--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰদ্ধা হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্ত আফতাব আমিন পুনাৱাল্লাৰ পলিগ্ৰাফ টেষ্টৰ চূড়ান্ত প্ৰতিবেদন বুধবাৰে আহিব। জেৰাৰ সময়ত আফতাবে শ্ৰদ্ধাক হত্যা কৰা বুলি স্বীকাৰ কৰিছে। শ্ৰদ্ধাক হত্যা কৰাৰ বাবে আফতাবৰ কোনো আক্ষেপ নাই। শ্ৰদ্ধাক হত্যা কৰি অনুতপ্ত নহয় আফতাব আমিন পুনাৱালা। 

১ ডিচেম্বৰত আফতাবৰ নাৰ্কো টেষ্ট কৰা হ’ব আফতাবৰ। দিল্লীৰ সাকেট আদালতে অনুমতি দিছে। ২৮ বছৰীয়া আফতাবে ১৮ মে’ত হত্যা কৰিছিল ২৭ বছৰীয়া শ্ৰদ্ধাক। তেওঁ শ্ৰদ্ধাৰ শৰীৰটো ৩৫ টুকুৰা কৰি কাটিছিল। দুয়োজনেই লিভ-ইনত বাস কৰিছিল।

জেৰাৰ সময়ত আফতাবে এই ৩টা কথা স্বীকাৰ কৰে

১) সংবাদ মাধ্যমৰ বাতৰিত পৰীক্ষাকাৰী দলৰ সৈতে জড়িত সূত্ৰৰ উদ্ধৃতি দি কোৱা হৈছে যে আফতাবে হত্যাকাণ্ডৰ পিছত মৃতদেহটো হাবিত পেলাই দিয়াৰ কথাটো মানি লৈছে।

২) ডেটিং এপৰ ​​জৰিয়তে বহু ছোৱালীৰ লগত বন্ধুত্ব কৰা বুলি স্বীকাৰ।

৩) শ্ৰদ্ধাৰ হত্যাৰ পূৰ্বে আৰু পাছতো আন ছোৱালীৰ লগত তেওঁৰ সম্পৰ্ক আছিল।

আফতাবক ৰক্ষা কৰা আৰক্ষীয়ে লাভ কৰিলে পুৰস্কাৰ

সোমবাৰে সন্ধিয়া ৰোহিনী এফ এছ এলৰ আক্ৰমণত আফতাবক ৰক্ষা কৰা আৰক্ষীক পুৰস্কৃত কৰা হৈছে। প্ৰশংসা কৰি দিল্লী আৰক্ষী আয়ুক্তই দিছে ১০-১০ হাজাৰ টকা। আফতাবৰ আক্ৰমণৰ সময়ত কোনো ধৰণৰ ক্ষতি হোৱা নাছিল বুলি সুখ প্ৰকাশ কৰে। সোমবাৰে ৰোহিনীৰ ফৰেনছিক ছায়েন্স লেবৰেটৰী (এফ এছ এল)ৰ বাহিৰত আফতাবক কঢ়িয়াই অনা আৰক্ষীৰ ভ্যানখনত ৪-৫ জন লোকে আক্ৰমণৰ চেষ্টা চলাইছিল। তেওঁলোকৰ হাতত তৰোৱাল আছিল। এই আক্ৰমণকাৰীৰ পৰা আৰক্ষীয়ে আফতাবক ৰক্ষা কৰিছিল। এই গোচৰত দুজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে। ৪ জনৰ সন্ধান অব্যাহত আছে।

দিল্লী আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আফতাবক শ্ৰদ্ধাই এৰি যাব বিচাৰিছিল। ৩-৪ মে’ত আফতাব আৰু শ্ৰদ্ধাই পৃথকে পৃথকে থাকিবলৈ সিদ্ধান্ত লৈছিল। আফতাবে এই কথাটো ভাল নাপালে। তেওঁ অনুভৱ কৰিছিল যে শ্ৰদ্ধা আন কাৰোবাৰ সৈতে সম্পৰ্কত আহিব। ইয়াৰ পাছত আফতাবে শ্ৰদ্ধাক হত্যা কৰি টুকুৰা টুকুৰ কৰি পেলায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু