--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিজেপিৰ প্ৰাক্তন সাংসদ হৰিনাৰায়ণ ৰাজভৰৰ মন্তব্যই দেশৰ ৰাজনীতিত সৃষ্টি কৰিছে নতুন সমীকৰণ৷ ৰাজভৰে কৈছে যে অৰবিন্দ কুমাৰ শৰ্মা হ’ব পাৰে উত্তৰ প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পদৰ বাবে উচ্চাৰিত কোন এই অৰবিন্দ কুমাৰ শৰ্মা? ৪ জানুৱাৰীৰ এটা ভিডিঅ’ত হৰিনাৰায়ণে কয় যে অদূৰ ভৱিষ্যতে একে শৰ্মা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হ'ব পাৰে। ৰাজভৰে তেওঁক মুখ্যমন্ত্ৰী হিচাপে চাব বিচাৰে। এইগৰাকী একে শৰ্মা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বুলি বিজেপিৰ ভিতৰে-বাহিৰে চৰ্চা চলিছে৷

হৰিনাৰায়ণ ৰাজভৰ ২০১৪ চনত মৌৰ ঘোচীৰ সাংসদ আছিল। তেওঁৰ বক্তব্যৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে য’ত একে শৰ্মাক তেওঁৰ কাষত দেখা গৈছে৷ একে শৰ্মা এজন ১৯৮৮ বেচ্চৰ আইএএছ বিষয়া। তেওঁ ভিআৰএছ লোৱাৰ পিছত যোৱা বছৰ ১৪ জানুৱাৰীত বিজেপিত যোগদান কৰিছিল। তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আছিল। শৰ্মা সেইসময়ত মোদীৰ সচিব আছিল। ২০১৪ চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত তেওঁ পিএমঅ’ত যুটীয়া সচিব হিচাপে যোগদান কৰিছিল।


উত্তৰ প্ৰদেশৰ নিৰ্বাচন যিমানে ওচৰ চাপিছে, সিমানে সলনি হৈছে ৰাজনৈতিক সমীকৰণ৷ ইয়াৰ পূৰ্বেও মোদী আৰু যোগী আদিত্যনাথৰ মাজত শীতল যুদ্ধ চলা বুলি চৰ্চা চলিছিল৷ লগতে, উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকৈও প্ৰধানমন্ত্ৰী মোদীকহে বেছিকৈ প্ৰচাৰসভাত দেখিবলৈ পোৱা গৈছে৷ চৰ্চা চলা অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে এইবেলি যোগী আদিত্যনাথক মুখ্যমন্ত্ৰী হিচাপে বিচৰা নাই৷ তাৰ বাবে মোদীয়ে ৰাজভৰৰ জৰিয়তেই অন্য এগৰাকী লোকৰ নাম মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা বুলি ধাৰণা কৰা হৈছে৷

আনহাতে, যোগী আদিত্যনাথৰ ঘনিষ্ঠ ৰাজনাথ সিঙৰ লগতো দুৰত্ব বৃদ্ধি পাইছে প্ৰধানমন্ত্ৰীৰ৷ কিয়নো, ৰাজনাথ সিঙে আদিত্যনাথক পৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈ বিচাৰি আছে৷ আৰু, যদি সেয়াই হ’বলৈ হয় তেন্তে প্ৰধানমন্ত্ৰী মোদীৰ বাট নিষ্কণ্টক নহ’ব৷ তাৰ বাবে আগতীয়াকৈ যোগী আদিত্যনাথৰ ৰাজনৈতিক কেৰিয়াৰৰ অৱসান ঘটোৱাবলৈ প্ৰধানমন্ত্ৰীয়ে যৎপৰোনাস্তি চেষ্টা চলোৱা বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে৷ যাৰ প্ৰতিফলন ঘটিছে প্ৰাক্তন সাংসদ ৰাজভৰৰ মন্তব্যত৷ পৰৱৰ্তী সময়ত ৰাজভৰৰ এই মন্তব্যই উত্তৰ প্ৰদেশৰ ৰাজনীতিক কি ধৰণে প্ৰভাৱিত কৰে, সেয়া লক্ষ্যণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ