--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিলৰ মহান ফুটবলাৰ পেলেৰ দেহাৱসান। এই খবৰে শোকত ম্ৰিয়মান কৰি তুলিছে বিশ্ববাসীক। ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ফুটবলৰ সম্ৰাটগৰাকীয়ে। কলন কেন্সাৰ ৰোগৰ সৈতে যুঁজ দি আছিল ফুটবল খেলুৱৈগৰাকীয়ে। ১৯৪০ চনৰ ২৩ অক্টোবৰত ব্ৰাজিলৰ মিনছ গেৰেছ ৰাজ্যত জন্মগ্ৰহণ কৰিছিল পেলেই। পিতৃৰ পৰা ফুটবলৰ শিক্ষা গ্ৰহণ কৰিছিল পেলেই। পেলেই তিনিবাৰকৈ বিশ্বজয় কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী মহান খেলুৱৈৰ জীৱনৰ ৮টা ডাঙৰ কথা জানো আহক।

১) পেলে তিনিবাৰ বিশ্বকাপ জয় কৰা একমাত্ৰ খেলুৱৈ, যিয়ে ১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনত বিশ্বকাপ জয় কৰিছিল।

২) ১৭ বছৰ বয়সত তেওঁ বিশ্বকাপ জয় কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। ফাইনেলত ছুইডেনৰ বিৰুদ্ধে ২টা গ’ল দিয়ে।

৩) তেওঁ ১২৩৮টা প্ৰথম শ্ৰেণীৰ গ’ল দিছিল, য’ত তেওঁ ব্ৰাজিলৰ হৈ ৭৭টা গ’ল দিছিল।

৪) ১৯৯৯ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে তেওঁক শতিকাৰ এথলীট হিচাপে নিৰ্বাচিত কৰে।

৫) ১৯৬৯ চনৰ ১৯ ​​নৱেম্বৰত পেলেই নিজৰ কেৰিয়াৰৰ ১০০০তম গ’ল দিয়ে। ১৯ নৱেম্বৰত পেলে দিৱস উদযাপন কৰি ছান্টোছত তেওঁৰ ১০০০ সংখ্যক গ’লৰ বৰ্ষপূৰ্তি উদযাপন কৰা হয়।

৬) ১৯৬৭ চনত নাইজেৰিয়াত ৪৮ ঘণ্টীয়া যুদ্ধ বন্ধ কৰি দিয়া হৈছিল যাতে যুদ্ধবিধ্বস্ত দেশখনলৈ যোৱা সকলো সৈনিকে পেলেৰ মেচ চাব পাৰে।

৭) ফিফাৰ দ্বাৰা তেওঁক ‘দ্য গ্ৰেটেষ্ট’ নামেৰে বিভূষিত কৰা হৈছিল।

৮) তেওঁৰ প্ৰকৃত নাম এডছন আৰান্তেছ ডো নাছিমেণ্টোৱে।

বিশ্বফুটবলৰ সম্ৰাট পেলেৰ মৃত্যুত প্ৰাগ নিউজৰ ফালৰ পৰা যাচিলো গভীৰ শ্ৰদ্ধাঞ্জলি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু