--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ পূৰ্বে ৱেষ্ট ইণ্ডিজ দলৰ পৰিৱৰ্তন ঘটিছে। স্পিনাৰ অলৰাউণ্ডাৰ কেভিন চিনক্লেয়াৰক লোৱা হৈছে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব দ্বিতীয়খন টেষ্ট৷

ৱেষ্ট ইণ্ডিজৰ হৈ ৭খন এদিনীয়া আৰু ৬টা টি-২০ মেচ খেলিলেও চিনক্লেয়াৰে এতিয়াও টেষ্ট খেলা পৰা নাই। ডমিনিকা টেষ্টৰ পিছত ৱেষ্ট ইণ্ডিজে এই ২৩ বছৰীয়া অল ৰাউণ্ডাৰক দলত লয়। বাংলাদেশ এ বনাম ৱেষ্ট ইণ্ডিজ এ ছিৰিজৰ দৃষ্টি আকৰ্ষণ কৰিছিল চিনক্লেয়াৰে। সেই শৃংখলাত তেওঁ সৰ্বাধিক উইকেট দখল কৰিছিল। বিশ্বকাপৰ কোৱালিফাইং দলতো আছিল চিনক্লেয়াৰ। কিন্তু জিম্বাবুৱেত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহ’ল দলটোৱে।

দলত আছে ৰাহকিম কৰ্ণৱালো। প্ৰথম টেষ্টৰ সময়ত তেওঁৰ হৃদযন্ত্ৰৰ সমস্যা হৈছিল। দ্বিতীয় টেষ্টত পিটচ কেনেকুৱা হ’ব তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰথম টেষ্টত সহায় লাভ কৰিছিল স্পিনাৰসকলে। অকলেই ৰবিচন্দ্ৰন অশ্বিনে ১২টা উইকেট দখল কৰে। ৰবীন্দ্ৰ জাদেজাই ৫টা উইকেট দখল কৰে। ভাৰতৰ দুয়োগৰাকী স্পিনাৰে ৱেষ্ট ইণ্ডিজক তিনিদিনতে পৰাস্ত কৰে৷

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া খেলখন ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ১০০ সংখ্যক টেষ্ট অনুষ্ঠিত হ’ব। এইখন বিৰাট কোহলীৰ ৫০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ।

ঘোষিত ৱেষ্ট ইণ্ডিজ দলটো : ক্ৰেগ ব্ৰেইথৱেইট (অধিনায়ক), জেৰমেইন ব্লেকউড, এলেক এথানেজ, ট্যাগানাৰিন চন্দ্ৰপল, ৰাহকিম কৰ্ণৱাল, জোছুয়া দা চিলভা, শ্বেনন গেব্ৰিয়েল, জেছন হোল্ডাৰ, আলজেৰী জোচেফ, কাৰ্ক মেকেঞ্জী, কেভিন চিনক্লেয়াৰ, কেমাৰ ৰ’চ আৰু জোমেল ৱাৰিকান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ