--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশ৷ দেশৰ সৰ্ববৃহৎ ৰাজ্যখনক দেশৰ ৰাজনীতিৰ অভিকেন্দ্ৰ বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ ৮০খন লোকসভা আসনেৰে উত্তৰ প্ৰদেশে দেশৰ ৰাজনীতিত গ্ৰহণ কৰি আহিছে গুৰুত্বপূৰ্ণ ভূমিকা৷ ৰাজ্যখনৰ বৃহৎসংখ্যক লোকসভা আসনৰ হিচাপ-নিকাচেই নিৰ্ণয় কৰে কেন্দ্ৰৰ মছনদত বহিব কোন? আৰু সেইবাবেই বিজেপি-কংগ্ৰেছ উভয়ৰে চকু উত্তৰ প্ৰদেশৰ ৮০খন লোকসভা আসনত৷ 

পিছে ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ উত্তৰ প্ৰদেশৰ আৰ্থ-সামাজিক পৰিস্থিতি কেনেধৰণৰ? ৰাজ্যখনৰ মৌলিক সমস্যা সমাধানত কিমান সফল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ?

নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত উত্তৰ প্ৰদেশো৷ একেদৰে, স্বাস্থ্য আৰু শিক্ষাখণ্ডতো নাই চকুতলগা সফলতা৷ ২০২৩ চনত ভাৰতৰ ভিতৰত সৰ্বাধিক নিয়োগযোগ্যতা আছিল উত্তৰ প্ৰদেশতে৷ নিযুক্তিৰ বাবে যোগ্য স্নাতকৰ সংখ্যাই আছিল৷ এই হাৰ আছিল ৭২.৫ শতাংশতকৈ অধিক। ২০১৭-১৮ বৰ্ষত উত্তৰ প্ৰদেশত নিবনুৱাৰ হাৰ আছিল ৬.৪ শতাংশ, যি ২০২২-২৩ বৰ্ষত ২.৬ শতাংশলৈ হ্ৰাস পাইছিল৷ অৱশ্যে, চৰকাৰৰ প্ৰচেষ্টাৰ ফলত ৰাজ্যখনত ব্যক্তিগত খণ্ডত বিনিয়োগ বৃদ্ধি পাইছে আৰু নতুন চাকৰিৰ সুযোগ সৃষ্টি হৈছে৷ যাৰ ফলত ২০১৭-১৮ বৰ্ষৰ তুলনাত ২০২২-২৩ বৰ্ষত উত্তৰ প্ৰদেশত নিবনুৱাৰ হাৰ ৩.৮ শতাংশ হ্ৰাস পাইছে বুলি চৰকাৰী বিবৃতিত কোৱা হৈছে।

আনহাতে, ৰাজ্যখনত প্ৰাথমিক শিক্ষাৰ ছবিখন উদ্বেগজনক৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যখনত ডাবল ইঞ্জিনৰ চৰকাৰৰ জৰিয়তে উন্নয়নৰ গংগা বোৱা বুলি দাবী কৰাৰ বিপৰীতে তথ্যই উন্মোচিত কৰিছে এখন ভয়ংকৰ ছবি৷ 

শিক্ষাৰ পোহৰ নেদেখাকৈ শৈশৱ অতিবাহিত কৰিছে উত্তৰ প্ৰদেশৰ বৃহৎসংখ্যক শিশুৱে৷ ৰাজ্যখনত ৩.৯৬ লাখ শিশুৱে লাভ কৰা নাই বিদ্যালয়ৰ শিক্ষা৷ এই তথ্যই এতিয়া বিব্ৰত কৰি তুলিছে ৰাজ্য চৰকাৰখনক৷ প্ৰাথমিক স্তৰৰ শিক্ষা ব্যৱস্থা উন্নত কৰাত মুখ্যমন্ত্ৰী আদিত্যনাথ ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে বিৰোধীয়ে৷ উত্তৰ প্ৰদেশৰ পাছতে এই স্থানত আছে বিহাৰ৷ বিহাৰত ১.৩৪ লাখ আৰু গুজৰাটত ১.০৬ লাখ শিশু আছে বিদ্যালয়ৰ বাহিৰত৷

অকল ইমানে নহয়, নৱজাতকৰ মৃত্যুও ৰাজ্যখনৰ বাবে আন এটা হতাশজনক দিশ৷ নৱজাতকৰ মৃত্যু ৰোধ কৰাত সমূলি ব্যৰ্থ যোগী নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰৰ স্বাস্থ্য বিভাগ৷ ২০২০ চনত উত্তৰ প্ৰদেশ ৰাজ্যত প্ৰতি ১,০০০ নৱজাতকৰ বিপৰীতে মৃত্যু হৈছিল ৩৮জনৰ৷ উল্লেখযোগ্য যে প্ৰতি ১,০০০ জীৱিত জন্মত এবছৰৰ তলৰ শিশুৰ মৃত্যুৰ সংখ্যাৰ দ্বাৰা নৱজাতকৰ মৃত্যুৰ হাৰ নিৰূপণ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক