--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ল সিদ্দাৰামাইয়া। উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে। কৰ্ণাটক বিধানসভা নিৰ্বাচনত জয়লাভৰ ৫ দিনৰ পাছত বৃহস্পতিবাৰে কংগ্ৰেছ হাইকমাণ্ডক এই কথা অৱগত কৰে এআইচিচিৰ সাংগঠনিক সাধাৰণ সম্পাদক কেচি বেনুগোপালে। তেওঁ কয় যে উপ-মুখ্যমন্ত্ৰী পদৰ উপৰিও শিৱকুমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদতো বাহাল থাকিব।

শিৱকুমাৰে বৃহস্পতিবাৰে টুইট কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ সৈতে তেওঁ আৰু সিদ্ধাৰমাইয়াৰ এখন ছবি টুইট কৰে। তেওঁ টুইটাৰত লিখিছে, কৰ্ণাটকৰ সুৰক্ষিত ভৱিষ্যত আৰু আমাৰ জনসাধাৰণৰ কল্যাণ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। আৰু আমি ইয়াৰ নিশ্চয়তা দিবলৈ একত্ৰিত হৈছো।” কংগ্ৰেছৰ এক সূত্ৰই কয় যে অহা শনিবাৰে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব।

কংগ্ৰেছৰ এক সূত্ৰই পূৰ্বে জনাইছিল যে অৱশেষত কৰ্ণাটকৰ ৰাজস্থান আৰু ছত্তীশগড়ৰ ‘মডেল’ অনুসৰণ কৰিব পাৰে হাইকমাণ্ডে। সিদ্দাৰমাইয়াক মুখ্যমন্ত্ৰী আৰু শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী পদ দিব পাৰে। সেই ভৱিষ্যদ্বাণী বৃহস্পতিবাৰে সঁচা হ’ল। ইয়াৰ ফলত অৱশ্যে ভৱিষ্যতে ৰাজ্যখনৰ ক্ষমতাৰ নিয়ন্ত্ৰণক লৈ দলৰ ভিতৰত সংঘাতৰ পৰিৱেশ সৃষ্টি হোৱাৰ আশংকাৰো সৃষ্টি হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ