--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চয়াবিন আমাৰ সকলোৰে এক পৰিচিত খাদ্য। চয়াবিন খাই বহুলোকেই ভালপায়। বহুতে ধেমালিতে চয়াবিনক হাড় নাইকিয়া মাংস বুলিও অভিহিত কৰে। আমিষভোজী-নিৰামিষভোজীসকলৰ খাদ্য তালিকাত চয়াবিনে সদায় বিশেষ গুৰুত্ব পাই আহিছে। চয়াবিনেৰে বিভিন্ন ব্যঞ্জন ৰান্ধি খাব পাৰি। চয়াবিনত প্রচুৰ প্র'টিন পোৱা যায়। ইয়াত পোৱা প্র'টিন কণী, গাখীৰ আৰু মাংসত পোৱা প্র'টিনকৈ বেছি। কেৱল সেয়াই নহয়, ভিটামিন বি কমপ্লেক্স, ভিটামিন ই, খনিজ আৰু এমিনো এচিড পর্যাপ্ত পৰিমাণে পোৱা যায় যিয়ে দেহৰ বিভিন্ন চাহিদা পূৰণ কৰে আৰু বহু গুৰুতৰ ৰোগৰ পৰা ৰক্ষা কৰে। চয়াবিনৰ জৰিয়তে শাৰীৰিক বিকাশ, ছালৰ সমস্যা আৰু চুলিৰ সমস্যাৰো নিৰাময় সম্ভৱ। চয়াবিনত কেলচিয়াম, আইৰণ, কপাৰ, মেগনেছিয়াম, মেংগানিজ, ফচফৰাছ, পটেচিয়াম, ছডিয়াম, জিংক আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। 

চয়াবিনৰ নানা উপকাৰিতাৰ বিষয়ে জানো আহক-


১)চয়াবিনে কেন্সাৰৰ দৰে বিপজ্জনক ৰোগ প্রতিৰোধ কৰিব পাৰে।ইয়াত পোৱা এন্টি-অক্সিডেন্টবোৰ বিভিন্ন ধৰণৰ কেন্সাৰ প্রতিৰোধত সহায়ক। ই দেহত কেন্সাৰ সৃষ্টিকাৰী কোষবোৰৰ বৃদ্ধি ৰোধ কৰে। ইয়াৰ উপৰি ইয়াত থকা ফাইবাৰ কোলন কেন্সাৰৰ সম্ভাৱনা কমোৱাত সহায়ক। 

২)চয়াবিনে হাড়ক শক্তিশালী কৰা কাম কৰে। ইয়াত ভিটামিন আৰু খনিজ পদার্থ পোৱা যায়। ইয়াৰ উপৰি কেলচিয়াম, মেগনেচিয়াম, তাম, ছেলেনিয়াম আৰু দস্তাও প্রচুৰ পৰিমাণে পোৱা যায়। এইবোৰ পুষ্টিয়ে শৰীৰত হাড়ক মজবুত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। 

৩)ডায়েবেটিছত চয়াবিন খোৱাটো উপকাৰী। ইয়াত পোৱা প্র'টিনে গ্লুক'জ নিয়ন্ত্রণ কৰে আৰু ইনছুলিনৰ প্রতিবন্ধকতা হ্রাস কৰিব পাৰে।

৪)চয়াবিনে মানসিক ভাৰসাম্য সংশোধন কৰি মনক সতেজ কৰি তোলে।

৫)চয়াবিন ফলিক এচিড আৰু ভিটামিন বি কমপ্লেক্সেৰে সমৃদ্ধ যি গৰ্ভৱতী মহিলাৰ বাবে অতি প্ৰয়োজনীয়।

৬)চয়াবিনত উচ্চ পৰিমাণৰ আহাৰৰ আঁহ থাকে। শৰীৰৰ সম্পূৰ্ণ কাৰ্যকলাপৰ বাবে আহাৰৰ আঁহ অত্যাৱশ্যকীয় আৰু পাচন তন্ত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৭)চয়াবিনত থকা লো আৰু তাম হৈছে দুটা অত্যাৱশ্যকীয় খনিজ যি লোহিত ৰক্ত কণিকা উৎপাদনৰ বাবে গুৰুত্বপূৰ্ণ উপাদান।

৮)চয়াবিন অন্যান্য টোপনিৰ বিকাৰৰ লগতে অনিদ্ৰাৰ সমস্যা হ্ৰাস কৰাত প্ৰভাৱশালী।

৯)চয়াবিন হৈছে স্বাস্থ্যকৰ অʼমেগা-৬ ফেটি এচিড যেনে- লিনোলেনিক এচিড আৰু আলফা-লিনোলেনিক এচিডৰ এক উৎকৃষ্ট উৎস যি এল.ডি.এল. কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে আৰু আৰু হৃদৰোগৰ আশংকা প্ৰতিহত কৰে।

১০)চয়াবিন হৈছে মাছ-মাংস, কণী, আৰু দুগ্ধজাত সামগ্ৰীৰ দৰে প্ৰ’টিনৰ এক সঠিক বিকল্প যিয়ে নিৰামিষভোজীসকলৰ প্ৰ’টিনৰ চাহিদা পূৰণ কৰাত সহায় কৰে।

গতিকে আপোনাৰ খাদ্য তালিকাত চয়াবিনক স্থান দিয়ক আৰু সুস্বাস্থ্য গঢ়ি তোলাত আগভাগ লওক। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো