--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তীব্ৰ চাপৰ সন্মুখীন হৈছে কেজৰিৱালৰ চৰকাৰ। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘৰত দিল্লীৰ অপৰাধ শাখাৰ বিষয়া উপস্থিত হোৱাৰ পিছত এইবাৰ মন্ত্ৰী  আতিশীৰ ঘৰতো উপস্থিত হৈছে। আপৰ সাতগৰাকী  বিধায়কক ক্ৰয় কৰিবলৈ বিজেপিয়ে চেষ্টা চলোৱা বুলি কেজৰিৱালে অভিযোগ কৰাৰ পিছতে দিল্লীৰ অপৰাধ শাখাই আপৰ নেতাসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে।  কেজৰিৱাল আৰু আতিশী দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ নজৰত আছে। আৰক্ষীয়ে আতিশীৰ ঘৰত  উপস্থিত হোৱাৰ সময়ত মন্ত্ৰীগৰাকী ঘৰত নাছিল। গতিকে বিষয়াসকলে জাননী নিদিয়াকৈয়ে উভতি আহিবলগীয়া হয়। 

ইয়াৰ পূৰ্বে, দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়াসকলে কেজৰিৱালৰ বাসগৃহত উপস্থিত হৈছিল। কেজৰিৱালে কেইদিনমান আগতে অভিযোগ কৰিছিল যে বিজেপিয়ে আপৰ বিধায়কসকলক ক্ৰয় কৰিবলৈ চেষ্টা কৰি আছে। অভিযোগৰ ভিত্তিত  অপৰাধ শাখাই কেজৰিৱালৰ বাসগৃহত উপস্থিত হৈ  প্ৰায় পাঁচ ঘণ্টাথকাৰ  পিছত জাননী জাৰি কৰে। জাননীখনত  তিনি দিনৰ ভিতৰত কেজৰিৱালৰ সঁহাৰি বিচৰা হৈছে। কেজৰিৱাল অৱশ্যে সেই সময়ত বাসগৃহত নাছিল। এই ঘটনাৰ পিছতে কেজৰিৱালে কয় "দিল্লী আৰক্ষীৰ প্ৰতি মোৰ সহানুভূতি আছে। তেওঁলোকক অপৰাধ প্ৰতিৰোধ কৰাৰ পৰিৱৰ্তে নাটক কৰিবলৈ বাধ্য কৰা হৈছে। "

 ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপে কৈছে , "মোদীয়ে কেজৰিৱালৰ ঘৰলৈ কৌতুক কৰিবলৈ আৰক্ষী প্ৰেৰণ কৰিছে। আৰক্ষীয়ে এটাও প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। কোন আইনৰ অধীনত এনে এখন জাননী প্ৰেৰণ  হৈছে,  যিখন  কেৱল মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱেহে দিব পাৰি?" প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি)ও শনিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতত আপৰ মুৰব্বী কেজৰিৱালৰ  বিৰুদ্ধে আবকাৰী কেলেংকাৰী সন্দৰ্ভত অভিযোগ দাখিল কৰিছে।   পাঁচ বাৰ  চমন জাৰি কৰাৰ পিছতো কেজৰিৱাল ইডিৰ  সন্মুখত হাজিৰ হোৱা নাছিল। গোচৰটোৰ শুনানি ৭ ফেব্ৰুৱাৰীত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক