--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গত সময়চোৱাত পঞ্জাবত হোৱা অবিৰত বৰষুণৰ ফলত শ শ বিঘা কৃষিভূমি আৰু শস্যৰ ক্ষতিসাধন হয়। একে সময়তে বহু লোকৰ ঘৰত পানী সোমোৱাৰ বাবে শ শ লোকে ৰাজপথত উজাগৰে নিশা যাপন কৰিবলগীয়া হৈছে। ইফালে পঞ্জাৱ চৰকাৰকো বানপানীৰ পাছত একচন মোডত দেখা গৈছে৷

দৰাচলতে আপৰ সাংসদ ৰাঘৱ চাদ্ধাই পঞ্জাবৰ বান পৰিদৰ্শন কৰাৰ সময়ত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল।য’ত ৰাঘৱ চাদ্ধাক বানপানী হোৱা অঞ্চলত উপস্থিত হৈ ৰাইজক সহায় কৰাও দেখা গৈছে, এই সময়ছোৱাত তেওঁ ৰাইজক গাখীৰৰ পেকেট বিতৰণ কৰে, যিটো দৃশ্য দেখি ৰাঘবৰ লেডী লাভ অভিনেত্ৰী পৰিনীতি চোপ্ৰা আবেগিক হৈ পৰে। পৰিনীতি চোপ্ৰাই ৰাঘৱ চাদ্ধাৰ এই ভিডিঅ'টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, Instagra Story ত ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে পৰিণীতিয়ে  হাৰ্ট ইমোজি দিয়া পৰিলক্ষিত হৈছে।
PunjabKesari
উল্লেখযোগ্য যে, পঞ্জাৱৰ মোহালী, ৰোপাৰ, আনন্দপুৰ চাহাব, পটিয়ালা, সংগ্ৰুৰ, হোচিয়াৰপুৰ, অমৃতসৰ, তৰ্ণ তৰণ আৰু জলন্ধৰ জিলাৰ পৰাও প্ৰচণ্ড ক্ষয়-ক্ষতিৰ খবৰ আহিছে আৰু হাজাৰ হাজাৰ বিঘা শস্যও বানপানীত ডুব গৈছে।

ইফালে, সোমবাৰে ৰাঘৱ চাদ্ধাই ডেৰাবছি বিধান সভা সমষ্টিৰ বানাক্ৰান্ত অঞ্চলত চলি থকা সাহায্য কামৰ পৰ্যালোচনা কৰে। প্ৰথমে তেওঁ মুবাৰকপুৰ ৰেষ্ট হাউচত স্থাপন কৰা উদ্ধাৰ কেন্দ্ৰত উপস্থিত হয়৷ তাতে তেওঁ নিজৰ হাতেৰে ৰাইজক খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। 


ৰাজ্যসভাৰ সদস্য ৰাঘৱ চাদ্ধাই কয় যে মুখ্যমন্ত্ৰী ভগৱন্ত মানকে ধৰি সমগ্ৰ নেতৃত্বই ব্যক্তিগতভাৱে বান সাহায্য অভিযানৰ ওপৰত নজৰ ৰাখিছে। এই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ প্ৰস্তুত। তেওঁ ৰাইজক সাহস বজাই ৰাখিবলৈ আহ্বান জনায়, তদুপৰি তেওঁ পঞ্জাৱ আৰক্ষীকো ৰাইজক সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।


আৰু পঢ়ক : ইডিৰ সঞ্চালকৰ কাৰ্যকাল বৃদ্ধিক অবৈধ আখ্যা দিলে উচ্চতম ন্যায়ালয়ে








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস