--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জিম্বাবুৱেৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক হিথ ষ্ট্ৰিকৰ ৪৯ বছৰ বয়সত মৃত্যু হোৱা বুলি দেওবাৰে তেওঁৰ পত্নী নাডিনে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে নিশ্চিত কৰে। দুসপ্তাহমানৰ আগতে ষ্ট্ৰিকৰ মৃত্যুৰ খবৰ ছ’চিয়েল মিডিয়াত তেওঁৰ প্ৰাক্তন সতীৰ্থ হেনৰী অলংগাৰ জৰিয়তে প্ৰকাশ পাইছিল। কিন্তু এই খবৰটো মিছা বুলি ওলংগাই নিজেই ইউ টাৰ্ণ লোৱাৰ ফলত জিম্বাবুৱেৰ প্ৰাক্তন অধিনায়কগৰাকী জীয়াই থকাৰ কথা অনুমান কৰিব পাৰি। অৱশ্যে এইবাৰ কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ মৃত্যুৰ খবৰ তেওঁৰ পত্নীয়ে নিশ্চিত কৰিছে।

"আজি পুৱাৰ ভাগত ২০২৩ চনৰ ৩ ছেপ্টেম্বৰ দেওবাৰে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰেম আৰু মোৰ ধুনীয়া সন্তানৰ পিতৃক তেওঁৰ এঞ্জেলছৰ ঘৰত থাকিবলৈ কঢ়িয়াই অনা হ'ল, য'ত তেওঁ নিজৰ শেষ দিনবোৰ আপোনজনেৰে ঘেৰি কটাব বিচাৰিছিল।

জিম্বাবুৱেৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ জন ৰেনীয়েও স্প’ৰ্টষ্টাৰক এই খবৰ নিশ্চিত কৰিছে। তেখেতে কয় যে, "ৰাতিপুৱা মাটাবেলেলেণ্ডৰ নিজৰ ফাৰ্মত তেওঁৰ মৃত্যু হয়। পৰিয়াল আৰু আপোনজনে ঘেৰি ধৰিছিল। কেন্সাৰৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত তেওঁৰ শান্তিপূৰ্ণ মৃত্যু হয়..."।

দীৰ্ঘদিন ধৰি লিভাৰ কেন্সাৰৰ সৈতে যুঁজি থকা ষ্ট্ৰেক নিজৰ সময়ৰ অন্যতম জনপ্ৰিয় ক্ৰিকেটাৰ হিচাপে জিম্বাবুৱেক প্ৰতিনিধিত্ব কৰি ৬৫খন টেষ্ট, ১৮৯খন এদিনীয়া মেচত অংশগ্ৰহণ কৰাৰ লগতে ফৰ্মেটসমূহৰ মাজেৰে নিজৰ দেশৰ হৈ ৪৯৩৩ ৰান আৰু ৪৫৫টা উইকেট দখল কৰিছিল। ষ্ট্ৰিক আজিলৈকে জিম্বাবুৱেৰ একমাত্ৰ খেলুৱৈ হিচাপে আছে যিয়ে টেষ্টত ১০০০ ৰান আৰু ১০০ উইকেটৰ ডাবল আৰু এদিনীয়াত ২০০০ ৰান আৰু ২০০ উইকেট দখল কৰিছে। তেওঁৰ কেইবাটাও অভিলেখে এতিয়াও কেৱল জিম্বাবুৱেতে নহয়, সমগ্ৰ বিশ্বতে ক্ৰিকেটাৰসকলক অনুপ্ৰাণিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক