--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বৰ্মা। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত তেওঁলোকে নিজৰ প্ৰেম আৰু প্ৰথম লগ পোৱা মুহূৰ্তটোৰ বিষয়ে মুকলিকৈ ক’লে। ধনশ্ৰীয়ে কয় যে প্ৰথম কথা-বতৰাৰ সময়ত তেওঁ নাজানিছিল যে চাহালে ক্ৰিকেট খেলে!

'দ্য ৰণবীৰ শ্ব'' নামৰ এক অনুষ্ঠানত চাহালে কয়, "মই তেওঁৰ নৃত্য আৰু টিকটকত ৰিল দেখি মেছেজ পঠিয়াইছিলো। তেতিয়া লকডাউন চলি আছে। অনলাইন ডেন্সিং ক্লাছৰ কিবা ব্যৱস্থা আছে নেকি বুলি সুধিলে। আচলতে কোনো কাম নাছিল। তেওঁক মেছেজ কৰি অনলাইন ক্লাছ আৰম্ভ কৰিলোঁ। প্ৰথম দুমাহ নাচৰ বাহিৰে একো কথা কোৱা হোৱা নাছিল। মই তাইৰ লগত ফ্লাৰ্টও কৰা নাছিলো। আমি বন্ধুও নাছিলোঁ। কেৱল নাচৰ কথা চলিছিল।"

লগতে চাহালে লকডাউনৰ সময়ত ধনশ্ৰীৰ আচৰণত আপ্লুত হোৱা বুলিও কয়। ধনশ্ৰীৰ লগত কথা পাতি তেওঁ ভাল পাইছিল। গতিকে তেওঁ পোনপটীয়াকৈ বিয়াৰ কথা ক’লে। চাহালে কয়, “মই তেওঁক সুধিছিলোঁ, লকডাউনৰ দৰে এই পৰিৱেশতো ইমান উল্লাস কেনেকৈ থাকে। তাৰ পিছত মোৰ লগত নিজৰ জীৱনৰ কথা পাতিবলৈ ধৰিলে। তাৰ পৰাই আমাৰ কথা-বতৰা আৰম্ভ হ’ল৷ তেওঁৰ আচৰণ ভাল আছিল। মাক কৈছিলো এই ছোৱালীজনীক মোৰ ভাল লাগে। ইয়াৰ পিছত মই ধনশ্ৰীক কলো, মই তোমাৰ লগত ডেটত যাব নিবিচাৰো। বিয়া হ’ব বিচাৰো পোনপটীয়াকৈ।’’

চাহাল ক্ৰিকেটাৰ হোৱাৰ সন্দৰ্ভত ধনশ্ৰীয়ে কয়, ‘মই আগতে বহুত ক্ৰিকেট চাইছিলো। মই যেতিয়া নৃত্য শিকিবলৈ আৰম্ভ কৰিছিলো তেতিয়া মই নাজানিছিলো যে চাহালে কি কৰে। নৃত্যৰ ক্ষেত্ৰত তেওঁৰ বৰ দায়বদ্ধ আছিল। ঘৰতে মই কোৱা কামটো কৰিলে। মোলৈ ভিডিঅ' পঠায়। ইমান কম সময়ৰ ভিতৰতে তেওঁৰ ইমান উন্নতি হোৱাটো দেখি ভাল লাগিল। সেইবাবেই সি মাত্ৰ দুমাহৰ ক্লাছ কৰিছিল। সেই নম্ৰতাই মোৰ দৃষ্টি অধিক আকৰ্ষণ কৰিলে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু