--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক চাঞ্চল্যকৰ আত্মহত্যাই জোকাৰিছে উত্তৰ প্ৰদেশ৷ উত্তৰ প্ৰদেশৰ বদৌনত এজন কনিষ্ঠ দেৱানী দণ্ডাধীশে আত্মহত্যা কৰে বুলি শনিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে।জ্যোৎস্না ৰায় নামৰ ২৭ বছৰীয়া দণ্ডাধীশগৰাকীৰ মৃতদেহ ঘৰৰ ভিতৰত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।

পুৱা ১০ বজাৰ ভিতৰত জ্যোৎস্না আদালতত উপস্থিত নোহোৱাত এই ঘটনা পোহৰলৈ আহে, যাৰ বাবে তেওঁৰ সতীৰ্থসকলে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ বাধ্য হয়। ফোন কলবোৰৰ উত্তৰ নোহোৱাৰ লগে লগে উদ্বিগ্ন সহকৰ্মীসকলে জাজ কলনীত থকা থকা ঘৰলৈ গৈ জ্যোৎস্নাৰ শোৱা কোঠাৰ ভিতৰৰ পৰা তলা লগোৱা দেখে। ইয়াৰ পাছতে আৰক্ষীক ফোন কৰা হয়।দুৱাৰ ভাঙি খোলাৰ লগে লগে আৰক্ষীয়ে চিলিং ফেনত ওলমি থকা কনিষ্ঠ দেৱানী ন্যায়াধীশগৰাকীৰ মৃতদেহটো আৱিষ্কাৰ কৰে।

বুদৌনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আলোক প্ৰিয়াদৰ্শীয়ে জনোৱা মতে, তেওঁৰ কোঠাৰ পৰা এখন চুইচাইড নোটৰ লগতে অন্যান্য নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে।বৰ্তমান মাউ জিলাৰ পৰা অহা জ্যোৎস্না ৰায়ক যোৱা বছৰৰ এপ্ৰিল মাহত বদৌনত দেৱানী ন্যায়াধীশ (জুনিয়ৰ বিভাগ) হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ আগতে তেওঁ অযোধ্যাত ন্যায়িক দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু