--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই চি চি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত আজি ডুবাইত ভাৰত আৰু নিউজিলেণ্ডে প্রতিদ্বন্দ্বিতা কৰিব। ফাইনেল মেচখনত জুৱাৰ বজাৰত প্ৰায় ৫ হাজাৰ কোটি টকাৰ বাজি ধৰা হৈছে। ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে এই আশংকা প্রকাশ কৰিছে। 

এই মেচখনত আন্তঃৰাষ্ট্ৰীয় জুৱাৰীৰ ফেভাৰিট টীম হ'ল ভাৰত। নিৰাপত্তা সংস্থাসমূহে প্রকাশ কৰা অনুসৰি কুখ্যাত ডি-কোম্পানীকে ধৰি সমগ্র বিশ্বৰে আগশাৰীৰ জুৱাৰীয়ে এই মেচখনত চকু ৰাখিছে। এই কথা জনাৰ পাছত নিৰাপত্তা বাহিনীসমূহ সতর্ক হৈ পৰিছে। নিৰাপত্তা সংস্থাসমূহৰ শীৰ্ষ বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি ডুবাইত অনুষ্ঠিত হোৱা আগশাৰীৰ প্রতিখন ক্রিকেট প্রতিযোগিতাতে দেশ আৰু বিদেশৰ জুৱাৰীসকল মহানগৰখনত উপস্থিত হয়। 

সূত্রসমূহে প্রকাশ কৰা অনুসৰি ভাৰতৰ মষ্ট ৱান্টেড কুখ্যাত অপৰাধী ডাউদ ইব্রাহীমেও (ডি-কোম্পানী) এই মেচখনত প্রত্যক্ষভাৱে দৃষ্টি ৰাখিছে। ভাৰতৰ দিল্লীৰ লগতে ভাৰতৰ আৰক্ষীয়ে বিচাৰি ফুৰা কেইবাজনো জুৱাৰীয়েও ক্রিকেটক লৈ জুৱাৰ এখন বিশাল নেটৱৰ্ক চলাই আছে। উল্লেখযোগ্য যে প্রতিযোগিতাখন চলি থকাৰ সময়তে দিল্লীৰ পৰা ৫জন জুৱাৰীক গ্ৰেপ্তাৰ কৰা হয়। 

আৰক্ষীৰ জেৰাত এই জুৱাৰীকেইজনে দিয়া স্বীকাৰোক্তিৰ পৰা জানিব পৰা মতে, ক্রিকেটক লৈ হাজাৰ হাজাৰ কোটি টকাৰ জুৱাৰ বজাৰ চলি আছে। এই জুৱাৰ বজাৰবোৰৰ মূল ঘাটি হ'ল ডুবাই। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ প্ৰতিযোগিতাৰ ছেমি ফাইনেল মেচখন চলি থকাৰ সময়তে দিল্লী পুলিচে দুটা জুৱাৰীক গ্ৰেপ্তাৰ কৰে। এই জুৱাৰী দুটাই দিয়া তথ্যৰ পৰা জানিব পৰা মতে, জুৱাৰীৰ দিল্লীৰ পৰা ডুবাইলৈকে সম্পর্ক আছে। গ্ৰেপ্তাৰ কৰা জুৱাৰীকেইটাই প্ৰকাশ কৰা অনুসৰি ক্ৰিকেট খেলক লৈ বাজি ধৰাৰ এই নেটৱৰ্ক ডুবাইৰ পৰা নিয়ন্ত্রিত হয়। এই ৰেকেটৰ মাষ্টাৰ মাইণ্ড ছটো বানছাল নামৰ এটা জুৱাৰীও বুলি জনা গৈছে।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ