--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ভাৰতৰ কলকাতাৰ ৰাণাঘাট ৰেল ষ্টেচনত গীত গাই ভিক্ষা কৰি জীয়াই আছিল এগাৰকী নাৰী। ষ্টেচনত গোৱা সেই কণ্ঠই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এসময়ত। ৰাজপথৰ পৰা ৰাজকীয় মঞ্চলৈ বিয়পি পৰিছিল তেওঁৰ কন্ঠ। এটা নিশাৰ ভিতৰতে ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰে এক পৰিচিত হৈ পৰা নাৰী গৰাকী আছিল ৰানু মণ্ডল। পৰৱৰ্তী সময়ত তেওঁ আৰু উভতি চাবলগীয়া হোৱা নাই। বলীউডলৈ গুচি গ’ল ৰানু মণ্ডল। প্ৰতিভাধৰ সংগীত পৰিচালক হিমেশ ৰেশমিয়াৰ সৈতে হিন্দী চলচ্চিত্ৰত গান গাবলৈ ৰানু মণ্ডলক বাচনি কৰা হৈছিল।

'তেৰী মেৰী' শীৰ্ষক জনপ্ৰিয় হিন্দী গীতটি ৰানু মণ্ডলৰ সৈতে হিমেশ ৰেশমিয়াই পৰীক্ষামূলকভাৱে সমাজিক মাধ্যমত প্ৰচাৰ কৰিছিল। জনপ্ৰিয় হৈ পৰিল ৰানু মণ্ডল। তেওঁক আৰু কোনে পায়? কিন্তু সময়ৰ সোঁতত ৰানুৱে এই তাৰকা খ্যাতি বেছি দিন ধৰি ৰাখিব নোৱাৰিলে। অহংকাৰেই কাল হ’ল তেওঁৰ। পুনৰ ৰাণাঘাট ষ্টেচনলৈ উভতি গ’ল ৰানু। কিন্তু শেহতীয়াকৈ পুনৰ চৰ্চিত হৈ পৰিছে ৰানু মণ্ডল। কিন্তু কিয় ? জানিবলৈ পোৱা মতে, বলীউডৰ প্ৰযোজক হৃষীকেশ মণ্ডলে সম্প্ৰতি ৰানুৰ নাটকীয় উত্থান আৰু পৰ্দাত জিলিকি উঠাৰ ৰোমাঞ্চকৰ কাহিনীৰ কথা উপস্থাপন কৰিছে। প্ৰযোজক গৰাকীয়ে ৰানু মণ্ডলক আধাৰ হিচাপে লৈ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰিছে।

এই চলচ্চিত্ৰখনত 'ছিক্ৰেট গেমছ'ৰ অভিনেত্ৰী ঈশিকা দেই ৰানু মণ্ডলৰ চৰিত্ৰত অভিনয় কৰা বুলিও তেওঁ জানিবলৈ দিছে। চলচ্চিত্ৰখন নিৰ্মাণ সন্দৰ্ভত প্ৰযোজক গৰাকীয়ে কয় যে, ‘এসময়ত কলকাতাৰ ৰাণাঘাট ষ্টেচনৰ প্লেটফৰ্মত বহি বলীউডলৈ যাত্ৰা কৰাতো ৰানু মণ্ডলৰ বাবে এটা সপোনৰ পূৰণৰ দৰেই ঘটনা আছিল। হিমেশ ৰেশমিয়াৰ সহযোগত হিন্দী গীতত কন্ঠদান,ৰানুৰ অহংকাৰ এই সকলোখিনি কাহিনীকাৰে প্ৰকাশ কৰা হ’ব চলচ্চিত্ৰত। ৰানুৰ ভুলখিনিয়েই উপস্থাপন কৰা হ’ব যাতে তেওঁ সেই ভুলৰ শুধৰণি কৰি অনাগত সময়ত ৰানুৱে আগুৱাই যাব পাৰে।‘


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ