--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জিম্বাবুৱেৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক হিথ ষ্ট্ৰিকৰ ৪৯ বছৰ বয়সত মৃত্যু হোৱা বুলি দেওবাৰে তেওঁৰ পত্নী নাডিনে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে নিশ্চিত কৰে। দুসপ্তাহমানৰ আগতে ষ্ট্ৰিকৰ মৃত্যুৰ খবৰ ছ’চিয়েল মিডিয়াত তেওঁৰ প্ৰাক্তন সতীৰ্থ হেনৰী অলংগাৰ জৰিয়তে প্ৰকাশ পাইছিল। কিন্তু এই খবৰটো মিছা বুলি ওলংগাই নিজেই ইউ টাৰ্ণ লোৱাৰ ফলত জিম্বাবুৱেৰ প্ৰাক্তন অধিনায়কগৰাকী জীয়াই থকাৰ কথা অনুমান কৰিব পাৰি। অৱশ্যে এইবাৰ কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ মৃত্যুৰ খবৰ তেওঁৰ পত্নীয়ে নিশ্চিত কৰিছে।

"আজি পুৱাৰ ভাগত ২০২৩ চনৰ ৩ ছেপ্টেম্বৰ দেওবাৰে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰেম আৰু মোৰ ধুনীয়া সন্তানৰ পিতৃক তেওঁৰ এঞ্জেলছৰ ঘৰত থাকিবলৈ কঢ়িয়াই অনা হ'ল, য'ত তেওঁ নিজৰ শেষ দিনবোৰ আপোনজনেৰে ঘেৰি কটাব বিচাৰিছিল।

জিম্বাবুৱেৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ জন ৰেনীয়েও স্প’ৰ্টষ্টাৰক এই খবৰ নিশ্চিত কৰিছে। তেখেতে কয় যে, "ৰাতিপুৱা মাটাবেলেলেণ্ডৰ নিজৰ ফাৰ্মত তেওঁৰ মৃত্যু হয়। পৰিয়াল আৰু আপোনজনে ঘেৰি ধৰিছিল। কেন্সাৰৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত তেওঁৰ শান্তিপূৰ্ণ মৃত্যু হয়..."।

দীৰ্ঘদিন ধৰি লিভাৰ কেন্সাৰৰ সৈতে যুঁজি থকা ষ্ট্ৰেক নিজৰ সময়ৰ অন্যতম জনপ্ৰিয় ক্ৰিকেটাৰ হিচাপে জিম্বাবুৱেক প্ৰতিনিধিত্ব কৰি ৬৫খন টেষ্ট, ১৮৯খন এদিনীয়া মেচত অংশগ্ৰহণ কৰাৰ লগতে ফৰ্মেটসমূহৰ মাজেৰে নিজৰ দেশৰ হৈ ৪৯৩৩ ৰান আৰু ৪৫৫টা উইকেট দখল কৰিছিল। ষ্ট্ৰিক আজিলৈকে জিম্বাবুৱেৰ একমাত্ৰ খেলুৱৈ হিচাপে আছে যিয়ে টেষ্টত ১০০০ ৰান আৰু ১০০ উইকেটৰ ডাবল আৰু এদিনীয়াত ২০০০ ৰান আৰু ২০০ উইকেট দখল কৰিছে। তেওঁৰ কেইবাটাও অভিলেখে এতিয়াও কেৱল জিম্বাবুৱেতে নহয়, সমগ্ৰ বিশ্বতে ক্ৰিকেটাৰসকলক অনুপ্ৰাণিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস