--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচন সমাগত৷ উত্তৰ প্ৰদেশত কংগ্ৰেছে এইবাৰ ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ অধীনত সমাজবাদী পাৰ্টিৰ সৈতে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এই মিত্ৰজোঁটৰ অধীনত, কংগ্ৰেছে ১৭খন লোকসভা আসন লাভ কৰিছিল। দলটোৱে এতিয়ালৈকে এই ১৭খন আসনৰ ১৩খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এতিয়া বাকীথকা চাৰিখন আসনৰ বাবে দলটোত মন্থন চলি আছে। সূত্ৰ অনুসৰি, কংগ্ৰেছে এইবাৰ ৰাজ্যখনত নতুন পৰীক্ষা-নিৰীক্ষা কৰাৰ প্ৰস্তুতি চলাইছে।

প্ৰকৃততে, কংগ্ৰেছে এতিয়ালৈকে উত্তৰ প্ৰদেশৰ মথুৰা লোকসভা আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। বিজেপিয়ে আকৌ এবাৰ হেমা মালিনীক এই আসনৰ বাবে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। মালিনীয়ে একেৰাহে দুবাৰকৈ এই আসনখনৰ পৰা জয়লাভ কৰিছে৷ এইবাৰ হেমা মালিনীয়ে বিজয়ৰ হেট্ৰিক কৰিবলৈ প্ৰস্তুতি চলাইছে। একে সময়তে, কংগ্ৰেছে এই আসনত কিছু নতুন পৰীক্ষা কৰাৰ প্ৰস্তুতি চলাই আছে।

আৰু সেই অনুসৰি, হেমা মালিনীৰ বিপৰীতে কংগ্ৰেছে এই আসনখনত বিজেন্দৰ সিঙক প্ৰাৰ্থিত্ব দিব বুলি চৰ্চা চলিছে৷ কংগ্ৰেছে বক্সাৰ বিজেন্দৰ সিঙক এই আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰোৱাৰ সম্ভাৱনা প্ৰৱল হৈ উঠিছে৷ অৱশ্যে, তেওঁৰ নামত দলটোত এতিয়াও মন্থন চলি আছে। সূত্ৰ অনুসৰি, এই আসনত দৌৰত আছে কিছুমান নাম৷ কিন্তু বিজেন্দৰ সিঙৰ নাম শীৰ্ষত আছে। কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ২৮ মাৰ্চত ইয়াৰ দ্বিতীয়খন প্ৰাৰ্থী-তালিকা প্ৰকাশ কৰিছিল। কংগ্ৰেছে তেতিয়া গাজিয়াবাদৰ পৰা ডলী শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।

ইয়াৰ উপৰি মহাৰাজগঞ্জৰ বীৰেন্দ্ৰ চৌধুৰী, সীতাপুৰৰ নকুল ডুবে আৰু বুলন্দচহৰৰ শিৱৰাম বাল্মীকিক টিকট দিয়া হয়। ২৩ মাৰ্চত কংগ্ৰেছে উত্তৰ প্ৰদেশৰ পৰা নজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল, য’ত দলটোৱে বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অজয় ৰায়ক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। অৱশ্যে, কংগ্ৰেছে ৰায়বৰেলী আৰু আমেঠিৰ বিষয়ে একো তথ্যই এতিয়ালৈ প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ