--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক’ভিডৰ পাছৰ পৰিস্থিতিত যেতিয়া সমগ্ৰ বিশ্বতে মন্দাৱস্থাৰ অন্ধকাৰ নামিছে, সেই সময়তে ব্ৰিটেইনক চেৰ পেলাই বিশ্বৰ শীৰ্ষ পাঁচখন অৰ্থনৈতিকভাৱে শক্তিশালী দেশৰ তালিকাত ভাৰতৰ নাম আহি পৰিছে। যদিও যোৱা এবছৰত শ্বেয়াৰ বজাৰ সামান্য হ্ৰাস পাইছে যদিও টকাৰ দাম ৰৈ গৈছে। ইয়াৰ মাজতে ভাৰতৰ ১০০ জন ধনী লোকৰ মুঠ সম্পদ ২৫ বিলিয়ন ডলাৰৰ পৰা ৮০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।

এই ক্ষেত্ৰত অন্যতম ষ্টালৱাৰ হৈছে আন্তঃগাঁথনিৰ টাইকুন গৌতম আদানী। ২০০৮ চনৰ পাছত প্ৰথমবাৰৰ বাবে তেওঁ ভাৰতৰ ধনী লোকৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। ২০২১ - এই সম্পত্তি তিনিগুণ বৃদ্ধি কৰাৰ পিছত এই বিত্তীয় বৰ্ষত আদানীৰ মুঠ সম্পত্তি ১৫০ বিলিয়ন ডলাৰত উপনীত হয়। ফলত তেওঁ কেইদিনমানৰ বাবে পৃথিৱীৰ দ্বিতীয় ধনী ব্যক্তিৰ পদটো অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছিল।

আদানীৰ পিছতে তালিকাত পৰৱৰ্তী স্থানত আছে মুকেশ আম্বানীৰ নাম। খনিজ তেল আৰু গেছৰ পৰা আৰম্ভ কৰি টেলিকম কোম্পানীত আম্বানীৰ সম্পত্তিৰ মূল্য ৮৮ বিলিয়ন ডলাৰ। কেৱল আদানী-আম্বানী পৰিয়ালত ভাৰতৰ ১০০ ধনী লোকৰ ৩০ শতাংশ লোক আছে।

ভাৰতৰ ধনী লোকৰ তালিকাত প্ৰথমবাৰৰ বাবে খুচুৰা ব্যৱসায়ী ৰজা ৰাধাকৃষ্ণন দমণি তৃতীয় স্থানলৈ উন্নীত হৈছে। যদিও চলিত বিত্তীয় বৰ্ষত ডিমাৰ্টৰ মালিকৰ সম্পত্তি ৬ শতাংশ হ্ৰাস পাইছে। দমণিৰ সম্পত্তিৰ পৰিমাণ ২৭.৬ বিলিয়ন ডলাৰ। চতুৰ্থ স্থানত আছে কৰ’না ভেকচিন নিৰ্মাতা কোম্পানী এটাৰ স্বত্বাধিকাৰী চাইৰাছ পুনাৱালা।

ভাৰতৰ ১০০ জন ধনী লোকৰ তালিকাত কিছু নতুন মুখৰ সংযোজনো এইবাৰ উল্লেখযোগ্য কথা। প্ৰথমে মনলৈ অহা নামটো হ’ল ফেশ্বন আৰু সৌন্দৰ্য্য সামগ্ৰীৰ খুচুৰা বিক্ৰেতা নায়কাৰ স্বত্বাধিকাৰী ফাল্গুনী নাইৰ। লগতে আছে বস্ত্ৰ কোম্পানীৰ স্বত্বাধিকাৰী ৰবি মোডী আৰু জোতা কোম্পানীৰ স্বত্বাধিকাৰী ৰফিক মালিক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু