--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গত সময়চোৱাত পঞ্জাবত হোৱা অবিৰত বৰষুণৰ ফলত শ শ বিঘা কৃষিভূমি আৰু শস্যৰ ক্ষতিসাধন হয়। একে সময়তে বহু লোকৰ ঘৰত পানী সোমোৱাৰ বাবে শ শ লোকে ৰাজপথত উজাগৰে নিশা যাপন কৰিবলগীয়া হৈছে। ইফালে পঞ্জাৱ চৰকাৰকো বানপানীৰ পাছত একচন মোডত দেখা গৈছে৷

দৰাচলতে আপৰ সাংসদ ৰাঘৱ চাদ্ধাই পঞ্জাবৰ বান পৰিদৰ্শন কৰাৰ সময়ত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল।য’ত ৰাঘৱ চাদ্ধাক বানপানী হোৱা অঞ্চলত উপস্থিত হৈ ৰাইজক সহায় কৰাও দেখা গৈছে, এই সময়ছোৱাত তেওঁ ৰাইজক গাখীৰৰ পেকেট বিতৰণ কৰে, যিটো দৃশ্য দেখি ৰাঘবৰ লেডী লাভ অভিনেত্ৰী পৰিনীতি চোপ্ৰা আবেগিক হৈ পৰে। পৰিনীতি চোপ্ৰাই ৰাঘৱ চাদ্ধাৰ এই ভিডিঅ'টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, Instagra Story ত ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে পৰিণীতিয়ে  হাৰ্ট ইমোজি দিয়া পৰিলক্ষিত হৈছে।
PunjabKesari
উল্লেখযোগ্য যে, পঞ্জাৱৰ মোহালী, ৰোপাৰ, আনন্দপুৰ চাহাব, পটিয়ালা, সংগ্ৰুৰ, হোচিয়াৰপুৰ, অমৃতসৰ, তৰ্ণ তৰণ আৰু জলন্ধৰ জিলাৰ পৰাও প্ৰচণ্ড ক্ষয়-ক্ষতিৰ খবৰ আহিছে আৰু হাজাৰ হাজাৰ বিঘা শস্যও বানপানীত ডুব গৈছে।

ইফালে, সোমবাৰে ৰাঘৱ চাদ্ধাই ডেৰাবছি বিধান সভা সমষ্টিৰ বানাক্ৰান্ত অঞ্চলত চলি থকা সাহায্য কামৰ পৰ্যালোচনা কৰে। প্ৰথমে তেওঁ মুবাৰকপুৰ ৰেষ্ট হাউচত স্থাপন কৰা উদ্ধাৰ কেন্দ্ৰত উপস্থিত হয়৷ তাতে তেওঁ নিজৰ হাতেৰে ৰাইজক খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। 


ৰাজ্যসভাৰ সদস্য ৰাঘৱ চাদ্ধাই কয় যে মুখ্যমন্ত্ৰী ভগৱন্ত মানকে ধৰি সমগ্ৰ নেতৃত্বই ব্যক্তিগতভাৱে বান সাহায্য অভিযানৰ ওপৰত নজৰ ৰাখিছে। এই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ প্ৰস্তুত। তেওঁ ৰাইজক সাহস বজাই ৰাখিবলৈ আহ্বান জনায়, তদুপৰি তেওঁ পঞ্জাৱ আৰক্ষীকো ৰাইজক সহায় কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।


আৰু পঢ়ক : ইডিৰ সঞ্চালকৰ কাৰ্যকাল বৃদ্ধিক অবৈধ আখ্যা দিলে উচ্চতম ন্যায়ালয়ে








FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ