--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেওবাৰে এছিয়া কাপৰ ফাইনেলত ধুমুহাৰ গতিৰে নিজৰ মাটিতেই ভাৰতীয় ক্ৰিকেট দলটোৱে শ্ৰীলংকাক ধৰাশায়ী কৰাৰ কথাটোকলৈ দেশৰ সকলোৱে আনন্দ কৰিছে।ছিৰাজে দেওবাৰে বলৰ যাদুৰে  শ্ৰীলংকাক নিঃশেষ কৰি দিয়ে। ভাৰত-শ্ৰীলংকাৰ খেল খনত মুহূৰ্তৰ ভিতৰতে নায়ক হৈ পৰে মহম্মদ ছিৰাজ। তেওঁৰ এনে দক্ষতাই  ক্ৰিকেট অনুৰাগীসকলৰ মনতো এটা প্ৰভাৱ পেলাইছে। সকলোৱে তেওঁক প্ৰশংসা কৰিছে। 

কিন্তু  বলীউডৰ  এগৰাকী অভিনেত্ৰী যেন ছিৰাজৰ এনে সাফল্যত  সুখী নহয়!এছিয়া কাপৰ ফাইনেলত মহম্মদ চিৰাজে ৬ টা উইকেট দখল কৰিছে। দেওবাৰে শ্ৰীলংকাক  মাত্ৰ ১৫.২ অভাৰত সম্পূৰ্ণ ৰূপে বিধ্বস্ত কৰি ভাৰত বিজয়ী হয়।শ্ৰীলংকাৰ দলটোৱে মাত্ৰ ৫০ ৰানহে কৰিবলৈ সক্ষম হয়।  সমগ্ৰ দেশে ছিৰাজৰ কৃতিত্বক লৈ উৎসাহিত, কিন্তু বলীউডৰ  অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ এইক্ষেত্ৰত যেন  ব্যতিক্ৰম।

শ্ৰদ্ধা কাপুৰৰ ছিৰাজৰ ওপৰত খং উঠিছে। কিয়নো অভিনেত্ৰীগৰাকীয়ে  সামাজিক মাধ্যমত নিজৰ খং প্ৰকাশ কৰিছে। ছিৰাজৰ সাফল্যত যেন বলীউডৰ অভিনেত্ৰীগৰাকী মুঠেও  সুখী নহয়। শ্ৰদ্ধাই দেওবাৰে এছিয়া কাপৰ ফাইনেল চাবলৈয়েই আন  কোনো ধৰণৰ কাৰ্যসূচী ৰখা নাছিল। গোটেই সময় খিনি তেওঁ ভাৰত-শ্ৰীলংকাৰ খেল চোৱাৰ হেঁপাহ কৰিছিল।  তেওঁ খেলখনৰ সৈতে সময় কটাবলৈ বিচাৰিছিল, সেয়া উপভোগ কৰিবলৈ বিচাৰিছিল। 
কিন্তু সকলো আশা আৰু হেঁপাহত যেন চেঁচাপানী ঢালিলে ছিৰাজে। ছিৰাজে ইমান সোনকালে শ্ৰীলংকাৰ উইকেট পতন ঘটালে যে খেল খন আৰু চাবলগীয়া হৈ নাথাকিল। নাথাকিল কোনো উত্তেজনা। সেই কথাতেই  বিৰক্ত হৈছে শ্ৰদ্ধা কাপুৰ। সেয়ে ছিৰাজৰ ওপৰত তেওঁৰ খং উঠিছে। অৱশ্যে এনেদৰে খং প্ৰকাশৰ মাধ্যমেৰে আওপাকে অভিনেত্ৰীগৰাকীয়ে ছিৰাজৰ দক্ষতাক প্ৰশংসাও কৰিছে। 

শ্ৰদ্ধা কাপুৰে ছ'চিয়েল মিডিয়াত লিখিছিল, "ছিৰাজক সোধক আজৰি  সময়খিনি কেনেদৰে কটাব লাগিব।’’ শ্ৰদ্ধাই অৱশ্যে দেখুওৱা খং মৰমৰেই বহিঃপ্ৰকাশ বুলি বহুতে কৈছে। 

ইপিনে বলীউডৰ আন এগৰাকী অভিনেত্ৰীয়ে ছিৰাজক প্ৰশংসা কৰিছে। তেওঁ ভাৰতীয় দলৰ সৈতেও  অতি ঘনিষ্ঠ। তেওঁ হৈছে অনুষ্কা শৰ্মা। অনুষ্কাই লিখিছে " এয়া সকলো যাদু।’’ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু