--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যকে। যোৱা কিছুদিন ধৰি হৈ থকা বৰষুণৰ পিছত এতিয়া গৰমে ৰাজ্যত তাণ্ডৱৰ সৃষ্টি কৰিছে। গৰমৰ দিনত দেহটোক সুস্থ কৰি ৰাখিবলৈ আমি প্ৰচুৰ পৰিমাণে বিশুদ্ধ পানী খোৱাত হেলা কৰিব নালাগিব। এই সময়ছোৱা যিহেতু ৰোগ-ব্যাধিৰে সময় সেয়ে স্বাস্থ্যৰ বিষয়ত আমি সচেতন হ’বই লাগিব। তাতে আকৌ বানে গৰকা অসমত এতিয়া কলেৰা, ডায়েৰিয়া, জণ্ডিছ আদি ৰোগৰো প্ৰকোপ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। 

এনে সময়ত যিমান পাৰি সিমান জুলীয়া খাদ্য আমি গ্ৰহণ কৰাটো নিশ্চয়কৈ উচিৎ হ’ব। জুলীয়া খাদ্যই শৰীৰত পানীৰ পৰিমাণ সঠিক কৰি ৰখাৰ লগতে দেহক পুষ্টিও যোগাব। 

গৰমৰ দিন কেইটাত আমি ঘৰতে কেতবোৰ বিশেষ পানীয় প্ৰস্তুত কৰি ল’ব পাৰে। এনেবোৰ পানীয়ই দেহ জুৰ পেলাই ৰখাৰ লগতে শৰীৰটোক সুস্থ, সৱল কৰি ৰাখিব পাৰে। তদুপৰি  শৰীৰৰ মেদ দূৰ কৰাটো এনেবোৰ পানীয়ই সহায় কৰিব। আহক চাওঁ আমি ঘৰতে কি কি পানীয় প্ৰস্তুত কৰি ল’ব পাৰো 

তিয়ঁহৰ ৰস

ঘৰতে মিক্সি ব্যৱহাৰ কৰি বা পটাত বটিও তিয়ঁহৰ ৰস উলিয়াই ল’ব পাৰি। ৰাতি শোৱাৰ পূৰ্বে তিয়ঁহৰ ৰস খাব লাগে, ই বৰ উপকাৰী। তিয়ঁহৰ ৰসে পেটৰ মেদ দূৰ কৰাৰ লগতে হজম শক্তিও বৃদ্ধি কৰে।তিয়ঁহৰ ৰস শীতল আৰু ই  ৪৫ কেলেৰীযুক্ত।ছালৰ স্বাস্থ্য ৰক্ষাতো তিয়ঁহৰ ৰস উপকাৰী।


নেমুৰ ৰস

নেমুৰ ৰসেৰে তৈয়াৰী পানীয় গৰম কালত শৰীৰৰ বাবে অতি উপকাৰী। এই ৰসে শৰীৰত জমা হোৱা সকলো ক্ষতিকাৰক দ্ৰব্য নিষ্কাশন কৰাৰ লগতে দেহৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়াত সহায় কৰে। মেদ হ্ৰাস কৰি এনে পানীয়ই  শৰীৰৰ ওজন কমাব পাৰে। তদুপৰি নেমুৰ ৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে। প্ৰাকৃতিক ভাবে ভিটামিন চি পোৱাৰ বিকল্প নেমুৰ ৰসৰ বাদে আন একো হ’ব নোৱাৰে।


এল’ভেৰাৰ ৰস

এল’ভেৰাৰ জুচো ঘৰতে প্ৰস্তুত কৰি ল’ব পাৰি। মাত্ৰ এই ক্ষেত্ৰত সাৱধান হ’ব লাগিব যাতে যিজোপা গছৰ পৰা এনে ৰস উলিওৱা হয় সেই গছজোপা যাতে এল’ভেৰা হয়। বহুতে দেখাত একে হোৱা বাবে আন গছকো এল’ভেৰা বুলি ভুল কৰে।এল’ভেৰাৰ ৰসে ছাল মসৃণ কৰি তোলে আৰু শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে। ৰাতি শোৱাৰ পূৰ্বে একাপ এল’ভেৰাৰ জুচ খালে বহু উপকাৰ পোৱা যায়।


আদাৰ ৰস

আদা হজমী শক্তিৰ বাবে উপাদেয় হোৱাৰ লগতে ই অম্লপিত্তৰ সমস্যাও দূৰ কৰিব পাৰে। দৈনিক কেইচামুচমান আদাৰ ৰস খালেও শৰীৰ মেদ কমাৰ লগতে হজমী শক্তিও বৃদ্ধি পায়। অৱশ্যে সকলো মানুহে আদাৰ ৰস সহ্য কৰিব নোৱাৰে। সেই যিসকলৰ এনে ৰসে অপকাৰ কৰা যেন ভাব হয় তেওঁলোকে আদাৰ ৰস নোখোৱাই ভাল। অত্যধিক আদাৰ ৰস খালে দেহত তেজ গোট মৰা শক্তি কমি যাব পাৰে। সেইবাবে কেইচামুচমান আদাৰ ৰসেই যথেষ্ট।



মিশ্ৰিত ৰস

কেইবাবিধো ৰস মিহলি কৰি ঘৰতে এবিধ অতি সুন্দৰ ৰস প্ৰস্তুত কৰি ল’ব পাৰি।
তিয়ঁহ,  ধনীয়া, নেমু, আধা আৰু এল’ভেৰাৰ ৰস পানীৰ লগত মিহলাই তাত সামান্য ক’লা নিমখ দি আধা কাপকৈ ৰাতি শোৱাৰ পূৰ্বে খালে পেটৰ মেদ  কমে।

 এনেবোৰ ৰসৰ লগতে আমি ঘৰতে আম, আনাৰস, ক’লা জাম আদিৰ ৰসো প্ৰস্তুত কৰি খাব পাৰো। এনে ৰস প্ৰস্তুত কৰোতে খৰচো বেছি নপৰে, সময়ো বেছি নালাগে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো