--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তীব্ৰ চাপৰ সন্মুখীন হৈছে কেজৰিৱালৰ চৰকাৰ। দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ ঘৰত দিল্লীৰ অপৰাধ শাখাৰ বিষয়া উপস্থিত হোৱাৰ পিছত এইবাৰ মন্ত্ৰী  আতিশীৰ ঘৰতো উপস্থিত হৈছে। আপৰ সাতগৰাকী  বিধায়কক ক্ৰয় কৰিবলৈ বিজেপিয়ে চেষ্টা চলোৱা বুলি কেজৰিৱালে অভিযোগ কৰাৰ পিছতে দিল্লীৰ অপৰাধ শাখাই আপৰ নেতাসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে।  কেজৰিৱাল আৰু আতিশী দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ নজৰত আছে। আৰক্ষীয়ে আতিশীৰ ঘৰত  উপস্থিত হোৱাৰ সময়ত মন্ত্ৰীগৰাকী ঘৰত নাছিল। গতিকে বিষয়াসকলে জাননী নিদিয়াকৈয়ে উভতি আহিবলগীয়া হয়। 

ইয়াৰ পূৰ্বে, দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়াসকলে কেজৰিৱালৰ বাসগৃহত উপস্থিত হৈছিল। কেজৰিৱালে কেইদিনমান আগতে অভিযোগ কৰিছিল যে বিজেপিয়ে আপৰ বিধায়কসকলক ক্ৰয় কৰিবলৈ চেষ্টা কৰি আছে। অভিযোগৰ ভিত্তিত  অপৰাধ শাখাই কেজৰিৱালৰ বাসগৃহত উপস্থিত হৈ  প্ৰায় পাঁচ ঘণ্টাথকাৰ  পিছত জাননী জাৰি কৰে। জাননীখনত  তিনি দিনৰ ভিতৰত কেজৰিৱালৰ সঁহাৰি বিচৰা হৈছে। কেজৰিৱাল অৱশ্যে সেই সময়ত বাসগৃহত নাছিল। এই ঘটনাৰ পিছতে কেজৰিৱালে কয় "দিল্লী আৰক্ষীৰ প্ৰতি মোৰ সহানুভূতি আছে। তেওঁলোকক অপৰাধ প্ৰতিৰোধ কৰাৰ পৰিৱৰ্তে নাটক কৰিবলৈ বাধ্য কৰা হৈছে। "

 ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপে কৈছে , "মোদীয়ে কেজৰিৱালৰ ঘৰলৈ কৌতুক কৰিবলৈ আৰক্ষী প্ৰেৰণ কৰিছে। আৰক্ষীয়ে এটাও প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। কোন আইনৰ অধীনত এনে এখন জাননী প্ৰেৰণ  হৈছে,  যিখন  কেৱল মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱেহে দিব পাৰি?" প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি)ও শনিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতত আপৰ মুৰব্বী কেজৰিৱালৰ  বিৰুদ্ধে আবকাৰী কেলেংকাৰী সন্দৰ্ভত অভিযোগ দাখিল কৰিছে।   পাঁচ বাৰ  চমন জাৰি কৰাৰ পিছতো কেজৰিৱাল ইডিৰ  সন্মুখত হাজিৰ হোৱা নাছিল। গোচৰটোৰ শুনানি ৭ ফেব্ৰুৱাৰীত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু