--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যখনৰ কেইবাগৰাকীও বিজেপি মন্ত্ৰী আৰু বিধায়কে দলত্যাগ কৰি সমাজবাদী পাৰ্টীত যোগদান কৰিছিল৷ দেশৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰি যোগী আদিত্যনাথৰ সংগ এৰিছিল ইজনৰ পিছত সিজন নেতাই৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি নিজ দলৰে সতীৰ্থই বিজেপি ত্যাগ কৰিছিল৷ ধৰ্মীয় গোড়ামি আৰু উগ্ৰ সাম্প্ৰদায়িকতাবাদেৰে উত্তৰ প্ৰদেশত ঘৃণা আৰু হিংসাৰ ৰাজনীতি কৰা বুলি অভিযোগ থকা যোগী আদিত্যনাথ পুনৰ এবাৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা নাই বুলিও চৰ্চা চলিছে৷   ৰাজনৈতিক বিশ্লেষকসকলেও, উত্তৰ প্ৰদেশত পুনৰ এবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা ব্যক্ত কৰা নাই৷ বিভিন্ন নিৰ্বাচনী সমীক্ষায়ো উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীৰ চৰকাৰ গঠনৰ সম্ভাৱনাক প্ৰকাশ কৰিছে৷ এনে পৰিস্থিতিত হঠাতে উত্তৰ প্ৰদেশৰ ৰাজনীতিত আৱিৰ্ভাৱ ঘটিল আছাদুদ্দিন ওৱেইছীৰ৷ হায়দৰাবাদ সমষ্টিৰ লোকসভা সমষ্টিৰ সাংসদ তথা এআইএমইআমএম-ৰ মুৰব্বী ওৱেইছীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উত্তৰ প্ৰদেশত উপস্থিত হৈছিল৷ নিজকে ধৰ্মীয় সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰূপে প্ৰতিষ্ঠা কৰিব খোজা এইগৰাকী নেতাৰ আছে সাম্প্ৰদায়িক ৰাজনীতিৰ ঘৃণনীয় ইতিহাস৷   ইতিমধ্যে, কেইবাবাৰো ধৰ্মীয় সাম্প্ৰদায়িক মন্তব্যৰে দেশত বিতৰ্কৰ সৃষ্টি কৰিছিল ওৱেইছীয়ে৷ কালিও নিৰ্বাচনী সভাত হিন্দু ধৰ্মীয় লোকক উদ্দেশ্যি কটু মন্তব্য কৰিছিল ওৱেইছীয়ে৷ তাৰ পাছতে উত্তৰ প্ৰদেশত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ৷ শিক্ষা, স্বাস্থ্য, উন্নয়নৰ মাপকাঠীৰে নিৰ্বাচনী ৰণত নামিব নোৱৰা উত্তৰ প্ৰদেশ চৰকাৰৰ বাবে এতিয়া আছাদুদ্দিন ওৱেইছী হৈ পৰিছে শেষ ভাৰসা৷ যেন মৃত্যুৰ সময়ৰ মকৰ-ধ্বজ৷ ওৱেইছিৰ মুখেৰে ঘৃণা বিয়পাই ধৰ্মীয় মেৰুকৰণেৰে হিন্দু ভোটবেংক সুৰক্ষিত কৰিব বিচৰা হৈছে উত্তৰ প্ৰদেশত৷ হিন্দুত্বৰ ৰাজনীতিৰে দেশজুৰি চৰ্চিত আদিত্যনাথে সেয়ে শেষ আশ্ৰয় হিচাপে ওৱেইছীকে সাৰথি কৰি লোৱা বুলি বহুজনে মন্তব্য কৰিছে৷   উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ সামৰি মিৰাটৰ পৰা দিল্লীলৈ উভতি গৈ থকাৰ সময়তে কালি অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলীমিন (এআইএমআইএম)ৰ সভাপতি তথা হায়দৰাবাদ লোকসভা সমষ্টিৰ সাংসদ আছাদুদ্দিন ওৱেইছীৰ কনভয়ৰ ওপৰত গুলীচালনাৰ অভিযোগত দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষী অধীক্ষক ভূকাৰে সদৰি কৰামতে, ওৱেইচছিৰ হিন্দুবিৰোধী মন্তব্যৰ বাবে অভিযুক্তসকল ক্ষুব্ধ হৈ পৰিছিল৷ ইপিনে, কালিৰ গুলীচালনাৰ ঘটনাৰ পাছতে আজি আছাদুদ্দিন ওৱেইছিলৈ কেন্দ্ৰই ‘জেড’পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু