--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিনীয়া বিশ্বকাপৰ পূৰ্বে অষ্ট্ৰেলিয়াই ভাৰতৰ মাটিত ৰোহিত শৰ্মাৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলা খেলিব। দুয়োটা দলে এই শৃংখলাটোক বিশ্বকাপৰ পূৰ্বে শেষ প্ৰস্তুতি হিচাপে চাইছে। সেই শৃংখলাৰ পূৰ্বে তিনিজন ক্ৰিকেটাৰক অষ্ট্ৰেলিয়াৰ দলত অন্তৰ্ভুক্ত কৰা হৈছে। আঘাতৰ বাবে তেওঁলোক দক্ষিণ আফ্ৰিকাৰ শৃংখলাত নাছিল। দক্ষিণ আফ্ৰিকাৰ শৃংখলাৰ পৰাও অষ্ট্ৰেলিয়াই চাৰিজন ক্ৰিকেটাৰক বাদ দিয়ে।

ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই ঘোষণা কৰিলে ১৮ জনীয়া দল। ষ্টিভ স্মিথ, গ্লেন মেক্সৱেল আৰু মিচেল ষ্টাৰকক ঘূৰাই অনা হৈছে। দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পূৰ্বে আঘাতপ্ৰাপ্ত হৈছিল তেওঁলোক।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলি থকাৰ সময়তে আঘাতপ্ৰাপ্ত হয় ট্ৰেভিছ হেড। গতিকে তেওঁক ভাৰত ভ্ৰমণৰ পৰা বাদ দিয়া হৈছে। হেডৰ সলনি মেথিউ শ্বৰ্টক লোৱা হয়। তেওঁ এতিয়াও অষ্ট্ৰেলিয়াৰ হৈ এদিনীয়াত অভিষেক ঘটাব পৰা নাই। এৰন হাৰ্ডি, টিম ডেভিদ আৰু মাইকেল নেছাৰ বাহিৰ হৈছে। স্পিনাৰ এষ্টন আগাৰে ছুটী লৈছে।

অহা ২২ ছেপ্টেম্বৰত মোহলীত ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই প্ৰথমখন এদিনীয়া খেলিব। ২৪ ছেপ্টেম্বৰত ইন্দোৰত আৰু ২৭ ছেপ্টেম্বৰত ৰাজকোটত অনুষ্ঠিত হ’ব দ্বিতীয় আৰু তৃতীয় মেচ। ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া বিশ্বকাপ। ভাৰতৰ প্ৰথমখন খেল ৮ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে।

ভাৰত ভ্ৰমণৰ বাবে অষ্ট্ৰেলিয়া দলটো: পেট কামিন্স (অধিনায়ক), শ্বেন এবট, এলেক্স কেৰী, নাথান এলিছ, কেমেৰন গ্ৰীণ, জোছ হেজলউড, জোছ ইংলিছ, স্পেন্সৰ জনছন, মাৰ্নাছ লাবুচেন, মিচেল মাৰ্ছ, গ্লেন মেক্সৱেল, টানবীৰ চেং, মেথিউ শ্বৰ্ট, ষ্টিভ স্মিথ, মিটেল ষ্টাৰক, মাৰ্কাছ ষ্ট’ইনিছ, ডেভিদ ৱাৰ্নাৰ আৰু এডাম জাম্পা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু