--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ প্রথমখন মেচত বলিং কৰিবলৈ আহি প্রথম স্পেলতে ভাৰতীয় বেটছমেনক আতংকিত কৰি তুলিছিল শ্বাহীন আফ্রিদিয়ে৷ ডাৱৰীয়া আকাশৰ তলত তেওঁ দুৰ্দান্ত চুইং কৰিছিল। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক তেওঁ সহজেই পেভিলিঅ’নমুখী কৰিছিল। দিনটোৰ শেষত তেওঁ ১০ অভাৰত ৩৫ ৰানেৰে ৪টা উইকেট দখল কৰে। ইনিংছ বিৰতিৰ সময়ত তেওঁ জনায় কোনটো ভাৰতীয় বেটছমেনৰ উইকেট তেওঁৰ প্ৰিয়।

মেচৰ মাজত কথা পাতিবলৈ আহিছিল শ্বাহীন। তেওঁৰ মতে, ৰোহিতৰ উইকেটটোৱেই আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ। শ্বাহিনে কয়- ''নতুন বলটোৰে আমাৰ যি পৰিকল্পনা আছিল সেই পৰিকল্পনা আমি কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছো। আৰম্ভণিতেই ভাৰতৰ উইকেট দখল কৰিব বিচাৰিছিলো। সেই কামত সফল হ’লো। ৰোহিত আৰু কোহলীৰ দুয়োটা উইকেট মোৰ ভাল লাগিল। বেটছমেন এজনৰ নাম সুকীয়াকৈ ক’বলৈ কোৱা হ’লে মই ক’ম ৰোহিত। বলটো বৰ ভাল আছিল।"

শ্বাহীনে স্বীকাৰ কৰে যে তেওঁলোকে পৰিৱেশৰ পৰা সহায় লাভ কৰিছে। তেওঁৰ ভাষাত, “বৰষুণৰ পিছত আকাশখন ডাৱৰীয়া হৈ পৰিছিল। বতাহজাকে বৈ আছিল। সেই সময়ত বল কৰি থাকোঁতে ভাল ছুইং হেল্প পাইছিলোঁ। বতৰে আমাক সহায় কৰিলে। ইতিমধ্যে ছুইং আৰু ছিম নতুন হিচাপে উপলব্ধ। সমস্যাটো হ’ল, বলটো পুৰণি হ’লে কোনো সহায় নাথাকে। গতিকে সোনকালে উইকেট লোৱাটো প্ৰয়োজনীয় আছিল।’

সতীৰ্থ নাছিমক প্ৰশংসা কৰি শ্বহীনে কয়- ''তেওঁৰ গতি দেখি মই আচৰিত হৈছিলোঁ। প্ৰায় ১৫০ কিলোমিটাৰ বেগেৰে বল কৰিছে তেওঁ।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু