--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ পূৰ্বে ৱেষ্ট ইণ্ডিজ দলৰ পৰিৱৰ্তন ঘটিছে। স্পিনাৰ অলৰাউণ্ডাৰ কেভিন চিনক্লেয়াৰক লোৱা হৈছে। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব দ্বিতীয়খন টেষ্ট৷

ৱেষ্ট ইণ্ডিজৰ হৈ ৭খন এদিনীয়া আৰু ৬টা টি-২০ মেচ খেলিলেও চিনক্লেয়াৰে এতিয়াও টেষ্ট খেলা পৰা নাই। ডমিনিকা টেষ্টৰ পিছত ৱেষ্ট ইণ্ডিজে এই ২৩ বছৰীয়া অল ৰাউণ্ডাৰক দলত লয়। বাংলাদেশ এ বনাম ৱেষ্ট ইণ্ডিজ এ ছিৰিজৰ দৃষ্টি আকৰ্ষণ কৰিছিল চিনক্লেয়াৰে। সেই শৃংখলাত তেওঁ সৰ্বাধিক উইকেট দখল কৰিছিল। বিশ্বকাপৰ কোৱালিফাইং দলতো আছিল চিনক্লেয়াৰ। কিন্তু জিম্বাবুৱেত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহ’ল দলটোৱে।

দলত আছে ৰাহকিম কৰ্ণৱালো। প্ৰথম টেষ্টৰ সময়ত তেওঁৰ হৃদযন্ত্ৰৰ সমস্যা হৈছিল। দ্বিতীয় টেষ্টত পিটচ কেনেকুৱা হ’ব তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰথম টেষ্টত সহায় লাভ কৰিছিল স্পিনাৰসকলে। অকলেই ৰবিচন্দ্ৰন অশ্বিনে ১২টা উইকেট দখল কৰে। ৰবীন্দ্ৰ জাদেজাই ৫টা উইকেট দখল কৰে। ভাৰতৰ দুয়োগৰাকী স্পিনাৰে ৱেষ্ট ইণ্ডিজক তিনিদিনতে পৰাস্ত কৰে৷

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া খেলখন ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ১০০ সংখ্যক টেষ্ট অনুষ্ঠিত হ’ব। এইখন বিৰাট কোহলীৰ ৫০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ।

ঘোষিত ৱেষ্ট ইণ্ডিজ দলটো : ক্ৰেগ ব্ৰেইথৱেইট (অধিনায়ক), জেৰমেইন ব্লেকউড, এলেক এথানেজ, ট্যাগানাৰিন চন্দ্ৰপল, ৰাহকিম কৰ্ণৱাল, জোছুয়া দা চিলভা, শ্বেনন গেব্ৰিয়েল, জেছন হোল্ডাৰ, আলজেৰী জোচেফ, কাৰ্ক মেকেঞ্জী, কেভিন চিনক্লেয়াৰ, কেমাৰ ৰ’চ আৰু জোমেল ৱাৰিকান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু