--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ল সিদ্দাৰামাইয়া। উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে। কৰ্ণাটক বিধানসভা নিৰ্বাচনত জয়লাভৰ ৫ দিনৰ পাছত বৃহস্পতিবাৰে কংগ্ৰেছ হাইকমাণ্ডক এই কথা অৱগত কৰে এআইচিচিৰ সাংগঠনিক সাধাৰণ সম্পাদক কেচি বেনুগোপালে। তেওঁ কয় যে উপ-মুখ্যমন্ত্ৰী পদৰ উপৰিও শিৱকুমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদতো বাহাল থাকিব।

শিৱকুমাৰে বৃহস্পতিবাৰে টুইট কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ সৈতে তেওঁ আৰু সিদ্ধাৰমাইয়াৰ এখন ছবি টুইট কৰে। তেওঁ টুইটাৰত লিখিছে, কৰ্ণাটকৰ সুৰক্ষিত ভৱিষ্যত আৰু আমাৰ জনসাধাৰণৰ কল্যাণ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। আৰু আমি ইয়াৰ নিশ্চয়তা দিবলৈ একত্ৰিত হৈছো।” কংগ্ৰেছৰ এক সূত্ৰই কয় যে অহা শনিবাৰে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব।

কংগ্ৰেছৰ এক সূত্ৰই পূৰ্বে জনাইছিল যে অৱশেষত কৰ্ণাটকৰ ৰাজস্থান আৰু ছত্তীশগড়ৰ ‘মডেল’ অনুসৰণ কৰিব পাৰে হাইকমাণ্ডে। সিদ্দাৰমাইয়াক মুখ্যমন্ত্ৰী আৰু শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী পদ দিব পাৰে। সেই ভৱিষ্যদ্বাণী বৃহস্পতিবাৰে সঁচা হ’ল। ইয়াৰ ফলত অৱশ্যে ভৱিষ্যতে ৰাজ্যখনৰ ক্ষমতাৰ নিয়ন্ত্ৰণক লৈ দলৰ ভিতৰত সংঘাতৰ পৰিৱেশ সৃষ্টি হোৱাৰ আশংকাৰো সৃষ্টি হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ