--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশবাসীৰ সপোন ইতিমধ্যে পূৰণ কৰিছে নীৰজ চোপ্ৰাই। এতিয়া এটা এটাকৈ নিজৰ সপোনবোৰ পূৰণ কৰি আছে স্বৰ্ণজয়ী ভাৰতীয় এথলীটগৰাকীয়ে। পিতৃ-মাতৃৰ সৈতে আকাশীযানেৰে যাত্ৰা কৰাৰ পাছত পোনপটীয়াকৈ অমিতাভ বচ্চনৰ মুখামুখি হ’ব দ্য গ’ল্ডেন বয়। বিগ বিৰ প্ৰশ্নৰ সন্মুখীন হ'ব জেভলিন থ্ৰ'য়াৰ নীৰজে। নীৰজ চোপ্ৰাই চলিত সপ্তাহত কেবিচিৰ শুক্ৰবাৰৰ খণ্ডটোত উপস্থিত থাকিব। তেওঁৰ লগতে অনুষ্ঠানটোত আন এজন পদক বিজয়ী অলিম্পিয়ান পি আৰ শ্ৰীজেশো উপস্থিত থাকিব বুলি জানিবলৈ পোৱা গৈছে। ‘কৌন বনেগা কৰোড়পতি’ৰ বিশেষ খণ্ডটো চাবলৈ বাট চাই আছে দৰ্শকসকল।

কেবিচিৰ শানদাৰ শুক্ৰবাৰৰ নতুন প্ৰ'ম' দেখি উৎসাহিত হৈ পৰিছে দৰ্শক। অনুষ্ঠানটো জাকত-জিলিকা হোৱাৰে ইংগিত বহন কৰিছে শেহতীয়া প্ৰম’টোৱে । নীৰজ আৰু শ্ৰীজেশৰ প্ৰৱেশেৰে আৰম্ভ হোৱা প্ৰম'টো, অনুষ্ঠানটোৰ সঞ্চালক অমিতাভ বচ্চনৰ 'হিন্দুস্তান জিন্দাবাদ'ৰ সৈতে সামৰণি পৰে। এই খণ্ডটো সম্প্ৰচাৰিত হ’ব ১৭ ছেপ্টেম্বৰত। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কেবিচিৰ প্ৰম’টো। উল্লেখ্য যে, কেবিচিত প্ৰতি শুক্ৰবাৰে অমিতাভ বচ্চনৰ বিপৰীতে হট চিটত দেশৰ বিভিন্ন প্ৰান্তৰ চেলিব্ৰেটীসকল উপস্থিত থাকে।

বিগত সপ্তাহটোত দীপিকা পাডুকন আৰু ফাৰাহ খান বিগ বি-ৰ সৈতে শুক্ৰবাৰৰ খণ্ডটোত উপস্থিত আছিল।ইয়াৰ পূৰ্বৰ খণ্ডত সৌৰভ গাংগুলী আৰু বীৰেন্দ্ৰ ছেহৱাগ উপস্থিত আছিল। স্বাভাৱিকতে কেবিচিৰ শুক্ৰবাৰৰ খণ্ডবোৰ জীৱনৰ বহু অকথিত গল্প আৰু ধেমালিৰে ৰোমাঞ্চকৰ হৈ উঠিছে। আনহাতে, চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা ‘কৌন বনেগা কৰোড়পতি’ চিজন-১৩ আৰম্ভ হৈছে। আগ্ৰাৰ হিমানী বুন্দেলা চলিত ছিজনৰ প্ৰথম কোটিপতি হিচাপে কৃতিত্ব অৰ্জন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ