--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যখনৰ কেইবাগৰাকীও বিজেপি মন্ত্ৰী আৰু বিধায়কে দলত্যাগ কৰি সমাজবাদী পাৰ্টীত যোগদান কৰিছিল৷ দেশৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰি যোগী আদিত্যনাথৰ সংগ এৰিছিল ইজনৰ পিছত সিজন নেতাই৷ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি নিজ দলৰে সতীৰ্থই বিজেপি ত্যাগ কৰিছিল৷ ধৰ্মীয় গোড়ামি আৰু উগ্ৰ সাম্প্ৰদায়িকতাবাদেৰে উত্তৰ প্ৰদেশত ঘৃণা আৰু হিংসাৰ ৰাজনীতি কৰা বুলি অভিযোগ থকা যোগী আদিত্যনাথ পুনৰ এবাৰ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা নাই বুলিও চৰ্চা চলিছে৷   ৰাজনৈতিক বিশ্লেষকসকলেও, উত্তৰ প্ৰদেশত পুনৰ এবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা ব্যক্ত কৰা নাই৷ বিভিন্ন নিৰ্বাচনী সমীক্ষায়ো উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টীৰ চৰকাৰ গঠনৰ সম্ভাৱনাক প্ৰকাশ কৰিছে৷ এনে পৰিস্থিতিত হঠাতে উত্তৰ প্ৰদেশৰ ৰাজনীতিত আৱিৰ্ভাৱ ঘটিল আছাদুদ্দিন ওৱেইছীৰ৷ হায়দৰাবাদ সমষ্টিৰ লোকসভা সমষ্টিৰ সাংসদ তথা এআইএমইআমএম-ৰ মুৰব্বী ওৱেইছীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উত্তৰ প্ৰদেশত উপস্থিত হৈছিল৷ নিজকে ধৰ্মীয় সংখ্যালঘুৰ ত্ৰাণকৰ্তাৰূপে প্ৰতিষ্ঠা কৰিব খোজা এইগৰাকী নেতাৰ আছে সাম্প্ৰদায়িক ৰাজনীতিৰ ঘৃণনীয় ইতিহাস৷   ইতিমধ্যে, কেইবাবাৰো ধৰ্মীয় সাম্প্ৰদায়িক মন্তব্যৰে দেশত বিতৰ্কৰ সৃষ্টি কৰিছিল ওৱেইছীয়ে৷ কালিও নিৰ্বাচনী সভাত হিন্দু ধৰ্মীয় লোকক উদ্দেশ্যি কটু মন্তব্য কৰিছিল ওৱেইছীয়ে৷ তাৰ পাছতে উত্তৰ প্ৰদেশত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ৷ শিক্ষা, স্বাস্থ্য, উন্নয়নৰ মাপকাঠীৰে নিৰ্বাচনী ৰণত নামিব নোৱৰা উত্তৰ প্ৰদেশ চৰকাৰৰ বাবে এতিয়া আছাদুদ্দিন ওৱেইছী হৈ পৰিছে শেষ ভাৰসা৷ যেন মৃত্যুৰ সময়ৰ মকৰ-ধ্বজ৷ ওৱেইছিৰ মুখেৰে ঘৃণা বিয়পাই ধৰ্মীয় মেৰুকৰণেৰে হিন্দু ভোটবেংক সুৰক্ষিত কৰিব বিচৰা হৈছে উত্তৰ প্ৰদেশত৷ হিন্দুত্বৰ ৰাজনীতিৰে দেশজুৰি চৰ্চিত আদিত্যনাথে সেয়ে শেষ আশ্ৰয় হিচাপে ওৱেইছীকে সাৰথি কৰি লোৱা বুলি বহুজনে মন্তব্য কৰিছে৷   উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ সামৰি মিৰাটৰ পৰা দিল্লীলৈ উভতি গৈ থকাৰ সময়তে কালি অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলীমিন (এআইএমআইএম)ৰ সভাপতি তথা হায়দৰাবাদ লোকসভা সমষ্টিৰ সাংসদ আছাদুদ্দিন ওৱেইছীৰ কনভয়ৰ ওপৰত গুলীচালনাৰ অভিযোগত দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ আৰক্ষী অধীক্ষক ভূকাৰে সদৰি কৰামতে, ওৱেইচছিৰ হিন্দুবিৰোধী মন্তব্যৰ বাবে অভিযুক্তসকল ক্ষুব্ধ হৈ পৰিছিল৷ ইপিনে, কালিৰ গুলীচালনাৰ ঘটনাৰ পাছতে আজি আছাদুদ্দিন ওৱেইছিলৈ কেন্দ্ৰই ‘জেড’পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ