--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশ৷ দেশৰ সৰ্ববৃহৎ ৰাজ্যখনক দেশৰ ৰাজনীতিৰ অভিকেন্দ্ৰ বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ ৮০খন লোকসভা আসনেৰে উত্তৰ প্ৰদেশে দেশৰ ৰাজনীতিত গ্ৰহণ কৰি আহিছে গুৰুত্বপূৰ্ণ ভূমিকা৷ ৰাজ্যখনৰ বৃহৎসংখ্যক লোকসভা আসনৰ হিচাপ-নিকাচেই নিৰ্ণয় কৰে কেন্দ্ৰৰ মছনদত বহিব কোন? আৰু সেইবাবেই বিজেপি-কংগ্ৰেছ উভয়ৰে চকু উত্তৰ প্ৰদেশৰ ৮০খন লোকসভা আসনত৷ 

পিছে ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ উত্তৰ প্ৰদেশৰ আৰ্থ-সামাজিক পৰিস্থিতি কেনেধৰণৰ? ৰাজ্যখনৰ মৌলিক সমস্যা সমাধানত কিমান সফল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ?

নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত উত্তৰ প্ৰদেশো৷ একেদৰে, স্বাস্থ্য আৰু শিক্ষাখণ্ডতো নাই চকুতলগা সফলতা৷ ২০২৩ চনত ভাৰতৰ ভিতৰত সৰ্বাধিক নিয়োগযোগ্যতা আছিল উত্তৰ প্ৰদেশতে৷ নিযুক্তিৰ বাবে যোগ্য স্নাতকৰ সংখ্যাই আছিল৷ এই হাৰ আছিল ৭২.৫ শতাংশতকৈ অধিক। ২০১৭-১৮ বৰ্ষত উত্তৰ প্ৰদেশত নিবনুৱাৰ হাৰ আছিল ৬.৪ শতাংশ, যি ২০২২-২৩ বৰ্ষত ২.৬ শতাংশলৈ হ্ৰাস পাইছিল৷ অৱশ্যে, চৰকাৰৰ প্ৰচেষ্টাৰ ফলত ৰাজ্যখনত ব্যক্তিগত খণ্ডত বিনিয়োগ বৃদ্ধি পাইছে আৰু নতুন চাকৰিৰ সুযোগ সৃষ্টি হৈছে৷ যাৰ ফলত ২০১৭-১৮ বৰ্ষৰ তুলনাত ২০২২-২৩ বৰ্ষত উত্তৰ প্ৰদেশত নিবনুৱাৰ হাৰ ৩.৮ শতাংশ হ্ৰাস পাইছে বুলি চৰকাৰী বিবৃতিত কোৱা হৈছে।

আনহাতে, ৰাজ্যখনত প্ৰাথমিক শিক্ষাৰ ছবিখন উদ্বেগজনক৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যখনত ডাবল ইঞ্জিনৰ চৰকাৰৰ জৰিয়তে উন্নয়নৰ গংগা বোৱা বুলি দাবী কৰাৰ বিপৰীতে তথ্যই উন্মোচিত কৰিছে এখন ভয়ংকৰ ছবি৷ 

শিক্ষাৰ পোহৰ নেদেখাকৈ শৈশৱ অতিবাহিত কৰিছে উত্তৰ প্ৰদেশৰ বৃহৎসংখ্যক শিশুৱে৷ ৰাজ্যখনত ৩.৯৬ লাখ শিশুৱে লাভ কৰা নাই বিদ্যালয়ৰ শিক্ষা৷ এই তথ্যই এতিয়া বিব্ৰত কৰি তুলিছে ৰাজ্য চৰকাৰখনক৷ প্ৰাথমিক স্তৰৰ শিক্ষা ব্যৱস্থা উন্নত কৰাত মুখ্যমন্ত্ৰী আদিত্যনাথ ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে বিৰোধীয়ে৷ উত্তৰ প্ৰদেশৰ পাছতে এই স্থানত আছে বিহাৰ৷ বিহাৰত ১.৩৪ লাখ আৰু গুজৰাটত ১.০৬ লাখ শিশু আছে বিদ্যালয়ৰ বাহিৰত৷

অকল ইমানে নহয়, নৱজাতকৰ মৃত্যুও ৰাজ্যখনৰ বাবে আন এটা হতাশজনক দিশ৷ নৱজাতকৰ মৃত্যু ৰোধ কৰাত সমূলি ব্যৰ্থ যোগী নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰৰ স্বাস্থ্য বিভাগ৷ ২০২০ চনত উত্তৰ প্ৰদেশ ৰাজ্যত প্ৰতি ১,০০০ নৱজাতকৰ বিপৰীতে মৃত্যু হৈছিল ৩৮জনৰ৷ উল্লেখযোগ্য যে প্ৰতি ১,০০০ জীৱিত জন্মত এবছৰৰ তলৰ শিশুৰ মৃত্যুৰ সংখ্যাৰ দ্বাৰা নৱজাতকৰ মৃত্যুৰ হাৰ নিৰূপণ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে