--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চোৰ আৰু দুষ্কৃতিকাৰীৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ দুৱাৰত তলা বন্ধ কৰাটো এটা সাধাৰণ কথা। কিন্তু আপুনি জানেনে যে ভাৰতত এনেকুৱা এখন ঠাই আছে, য’ত আজিও মানুহে দুৱাৰত তলা বন্ধ নকৰে। কাৰণ এই গাঁৱৰ বাসিন্দাসকলৰ ভগৱানৰ ওপৰত অদম্য বিশ্বাস। সেই স্থানত থকা চৰকাৰী বেংকতো কেতিয়াও লগোৱা নহয় তলা। কিন্তু কিয় সবিশেষ জানো আহক।

 এই বিচিত্ৰ গাঁওখনৰ নাম শনি ছিংগানাপুৰ গাঁও। এই গাঁওখন মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাত অৱস্থিত। আন গাঁৱৰ তুলনাত ইয়াৰ আকাৰ সৰু যদিও সমগ্ৰ বিশ্বতে এই গাঁওখন বিখ্যাত। ইয়াৰ কাৰণ হ’ল এই গাঁৱত ন্যায়ৰ দেৱতা শনি ভগৱানৰ ৫ ফুট ওখ মূৰ্তি স্থাপন কৰা হৈছে। তাত প্ৰতিদিনে দৰ্শন কৰিবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম হয়। ইয়াৰ স্থানীয় ভক্তসকলে কয় যে য’ত নিজে ন্যায়ৰ দেৱতা শনি বাস কৰে, তাত কোনেও একো কৰিব নোৱাৰে।

 শনিদেৱৰ প্ৰতি মানুহৰ ইমানেই বিশ্বাস আছিল যে তাত বসবাস কৰা লোকসকলে ঘৰ-দুৱাৰ, দোকান-কাৰখানা, বেংক আদি ক’তো তলা ব্যৱহাৰ নকৰে। মানুহে বিশ্বাস কৰে যে যেতিয়া শনিদেৱে নিজে সেই স্থানত উপস্থিত থাকে আৰু তেওঁলোকক সুৰক্ষা প্ৰদান কৰে। এনেদৰেই বছৰ বছৰ জুৰি সময় পাৰ হৈ যোৱাৰ পাছতো আজিলৈকে তাত কোনো অপ্ৰীতিকৰ ঘটনা চৰ্চালৈ অহা নাই, যাৰ বাবে জনসাধাৰণৰ বিশ্বাস অধিক দৃঢ় হৈ পৰিছে।

 দেশৰ প্ৰথমটো লকলেছ বেংকো আছে এইখন গাঁৱতে। ২০১১ চনত ইউচিঅ’ বেংকে তাত এটা শাখা মুকলি কৰে। গাঁৱৰ ৰাইজৰ বিশ্বাস দেখি বেংকৰ বিষয়াসকলে দুৱাৰত তলা লগোৱা নাছিল যদিও বেংকৰ ভিতৰত থকা নগদ ধনৰ বাবে আগতে বিষয়াসকলে উত্তেজনাত জীৱন কটাবলগীয়া হৈছিল। ইয়াৰ বাবেই বেংকৰ বিষয়াসকলে চৌহদৰ বাহিৰত ২৪ ঘণ্টা ধৰি নিৰাপত্তাৰক্ষী নিযুক্তি দিছিল। কিন্তু পাছত সেই সকলোবোৰ চকীদাৰক এজন এজনকৈ আঁতৰাই পেলোৱা হ’ল। এতিয়া দুৱাৰৰ নামত কাঁচৰ দুৱাৰ এখনহে আছে, যাতে ভিতৰলৈ কোনো জন্তু সোমাব নোৱাৰে।

 এই গাঁৱত এটা কিংবদন্তিও প্ৰচলিত। কিংবদন্তি অনুসৰি এসময়ত গাঁওখনত বহুত বৰষুণ হৈছিল। সেই বৰষুণত মাটি আঁতৰোৱাৰ সময়ত এটা ডাঙৰ ক’লা শিল পোৱা গৈছিল, যেতিয়া মানুহে সেই শিলটো চুইছিল, তেতিয়া তাৰ পৰা ৰঙা ৰঙৰ তেজৰ দৰে পদাৰ্থ বৈ আহিছিল। শিলটো পোৱাৰ দিনা গাঁৱৰ গাঁওবুঢ়াই শনিদেৱৰ সপোন দেখিছিল। শনিদেৱে কৈছিল যে তেওঁ নিজেই এই গাঁৱত থাকি ৰাইজক সুৰক্ষা প্ৰদান কৰিব, কিন্তু তাৰ আগতে তেওঁ নিজৰ মন্দিৰটো নিৰ্মাণ কৰাব লাগিব। ইয়াৰ পাছত মন্দিৰটো নিৰ্মাণ হ’ল আৰু ঘৰৰ দুৱাৰত তলা নলগোৱাৰ পৰম্পৰা প্ৰচলতি হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু