--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেওবাৰে এছিয়া কাপৰ ফাইনেলত ধুমুহাৰ গতিৰে নিজৰ মাটিতেই ভাৰতীয় ক্ৰিকেট দলটোৱে শ্ৰীলংকাক ধৰাশায়ী কৰাৰ কথাটোকলৈ দেশৰ সকলোৱে আনন্দ কৰিছে।ছিৰাজে দেওবাৰে বলৰ যাদুৰে  শ্ৰীলংকাক নিঃশেষ কৰি দিয়ে। ভাৰত-শ্ৰীলংকাৰ খেল খনত মুহূৰ্তৰ ভিতৰতে নায়ক হৈ পৰে মহম্মদ ছিৰাজ। তেওঁৰ এনে দক্ষতাই  ক্ৰিকেট অনুৰাগীসকলৰ মনতো এটা প্ৰভাৱ পেলাইছে। সকলোৱে তেওঁক প্ৰশংসা কৰিছে। 

কিন্তু  বলীউডৰ  এগৰাকী অভিনেত্ৰী যেন ছিৰাজৰ এনে সাফল্যত  সুখী নহয়!এছিয়া কাপৰ ফাইনেলত মহম্মদ চিৰাজে ৬ টা উইকেট দখল কৰিছে। দেওবাৰে শ্ৰীলংকাক  মাত্ৰ ১৫.২ অভাৰত সম্পূৰ্ণ ৰূপে বিধ্বস্ত কৰি ভাৰত বিজয়ী হয়।শ্ৰীলংকাৰ দলটোৱে মাত্ৰ ৫০ ৰানহে কৰিবলৈ সক্ষম হয়।  সমগ্ৰ দেশে ছিৰাজৰ কৃতিত্বক লৈ উৎসাহিত, কিন্তু বলীউডৰ  অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ এইক্ষেত্ৰত যেন  ব্যতিক্ৰম।

শ্ৰদ্ধা কাপুৰৰ ছিৰাজৰ ওপৰত খং উঠিছে। কিয়নো অভিনেত্ৰীগৰাকীয়ে  সামাজিক মাধ্যমত নিজৰ খং প্ৰকাশ কৰিছে। ছিৰাজৰ সাফল্যত যেন বলীউডৰ অভিনেত্ৰীগৰাকী মুঠেও  সুখী নহয়। শ্ৰদ্ধাই দেওবাৰে এছিয়া কাপৰ ফাইনেল চাবলৈয়েই আন  কোনো ধৰণৰ কাৰ্যসূচী ৰখা নাছিল। গোটেই সময় খিনি তেওঁ ভাৰত-শ্ৰীলংকাৰ খেল চোৱাৰ হেঁপাহ কৰিছিল।  তেওঁ খেলখনৰ সৈতে সময় কটাবলৈ বিচাৰিছিল, সেয়া উপভোগ কৰিবলৈ বিচাৰিছিল। 
কিন্তু সকলো আশা আৰু হেঁপাহত যেন চেঁচাপানী ঢালিলে ছিৰাজে। ছিৰাজে ইমান সোনকালে শ্ৰীলংকাৰ উইকেট পতন ঘটালে যে খেল খন আৰু চাবলগীয়া হৈ নাথাকিল। নাথাকিল কোনো উত্তেজনা। সেই কথাতেই  বিৰক্ত হৈছে শ্ৰদ্ধা কাপুৰ। সেয়ে ছিৰাজৰ ওপৰত তেওঁৰ খং উঠিছে। অৱশ্যে এনেদৰে খং প্ৰকাশৰ মাধ্যমেৰে আওপাকে অভিনেত্ৰীগৰাকীয়ে ছিৰাজৰ দক্ষতাক প্ৰশংসাও কৰিছে। 

শ্ৰদ্ধা কাপুৰে ছ'চিয়েল মিডিয়াত লিখিছিল, "ছিৰাজক সোধক আজৰি  সময়খিনি কেনেদৰে কটাব লাগিব।’’ শ্ৰদ্ধাই অৱশ্যে দেখুওৱা খং মৰমৰেই বহিঃপ্ৰকাশ বুলি বহুতে কৈছে। 

ইপিনে বলীউডৰ আন এগৰাকী অভিনেত্ৰীয়ে ছিৰাজক প্ৰশংসা কৰিছে। তেওঁ ভাৰতীয় দলৰ সৈতেও  অতি ঘনিষ্ঠ। তেওঁ হৈছে অনুষ্কা শৰ্মা। অনুষ্কাই লিখিছে " এয়া সকলো যাদু।’’ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?