--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰাজিলৰ মহান ফুটবলাৰ পেলেৰ দেহাৱসান। এই খবৰে শোকত ম্ৰিয়মান কৰি তুলিছে বিশ্ববাসীক। ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ফুটবলৰ সম্ৰাটগৰাকীয়ে। কলন কেন্সাৰ ৰোগৰ সৈতে যুঁজ দি আছিল ফুটবল খেলুৱৈগৰাকীয়ে। ১৯৪০ চনৰ ২৩ অক্টোবৰত ব্ৰাজিলৰ মিনছ গেৰেছ ৰাজ্যত জন্মগ্ৰহণ কৰিছিল পেলেই। পিতৃৰ পৰা ফুটবলৰ শিক্ষা গ্ৰহণ কৰিছিল পেলেই। পেলেই তিনিবাৰকৈ বিশ্বজয় কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী মহান খেলুৱৈৰ জীৱনৰ ৮টা ডাঙৰ কথা জানো আহক।

১) পেলে তিনিবাৰ বিশ্বকাপ জয় কৰা একমাত্ৰ খেলুৱৈ, যিয়ে ১৯৫৮, ১৯৬২ আৰু ১৯৭০ চনত বিশ্বকাপ জয় কৰিছিল।

২) ১৭ বছৰ বয়সত তেওঁ বিশ্বকাপ জয় কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়। ফাইনেলত ছুইডেনৰ বিৰুদ্ধে ২টা গ’ল দিয়ে।

৩) তেওঁ ১২৩৮টা প্ৰথম শ্ৰেণীৰ গ’ল দিছিল, য’ত তেওঁ ব্ৰাজিলৰ হৈ ৭৭টা গ’ল দিছিল।

৪) ১৯৯৯ চনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে তেওঁক শতিকাৰ এথলীট হিচাপে নিৰ্বাচিত কৰে।

৫) ১৯৬৯ চনৰ ১৯ ​​নৱেম্বৰত পেলেই নিজৰ কেৰিয়াৰৰ ১০০০তম গ’ল দিয়ে। ১৯ নৱেম্বৰত পেলে দিৱস উদযাপন কৰি ছান্টোছত তেওঁৰ ১০০০ সংখ্যক গ’লৰ বৰ্ষপূৰ্তি উদযাপন কৰা হয়।

৬) ১৯৬৭ চনত নাইজেৰিয়াত ৪৮ ঘণ্টীয়া যুদ্ধ বন্ধ কৰি দিয়া হৈছিল যাতে যুদ্ধবিধ্বস্ত দেশখনলৈ যোৱা সকলো সৈনিকে পেলেৰ মেচ চাব পাৰে।

৭) ফিফাৰ দ্বাৰা তেওঁক ‘দ্য গ্ৰেটেষ্ট’ নামেৰে বিভূষিত কৰা হৈছিল।

৮) তেওঁৰ প্ৰকৃত নাম এডছন আৰান্তেছ ডো নাছিমেণ্টোৱে।

বিশ্বফুটবলৰ সম্ৰাট পেলেৰ মৃত্যুত প্ৰাগ নিউজৰ ফালৰ পৰা যাচিলো গভীৰ শ্ৰদ্ধাঞ্জলি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক