--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক চাঞ্চল্যকৰ আত্মহত্যাই জোকাৰিছে উত্তৰ প্ৰদেশ৷ উত্তৰ প্ৰদেশৰ বদৌনত এজন কনিষ্ঠ দেৱানী দণ্ডাধীশে আত্মহত্যা কৰে বুলি শনিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে।জ্যোৎস্না ৰায় নামৰ ২৭ বছৰীয়া দণ্ডাধীশগৰাকীৰ মৃতদেহ ঘৰৰ ভিতৰত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।

পুৱা ১০ বজাৰ ভিতৰত জ্যোৎস্না আদালতত উপস্থিত নোহোৱাত এই ঘটনা পোহৰলৈ আহে, যাৰ বাবে তেওঁৰ সতীৰ্থসকলে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ বাধ্য হয়। ফোন কলবোৰৰ উত্তৰ নোহোৱাৰ লগে লগে উদ্বিগ্ন সহকৰ্মীসকলে জাজ কলনীত থকা থকা ঘৰলৈ গৈ জ্যোৎস্নাৰ শোৱা কোঠাৰ ভিতৰৰ পৰা তলা লগোৱা দেখে। ইয়াৰ পাছতে আৰক্ষীক ফোন কৰা হয়।দুৱাৰ ভাঙি খোলাৰ লগে লগে আৰক্ষীয়ে চিলিং ফেনত ওলমি থকা কনিষ্ঠ দেৱানী ন্যায়াধীশগৰাকীৰ মৃতদেহটো আৱিষ্কাৰ কৰে।

বুদৌনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আলোক প্ৰিয়াদৰ্শীয়ে জনোৱা মতে, তেওঁৰ কোঠাৰ পৰা এখন চুইচাইড নোটৰ লগতে অন্যান্য নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে।বৰ্তমান মাউ জিলাৰ পৰা অহা জ্যোৎস্না ৰায়ক যোৱা বছৰৰ এপ্ৰিল মাহত বদৌনত দেৱানী ন্যায়াধীশ (জুনিয়ৰ বিভাগ) হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ আগতে তেওঁ অযোধ্যাত ন্যায়িক দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক