী কৰে যে যদি তেওঁৰ দল শাসনলৈ আহে, তেন্তে দুগুণ হাৰত চাকৰি সৃষ্টি হ’ব। অৱশ্যে, আশ্বাসৰ লগতে, পাৰস্পৰিক বোকা-ছটিওৱা ৰাজনীতি অব্যাহত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু