--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চয়াবিন আমাৰ সকলোৰে এক পৰিচিত খাদ্য। চয়াবিন খাই বহুলোকেই ভালপায়। বহুতে ধেমালিতে চয়াবিনক হাড় নাইকিয়া মাংস বুলিও অভিহিত কৰে। আমিষভোজী-নিৰামিষভোজীসকলৰ খাদ্য তালিকাত চয়াবিনে সদায় বিশেষ গুৰুত্ব পাই আহিছে। চয়াবিনেৰে বিভিন্ন ব্যঞ্জন ৰান্ধি খাব পাৰি। চয়াবিনত প্রচুৰ প্র'টিন পোৱা যায়। ইয়াত পোৱা প্র'টিন কণী, গাখীৰ আৰু মাংসত পোৱা প্র'টিনকৈ বেছি। কেৱল সেয়াই নহয়, ভিটামিন বি কমপ্লেক্স, ভিটামিন ই, খনিজ আৰু এমিনো এচিড পর্যাপ্ত পৰিমাণে পোৱা যায় যিয়ে দেহৰ বিভিন্ন চাহিদা পূৰণ কৰে আৰু বহু গুৰুতৰ ৰোগৰ পৰা ৰক্ষা কৰে। চয়াবিনৰ জৰিয়তে শাৰীৰিক বিকাশ, ছালৰ সমস্যা আৰু চুলিৰ সমস্যাৰো নিৰাময় সম্ভৱ। চয়াবিনত কেলচিয়াম, আইৰণ, কপাৰ, মেগনেছিয়াম, মেংগানিজ, ফচফৰাছ, পটেচিয়াম, ছডিয়াম, জিংক আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। 

চয়াবিনৰ নানা উপকাৰিতাৰ বিষয়ে জানো আহক-


১)চয়াবিনে কেন্সাৰৰ দৰে বিপজ্জনক ৰোগ প্রতিৰোধ কৰিব পাৰে।ইয়াত পোৱা এন্টি-অক্সিডেন্টবোৰ বিভিন্ন ধৰণৰ কেন্সাৰ প্রতিৰোধত সহায়ক। ই দেহত কেন্সাৰ সৃষ্টিকাৰী কোষবোৰৰ বৃদ্ধি ৰোধ কৰে। ইয়াৰ উপৰি ইয়াত থকা ফাইবাৰ কোলন কেন্সাৰৰ সম্ভাৱনা কমোৱাত সহায়ক। 

২)চয়াবিনে হাড়ক শক্তিশালী কৰা কাম কৰে। ইয়াত ভিটামিন আৰু খনিজ পদার্থ পোৱা যায়। ইয়াৰ উপৰি কেলচিয়াম, মেগনেচিয়াম, তাম, ছেলেনিয়াম আৰু দস্তাও প্রচুৰ পৰিমাণে পোৱা যায়। এইবোৰ পুষ্টিয়ে শৰীৰত হাড়ক মজবুত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। 

৩)ডায়েবেটিছত চয়াবিন খোৱাটো উপকাৰী। ইয়াত পোৱা প্র'টিনে গ্লুক'জ নিয়ন্ত্রণ কৰে আৰু ইনছুলিনৰ প্রতিবন্ধকতা হ্রাস কৰিব পাৰে।

৪)চয়াবিনে মানসিক ভাৰসাম্য সংশোধন কৰি মনক সতেজ কৰি তোলে।

৫)চয়াবিন ফলিক এচিড আৰু ভিটামিন বি কমপ্লেক্সেৰে সমৃদ্ধ যি গৰ্ভৱতী মহিলাৰ বাবে অতি প্ৰয়োজনীয়।

৬)চয়াবিনত উচ্চ পৰিমাণৰ আহাৰৰ আঁহ থাকে। শৰীৰৰ সম্পূৰ্ণ কাৰ্যকলাপৰ বাবে আহাৰৰ আঁহ অত্যাৱশ্যকীয় আৰু পাচন তন্ত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৭)চয়াবিনত থকা লো আৰু তাম হৈছে দুটা অত্যাৱশ্যকীয় খনিজ যি লোহিত ৰক্ত কণিকা উৎপাদনৰ বাবে গুৰুত্বপূৰ্ণ উপাদান।

৮)চয়াবিন অন্যান্য টোপনিৰ বিকাৰৰ লগতে অনিদ্ৰাৰ সমস্যা হ্ৰাস কৰাত প্ৰভাৱশালী।

৯)চয়াবিন হৈছে স্বাস্থ্যকৰ অʼমেগা-৬ ফেটি এচিড যেনে- লিনোলেনিক এচিড আৰু আলফা-লিনোলেনিক এচিডৰ এক উৎকৃষ্ট উৎস যি এল.ডি.এল. কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে আৰু আৰু হৃদৰোগৰ আশংকা প্ৰতিহত কৰে।

১০)চয়াবিন হৈছে মাছ-মাংস, কণী, আৰু দুগ্ধজাত সামগ্ৰীৰ দৰে প্ৰ’টিনৰ এক সঠিক বিকল্প যিয়ে নিৰামিষভোজীসকলৰ প্ৰ’টিনৰ চাহিদা পূৰণ কৰাত সহায় কৰে।

গতিকে আপোনাৰ খাদ্য তালিকাত চয়াবিনক স্থান দিয়ক আৰু সুস্বাস্থ্য গঢ়ি তোলাত আগভাগ লওক। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?