--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰদ্ধা হত্যাকাণ্ডৰ গোচৰৰ অভিযুক্ত আফতাব আমিন পুনাৱাল্লাৰ পলিগ্ৰাফ টেষ্টৰ চূড়ান্ত প্ৰতিবেদন বুধবাৰে আহিব। জেৰাৰ সময়ত আফতাবে শ্ৰদ্ধাক হত্যা কৰা বুলি স্বীকাৰ কৰিছে। শ্ৰদ্ধাক হত্যা কৰাৰ বাবে আফতাবৰ কোনো আক্ষেপ নাই। শ্ৰদ্ধাক হত্যা কৰি অনুতপ্ত নহয় আফতাব আমিন পুনাৱালা। 

১ ডিচেম্বৰত আফতাবৰ নাৰ্কো টেষ্ট কৰা হ’ব আফতাবৰ। দিল্লীৰ সাকেট আদালতে অনুমতি দিছে। ২৮ বছৰীয়া আফতাবে ১৮ মে’ত হত্যা কৰিছিল ২৭ বছৰীয়া শ্ৰদ্ধাক। তেওঁ শ্ৰদ্ধাৰ শৰীৰটো ৩৫ টুকুৰা কৰি কাটিছিল। দুয়োজনেই লিভ-ইনত বাস কৰিছিল।

জেৰাৰ সময়ত আফতাবে এই ৩টা কথা স্বীকাৰ কৰে

১) সংবাদ মাধ্যমৰ বাতৰিত পৰীক্ষাকাৰী দলৰ সৈতে জড়িত সূত্ৰৰ উদ্ধৃতি দি কোৱা হৈছে যে আফতাবে হত্যাকাণ্ডৰ পিছত মৃতদেহটো হাবিত পেলাই দিয়াৰ কথাটো মানি লৈছে।

২) ডেটিং এপৰ ​​জৰিয়তে বহু ছোৱালীৰ লগত বন্ধুত্ব কৰা বুলি স্বীকাৰ।

৩) শ্ৰদ্ধাৰ হত্যাৰ পূৰ্বে আৰু পাছতো আন ছোৱালীৰ লগত তেওঁৰ সম্পৰ্ক আছিল।

আফতাবক ৰক্ষা কৰা আৰক্ষীয়ে লাভ কৰিলে পুৰস্কাৰ

সোমবাৰে সন্ধিয়া ৰোহিনী এফ এছ এলৰ আক্ৰমণত আফতাবক ৰক্ষা কৰা আৰক্ষীক পুৰস্কৃত কৰা হৈছে। প্ৰশংসা কৰি দিল্লী আৰক্ষী আয়ুক্তই দিছে ১০-১০ হাজাৰ টকা। আফতাবৰ আক্ৰমণৰ সময়ত কোনো ধৰণৰ ক্ষতি হোৱা নাছিল বুলি সুখ প্ৰকাশ কৰে। সোমবাৰে ৰোহিনীৰ ফৰেনছিক ছায়েন্স লেবৰেটৰী (এফ এছ এল)ৰ বাহিৰত আফতাবক কঢ়িয়াই অনা আৰক্ষীৰ ভ্যানখনত ৪-৫ জন লোকে আক্ৰমণৰ চেষ্টা চলাইছিল। তেওঁলোকৰ হাতত তৰোৱাল আছিল। এই আক্ৰমণকাৰীৰ পৰা আৰক্ষীয়ে আফতাবক ৰক্ষা কৰিছিল। এই গোচৰত দুজন লোককো গ্ৰেপ্তাৰ কৰা হৈছে। ৪ জনৰ সন্ধান অব্যাহত আছে।

দিল্লী আৰক্ষীৰ সূত্ৰই জনোৱা মতে, আফতাবক শ্ৰদ্ধাই এৰি যাব বিচাৰিছিল। ৩-৪ মে’ত আফতাব আৰু শ্ৰদ্ধাই পৃথকে পৃথকে থাকিবলৈ সিদ্ধান্ত লৈছিল। আফতাবে এই কথাটো ভাল নাপালে। তেওঁ অনুভৱ কৰিছিল যে শ্ৰদ্ধা আন কাৰোবাৰ সৈতে সম্পৰ্কত আহিব। ইয়াৰ পাছত আফতাবে শ্ৰদ্ধাক হত্যা কৰি টুকুৰা টুকুৰ কৰি পেলায়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক