--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিনীয়া বিশ্বকাপৰ পূৰ্বে অষ্ট্ৰেলিয়াই ভাৰতৰ মাটিত ৰোহিত শৰ্মাৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলা খেলিব। দুয়োটা দলে এই শৃংখলাটোক বিশ্বকাপৰ পূৰ্বে শেষ প্ৰস্তুতি হিচাপে চাইছে। সেই শৃংখলাৰ পূৰ্বে তিনিজন ক্ৰিকেটাৰক অষ্ট্ৰেলিয়াৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে। আঘাতৰ বাবে তেওঁলোক দক্ষিণ আফ্ৰিকাৰ শৃংখলাত নাছিল। দক্ষিণ আফ্ৰিকাৰ শৃংখলাৰ পৰাও অষ্ট্ৰেলিয়াই চাৰিজন ক্ৰিকেটাৰক বাদ দিয়ে।

ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই ঘোষণা কৰিলে ১৮ জনীয়া দল। ষ্টিভ স্মিথ, গ্লেন মেক্সৱেল আৰু মিচেল ষ্টাৰকক ঘূৰাই অনা হৈছে। দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পূৰ্বে আঘাতপ্ৰাপ্ত হৈছিল তেওঁলোক।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলি থকাৰ সময়তে আঘাতপ্ৰাপ্ত হয় ট্ৰেভিছ হেড। গতিকে তেওঁক ভাৰত ভ্ৰমণৰ পৰা বাদ দিয়া হৈছে। হেডৰ সলনি মেথিউ শ্বৰ্টক লোৱা হয়। তেওঁ এতিয়াও অষ্ট্ৰেলিয়াৰ হৈ এদিনীয়াত অভিষেক ঘটাব পৰা নাই। এৰন হাৰ্ডি, টিম ডেভিদ আৰু মাইকেল নেছাৰ বাহিৰ হৈছে। স্পিনাৰ এষ্টন আগাৰে ছুটী লৈছে।

অহা ২২ ছেপ্টেম্বৰত মোহলীত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই প্ৰথমখন এদিনীয়া খেলিব। ২৪ ছেপ্টেম্বৰত ইন্দোৰত আৰু ২৭ ছেপ্টেম্বৰত ৰাজকোটত অনুষ্ঠিত হ’ব দ্বিতীয় আৰু তৃতীয় মেচ। ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া বিশ্বকাপ। ভাৰতৰ প্ৰথমখন খেল ৮ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে।

ভাৰত ভ্ৰমণৰ বাবে অষ্ট্ৰেলিয়া দলটো: পেট কামিন্স (অধিনায়ক), শ্বেন এবট, এলেক্স কেৰী, নাথান এলিছ, কেমেৰন গ্ৰীণ, জোছ হেজলউড, জোছ ইংলিছ, স্পেন্সৰ জনছন, মাৰ্নাছ লাবুচেন, মিচেল মাৰ্ছ, গ্লেন মেক্সৱেল, টানবীৰ চেং, মেথিউ শ্বৰ্ট, ষ্টিভ স্মিথ, মিটেল ষ্টাৰক, মাৰ্কাছ ষ্ট’ইনিছ, ডেভিদ ৱাৰ্নাৰ আৰু এডাম জাম্পা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক