--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ প্রথমখন মেচত বলিং কৰিবলৈ আহি প্রথম স্পেলতে ভাৰতীয় বেটছমেনক আতংকিত কৰি তুলিছিল শ্বাহীন আফ্রিদিয়ে৷ ডাৱৰীয়া আকাশৰ তলত তেওঁ দুৰ্দান্ত চুইং কৰিছিল। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক তেওঁ সহজেই পেভিলিঅ’নমুখী কৰিছিল। দিনটোৰ শেষত তেওঁ ১০ অভাৰত ৩৫ ৰানেৰে ৪টা উইকেট দখল কৰে। ইনিংছ বিৰতিৰ সময়ত তেওঁ জনায় কোনটো ভাৰতীয় বেটছমেনৰ উইকেট তেওঁৰ প্ৰিয়।

মেচৰ মাজত কথা পাতিবলৈ আহিছিল শ্বাহীন। তেওঁৰ মতে, ৰোহিতৰ উইকেটটোৱেই আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ। শ্বাহিনে কয়- ''নতুন বলটোৰে আমাৰ যি পৰিকল্পনা আছিল সেই পৰিকল্পনা আমি কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছো। আৰম্ভণিতেই ভাৰতৰ উইকেট দখল কৰিব বিচাৰিছিলো। সেই কামত সফল হ’লো। ৰোহিত আৰু কোহলীৰ দুয়োটা উইকেট মোৰ ভাল লাগিল। বেটছমেন এজনৰ নাম সুকীয়াকৈ ক’বলৈ কোৱা হ’লে মই ক’ম ৰোহিত। বলটো বৰ ভাল আছিল।"

শ্বাহীনে স্বীকাৰ কৰে যে তেওঁলোকে পৰিৱেশৰ পৰা সহায় লাভ কৰিছে। তেওঁৰ ভাষাত, “বৰষুণৰ পিছত আকাশখন ডাৱৰীয়া হৈ পৰিছিল। বতাহজাকে বৈ আছিল। সেই সময়ত বল কৰি থাকোঁতে ভাল ছুইং হেল্প পাইছিলোঁ। বতৰে আমাক সহায় কৰিলে। ইতিমধ্যে ছুইং আৰু ছিম নতুন হিচাপে উপলব্ধ। সমস্যাটো হ’ল, বলটো পুৰণি হ’লে কোনো সহায় নাথাকে। গতিকে সোনকালে উইকেট লোৱাটো প্ৰয়োজনীয় আছিল।’

সতীৰ্থ নাছিমক প্ৰশংসা কৰি শ্বহীনে কয়- ''তেওঁৰ গতি দেখি মই আচৰিত হৈছিলোঁ। প্ৰায় ১৫০ কিলোমিটাৰ বেগেৰে বল কৰিছে তেওঁ।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ