--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ আয়োজক আছিল পাকিস্তান। কিন্তু ভাৰত চেম্পিয়ন হোৱাৰ পাছত পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ কোনো বিষয়া ডুবাইত দেখা নগ’ল। দেওবাৰে ফাইনেলত নিউজিলেণ্ডক পৰাস্ত কৰে টিম ইণ্ডিয়াই। ভাৰতৰ জয়ৰ পাছত বহু পাকিস্তানী খেলুৱৈয়ে পিচিবিক সমালোচনা কৰিছে। প্ৰাক্তন ক্ৰিকেটাৰ ৱাছিম ​​আক্ৰমেও এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই বিষয়টোক লৈ তেওঁ এটা গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।

চেম্পিয়নছ ট্ৰফী ২০২৫ত পাকিস্তানে এখনো মেচত জয়ী হ’ব পৰা নাছিল। এই প্ৰতিযোগিতাখন হাইব্ৰিড মডেলৰ জৰিয়তে অনুষ্ঠিত হৈছিল। এই কাৰণেই এটা ছেমি ফাইনেল পাকিস্তানত খেলা হৈছিল। আনহাতে ভাৰতৰ ছেমি ফাইনেল ডুবাইত অনুষ্ঠিত হৈছিল। ভাৰতেও ডুবাইত ফাইনেল খেলিছিল। টিম ইণ্ডিয়াৰ বিজয়ৰ পিছতে বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। এই সময়ছোৱাত পিচিবিৰ কোনো বিষয়াক মঞ্চত দেখা পোৱা নগ’ল। এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল প্ৰাক্তন ক্ৰিকেটাৰ শ্বোৱেইব আখতাৰে। এতিয়া আক্ৰমেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পিছত কি ক'লে আক্ৰমে -

আক্ৰমে পিচিবিৰ অধ্যক্ষ মহছিন নকৱীৰ কথাও উল্লেখ কৰে। বিবিচিৰ এক প্ৰতিবেদন অনুসৰি আক্ৰমে কয়, ‘চেয়াৰমেন চাহাবৰ স্বাস্থ্য ভালে নাছিল। কিন্তু মঞ্চত পিচিবিৰ ফালৰ পৰা কোনো নাছিল। তাৰ পৰা চুমাইৰ আহমেদ আৰু উছমান আহিছিল। কিন্তু দুয়োকে দেখা পোৱা নগ’ল। আমি আছিলোঁ চেম্পিয়নছ ট্ৰফীৰ আয়োজক। গতিকে অধ্যক্ষ চাহাবক যিয়েই প্ৰতিনিধিত্ব কৰিছিল, তেওঁ তাত থকা উচিত আছিল। তেওঁক মঞ্চত মাতি অনা নাছিল নেকি?”

পিচিবি সন্দৰ্ভত প্ৰশ্ন উত্থাপন আখতাৰৰ 

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পিছতো শ্বোৱেইব আখতাৰে প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। আখতাৰে কয়, ভাৰতে চেম্পিয়নছ ট্ৰফী লাভ কৰিছে। কিন্তু এটা অদ্ভুত কথা লক্ষ্য কৰিলোঁ। পাকিস্তানে আয়োজন কৰিছিল চেম্পিয়নছ ট্ৰফী। কিন্তু তেওঁৰ কোনো প্ৰতিনিধি তাত দেখা পোৱা নগ’ল। বিশ্বৰ মঞ্চ। তেওঁৰ উপস্থিতি অতি প্ৰয়োজন আছিল।”

পাকিস্তানত কিয় হুলস্থুলৰ সৃষ্টি হৈছিল?

চেম্পিয়নছ ট্ৰফী ২০২৫ৰ ফাইনেলৰ পিছত মঞ্চত দেখা পোৱা নগ’ল পিচিবিৰ কোনো বিষয়া। এই বিষয়ত এতিয়ালৈকে আইচিচিৰ কোনো আনুষ্ঠানিক সঁহাৰি পোৱা নাই আৰু পিচিবিয়েও একো কোৱা নাই। কিন্তু পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰসকলে ছ’চিয়েল মিডিয়াৰ জৰিয়তে বহু প্ৰশ্নৰ উত্থাপন কৰিছে। মঞ্চৰ পৰা পিচিবিৰ বিষয়া নিৰুদ্দেশ হোৱাটোৱেই এই বিশৃংখলতাৰ আঁৰৰ প্ৰকৃত কাৰণ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
শীতকালত মৰ্ণি ৱাক নে ইভিণিং ৱাক! ওজন কমোৱাত কোনটো সঠিক ?
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা