--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ ঋষভ পন্তৰ গাড়ী দুৰ্ঘটনাত পতিত হয়। হাম্মাদপুৰ ঝালৰ সমীপৰ ৰুৰকিৰ নৰছান সীমান্তত তেওঁৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয়। 

দুৰ্ঘটনাটোৰ কাৰণ টোপনি যোৱা বুলিয়ে প্ৰাথমিক তদন্তত অনুমান কৰা হৈছে। গাড়ীত ঋষভ অকলে আছিল, তেওঁ নিজেই গাড়ী চলাই আহিছিল। তেওঁক ডেৰাডুনৰ মেক্স হাস্পতাললৈ অনা হৈছে। খানপুৰৰ বিধায়ক উমেশ কুমাৰে তেওঁৰ অৱস্থাৰ বিষয়ে জানিবলৈ চিকিৎসালয়ত উপস্থিত হয়।

চিকিৎসকৰ মতে, ঋষভ পন্তে মূৰত আৰু ভৰিত গুৰুতৰভাৱে আঘাত পাইছে। তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হৈছে আৰক্ষী অধীক্ষক দেহাত স্বপ্না কিশোৰ সিং। সাক্ষম হাস্পতালৰ অধ্যক্ষ ডাঃ সুশীল নগৰে কয় যে বৰ্তমান ঋষভ পন্তৰ অৱস্থা সুস্থিৰ, তেওঁক ৰুৰকীৰ পৰা ডেৰাডুনৰ মেক্স হাস্পতাললৈ ৰেফাৰ কৰা হৈছে। তেওঁৰ প্লাষ্টিক চাৰ্জাৰী তাতেই কৰা হ’ব।

প্ৰত্যক্ষদৰ্শীৰ মতে ঋষভৰ গাড়ীখনে ৰেলিঙত খুন্দা মৰাৰ পাছতে গাড়ীখনত জুই লাগে। অতি কষ্টেৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। একে সময়তে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ঋষভ পন্তক দিল্লী পথৰ সাক্ষম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

শুকুৰবাৰে পুৱা ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্ত দিল্লীৰ পৰা গাড়ীৰে ৰুৰকী অভিমুখে আহি আছিল। ঋষভ পন্তৰ ঘৰ ৰুৰকীত। যেতিয়া তেওঁৰ গাড়ীখন নাৰ্চান চহৰত উপস্থিত হয়, তেতিয়া গাড়ীখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ ওলোটা হৈ পৰে, যাৰ ফলত ৰেলিং আৰু খুঁটা ভাঙি যায়।

ইয়াৰ পাছত তেওঁৰ গাড়ীত জুই লাগিল। তেতিয়ালৈকে স্থানীয় মানুহ আৰু আৰক্ষীও সেই স্থানত উপস্থিত হৈছিল। এই তথ্য অগ্নিনিৰ্বাপক বাহিনীক দিয়া হয়। অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। 

ঋষভৰ মাৰ্চিডিজ গাড়ীখনৰ নম্বৰ প্লেট হৈছে DL 10 CN 1717। দুৰ্ঘটনাৰ পাছত পৰি যোৱা ঋষভৰ টকা বুটলিবলৈ হেতা-ওপৰা লাগিছিল স্থানীয় লোকৰ।

ক্ৰিকেটাৰ ঋষভ পন্তৰ সঠিক চিকিৎসাৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে নির্দেশ দিছে৷

ঋষভ পন্তৰ আশু আৰোগ্য কামনা কৰি মুখ্যমন্ত্রীয়ে কয় যে তেওঁৰ চিকিৎসাৰ সকলো খৰচ ৰাজ্য চৰকাৰে বহন কৰিব৷ যদি এয়াৰ এম্বুলেন্সৰ প্ৰয়োজন হয়, তেন্তে ইয়াৰো ব্যৱস্থা কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক