--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ভিডৰ পাছৰ পৰিস্থিতিত যেতিয়া সমগ্ৰ বিশ্বতে মন্দাৱস্থাৰ অন্ধকাৰ নামিছে, সেই সময়তে ব্ৰিটেইনক চেৰ পেলাই বিশ্বৰ শীৰ্ষ পাঁচখন অৰ্থনৈতিকভাৱে শক্তিশালী দেশৰ তালিকাত ভাৰতৰ নাম আহি পৰিছে। যদিও যোৱা এবছৰত শ্বেয়াৰ বজাৰ সামান্য হ্ৰাস পাইছে যদিও টকাৰ দাম ৰৈ গৈছে। ইয়াৰ মাজতে ভাৰতৰ ১০০ জন ধনী লোকৰ মুঠ সম্পদ ২৫ বিলিয়ন ডলাৰৰ পৰা ৮০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।

এই ক্ষেত্ৰত অন্যতম ষ্টালৱাৰ হৈছে আন্তঃগাঁথনিৰ টাইকুন গৌতম আদানী। ২০০৮ চনৰ পাছত প্ৰথমবাৰৰ বাবে তেওঁ ভাৰতৰ ধনী লোকৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। ২০২১ - এই সম্পত্তি তিনিগুণ বৃদ্ধি কৰাৰ পিছত এই বিত্তীয় বৰ্ষত আদানীৰ মুঠ সম্পত্তি ১৫০ বিলিয়ন ডলাৰত উপনীত হয়। ফলত তেওঁ কেইদিনমানৰ বাবে পৃথিৱীৰ দ্বিতীয় ধনী ব্যক্তিৰ পদটো অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল।

আদানীৰ পিছতে তালিকাত পৰৱৰ্তী স্থানত আছে মুকেশ আম্বানীৰ নাম। খনিজ তেল আৰু গেছৰ পৰা আৰম্ভ কৰি টেলিকম কোম্পানীত আম্বানীৰ সম্পত্তিৰ মূল্য ৮৮ বিলিয়ন ডলাৰ। কেৱল আদানী-আম্বানী পৰিয়ালত ভাৰতৰ ১০০ ধনী লোকৰ ৩০ শতাংশ লোক আছে।

ভাৰতৰ ধনী লোকৰ তালিকাত প্ৰথমবাৰৰ বাবে খুচুৰা ব্যৱসায়ী ৰজা ৰাধাকৃষ্ণন দমণি তৃতীয় স্থানলৈ উন্নীত হৈছে। যদিও চলিত বিত্তীয় বৰ্ষত ডিমাৰ্টৰ মালিকৰ সম্পত্তি ৬ শতাংশ হ্ৰাস পাইছে। দমণিৰ সম্পত্তিৰ পৰিমাণ ২৭.৬ বিলিয়ন ডলাৰ। চতুৰ্থ স্থানত আছে কৰ’না ভেকচিন নিৰ্মাতা কোম্পানী এটাৰ স্বত্বাধিকাৰী চাইৰাছ পুনাৱালা।

ভাৰতৰ ১০০ জন ধনী লোকৰ তালিকাত কিছু নতুন মুখৰ সংযোজনো এইবাৰ উল্লেখযোগ্য কথা। প্ৰথমে মনলৈ অহা নামটো হ’ল ফেশ্বন আৰু সৌন্দৰ্য্য সামগ্ৰীৰ খুচুৰা বিক্ৰেতা নায়কাৰ স্বত্বাধিকাৰী ফাল্গুনী নাইৰ। লগতে আছে বস্ত্ৰ কোম্পানীৰ স্বত্বাধিকাৰী ৰবি মোডী আৰু জোতা কোম্পানীৰ স্বত্বাধিকাৰী ৰফিক মালিক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক