--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অযোধ্যাৰ ৰাম মন্দিৰলৈ ৫০ কোটি টকা অনুদান হিচাপে আগবঢ়োৱাৰ বাতৰি ভাইৰেল হোৱাৰ পাছত জনপ্ৰিয় অভিনেতা প্ৰভাস বিগত কেইদিনমান ধৰি দেশজুৰি চৰ্চাত আছে। লগতে এয়াও অনুমান কৰা হৈছিল যে অভিনেতাজনে ২২ জানুৱাৰীৰ উদ্বোধনী দিনটোত খাদ্যৰ ব্যয় বহন কৰিবলৈও সাজু হৈছে৷

প্ৰভাসে ৰাম মন্দিৰলৈ ৫০ কোটি টকা দান কৰিছে নেকি?

প্ৰভাসৰ শেহতীয়াকৈ মুক্তি প্ৰাপ্ত ছবি ‘ছালাৰ: পাৰ্ট ওৱান- চীজফায়াৰ’ বাণিজ্যিকভাৱে যথেষ্ট সফল হৈছে৷ চিনেমাখন ২২ ডিচেম্বৰত একাধিক ভাষাত ছবিগৃহত মুক্তি লাভ কৰিছিল। তাৰ মাজতে বিগত কেইদিনমানৰ পৰা প্ৰভাসে অযোধ্যাৰ ৰাম মন্দিৰলৈ ৫০ কোটি টকা দান কৰিছিল বুলি খবৰ এটা চৰ্চিত হৈ আছে। তদুপৰি, শেহতীয়া এক অনুষ্ঠানত অন্ধ্ৰপ্ৰদেশৰ বিধায়ক চিৰলা জাগ্গিৰেড্ডীয়ে দাবী কৰিছিল যে উদ্বোধনৰ দিনা প্ৰভাসে খাদ্যৰ ব্যয় বহন কৰিব৷

এনে চৰ্চাৰ মাজতে ‘ইণ্ডিয়া টুডে’ই এই দাবীবোৰৰ আঁৰৰ সত্য জানিবলৈ প্ৰভাসৰ দলৰ সদস্যৰ সৈতে বিশেষভাৱে কথা পাতিছিল। সূত্ৰটোৱে উৰা বাতৰিবোৰ অস্বীকাৰ কৰিছে আৰু এইবোৰ ভুৱা বাতৰি বুলি অভিহিত কৰিছে।
প্ৰভাসক ৰাম মন্দিৰ অভিষেক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল নে নাই সেয়া অৱশ্যে জানিব পৰা হোৱা নাই।

অৱশ্যে, ৰজনীকান্ত, চিৰঞ্জীৱী, ৰাম চৰণ, ধনুষ আৰু দক্ষিণৰ আন কেইবাজনো চেলিব্ৰিটিক ২২ ডিচেম্বৰত অযোধ্যাত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক