--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শাসকীয় বিজেপিৰ মতে ৰাহুল গান্ধী ভাৰতৰ ৰাজনীতিত অপ্ৰাসংগিক। দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৱায়নাড সমষ্টিৰ সাংসদ ৰাহুল গান্ধীক লৈ দেশৰ ৰাজনীতিত যিমান নেতিবাচক চৰ্চা চলিছে সিমান হয়তো আন কোনো নেতাৰ বিপক্ষেই হোৱা নাই। ৰাহুলক ‘পাপ্পু’ৰ দৰে অপমানজনক অভিধাৰে চিহ্নিত কৰিও আক্ৰমণ কৰিছে শাসকীয় দলে। বিভিন্ন সময়ত ৰাহুল গান্ধীৰ নেতৃত্বৰ অদক্ষতাক লৈ প্ৰশ্নৰ উদ্ৰেগ ঘটাইছে দেশৰ একাংশ ৰাজনৈতিক বিশ্লেষকেও। কিন্তু ৰাহুল গান্ধীক দেশৰ ৰাজনীতিত একেবাৰে অপ্ৰাসংগিক বুলি চিহ্নিত কৰাটো সম্ভৱনে? অপ্ৰাসংগিক আৰু প্ৰভাৱহীন ৰাহুল গান্ধীক লৈ ইমান ব্যস্ত কিয় শাসকীয় দল? ৰাহুল গান্ধীৰ ব্যৰ্থতাৰ খতিয়ান বিচাৰিবলৈ গ’লে বহু দীঘলীয়া তালিকা প্ৰস্তুত কৰিব পৰা যায়। ২০১৪ চনত কেন্দ্ৰৰ শাসনৰ পৰা কংগ্ৰেছ দল উৎখাত হোৱাৰ পাছৰে পৰা কংগ্ৰেছে কোনো নিৰ্বাচনতে আশ্বস্ত হ’ব পৰা জয় সাব্যস্ত কৰিব পৰা নাই। দলৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পাছতে ৰাহুল গান্ধীয়ে তিনিখন ৰাজ্যৰ নিৰ্বাচনৰ সন্মুখীন হৈছিল। প্ৰথমে গুজৰাট আৰু তাৰ পাছত মধ্যপ্ৰদেশ আৰু ৰাজস্থান। গুজৰাটত কংগ্ৰেছে কিছু প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। তাৰ বিপৰীতে ৰাজস্থান আৰু মধ্যপ্ৰদেশত কাণে-কাণমাৰি কংগ্ৰেছ দল জয়ী হৈছিল। সেই জয়ৰ কৃতিত্ব ৰাহুল গান্ধীক দিয়া হৈছিল যদিও খুব কম দিনৰ ভিতৰতে ৰাহুল গান্ধী পন্থী নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিজেপিগমনে তাত কংগ্ৰেছ চৰকাৰৰ পতনো ঘটাইছিল। কেৱল এয়াই নহয় ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰো চলিছে বহু খকা-খুন্দাৰ মাজেৰে। অশোক গেহলট আৰু শচীন পাইলটৰ মাজৰ সংঘাতৰ মাজেৰে কেৱল অশোক গেহলটৰ অভিজ্ঞতা আৰু বিচক্ষণতাৰ বাবেই ৰাজ্যখনত কংগ্ৰেছ দলৰ চৰকাৰ শাসনত বৰ্তি আছে। এই বেমেজালিৰ বাবেও ৰাহুলকে ধৰি কংগ্ৰেছৰ নেতৃত্বত থকা গান্ধী পৰিয়াল প্ৰশ্নৰ সন্মুখীন হৈ আহিছে। কিন্তু ইয়াতেই ৰাহুলৰ ব্যৰ্থতাৰ খতিয়ান শেষ হোৱা নাই। ইজনৰ পাছত সিজন নেতাৰ কংগ্ৰেছ ত্যাগেও ৰাহুল গান্ধীৰ অদক্ষতাৰে দায়ী কৰি আহিছে। তাতোকৈ লজ্জাজনক কথাটো হৈছে ৰাহুলে তেওঁৰ পৈতৃক সমষ্টি আমেথীও নিজৰ হাতত ৰাখিব নোৱৰাটো। এনেবোৰ ব্যৰ্থতাৰ বোজা লৈ থকাৰ পাছতো ৰাহুল গান্ধীক কিয় শাসকীয় দল বা দেশৰ ৰাজনীতিয়ে একাষৰীয়া কৰিব পৰা নাই? ২০১৪ চনত এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগৰাকী অসাধাৰণ পৰিত্ৰাণকাৰীৰ ৰূপত বিজেপিয়ে দেশৰ সন্মুখত উপস্থাপন কৰিছিল। সংবাদ মাধ্যম আৰু বিজেপিৰ অতি সুপৰিকল্পিত প্ৰচাৰে এইক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। সমান্তৰালভাৱে ৰাহুল গান্ধীৰ বিৰুদ্ধে চলিছিল সুপৰিকল্পিত অপপ্ৰচাৰ। বিভিন্ন ধৰণৰ কৌতুক সৃষ্টি হৈচিল ৰাহুলৰ নামত। কেৱল এয়াই নহয় তেওঁৰ মন্তব্যৰ একো একোটা টুকুৰা উলিয়াই লৈ তেওঁৰ বিৰুদ্ধেই তাক ব্যৱহাৰ কৰা হৈছিল। কেৱল এয়াই নহয়, তেওঁৰ ব্যক্তিত্বক যিকোনো প্ৰকাৰে তুলুঙা ৰূপত উপস্থাপন কৰাৰ বাবে উঠি পৰি লাগিছিল বিজেপিৰ আইটি চেল আৰু বিজেপিৰ পৃষ্ঠপোষকতাৰে চলি থকা সংবাদ মাধ্যমে। এতিয়া প্ৰশ্ন হৈছে ৰাহুল গান্ধী যদি দেশৰ ৰাজনীতিৰ এজন অপ্ৰাসংগিক নেতা, দক্ষতাহীন নেতা তেন্তে তেওঁক লৈ ইমান ব্যস্ততাৰ কাৰণ কি? কিহৰ বাবে শাসকীয় দলে এনেদৰে ব্যস্ত হৈ থাকিবলগীয়া হৈছে ৰাহুলৰ বিপৰীতে। বিজেপিক প্ৰত্যাহ্বান জনোৱা মমতা বেনাৰ্জী, উদ্ধৱ থাকৰে, শাৰদ পাৱাৰ আদিৰ দৰে নেতাৰ বিৰুদ্ধে কিন্তু সিমান তৎপৰতা দেখিবলৈ পোৱা নাযায়। এই পাৰ্থক্যই ৰাহুল গান্ধী সম্পৰ্কত বহু কথা নতুনকৈ ভাবিবলৈ বাধ্য কৰে। ৰাহুল গান্ধীয়ে ২ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট উত্থাপনৰ পাছতে এটা ভাষণ দিছিল। নৰেন্দ্ৰ মোদী চৰকাৰৰ বাজেটক লৈ ৰাষ্ট্ৰপতিৰ ভাষণৰ পাছতে ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়ামূলৰ এই ভাষণ প্ৰচাৰ হৈছিল। কিন্তু দেখা গ’ল ৰাহুলৰ ভাষণৰ মাজতে ৰাহুলৰ বিৰুদ্ধে জঁপিয়াই পৰিল শাসকীয় দলৰ সাংসদসকল। এই কাৰ্যৰ বিৰুদ্ধে আনকি কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী আৰু গৌৰৱ গগৈৰ দৰে নেতাই অধ্যক্ষক অভিযোগে দাখিল কৰে। গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে বিজেপিৰ এই আচৰণ শুভ লক্ষণ নহয় বুলি অভিহিত কৰে কংগ্ৰেছে। কিন্তু দেখা গ’ল যে, ৰাহুলৰ সংসদৰ ভাষণৰ প্ৰতিক্ৰিয়া লোকসভাতে সীমাবদ্ধ নাথাকিল আৰু ই টিভিৰ বিতৰ্ক আৰু টুইটাৰ পালেগৈ আৰু বিজেপিয়ে সংঘবদ্ধভাৱে ৰাহুলৰ বিৰুদ্ধে আক্ৰমণ চলাই গ’ল। এই কাৰ্যই ৰাহুল গান্ধীক লৈ শাসকীয় দলৰ অত্যধিক সচেতনতাকে প্ৰমাণ নকৰেনে? বিভিন্ন অতি স্পৰ্শকাতৰ আৰু দেশৰ কঠিন বাস্তৱতাৰ ছবিখনক তুলি ধৰা ৰাহুল গান্ধীক বিজেপিয়ে ভয় কৰিয়েই যে এনে আচৰণ কৰি আহিছে সেই কথা এতিয়া প্ৰমাণ হৈছে। বিজেপিয়ে অপ্ৰাসংগিক বুলি প্ৰমাণ কৰিব বিচাৰিলেও বিজেপি ৰাহুলবিৰোধী আয়োজনবোৰৰ মাজতেই ৰাহুল গান্ধীৰ প্ৰাসংগিকতাকো প্ৰকট কৰি তোলা বুলি এতিয়া স্পষ্ট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ