--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চোৰ আৰু দুষ্কৃতিকাৰীৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ দুৱাৰত তলা বন্ধ কৰাটো এটা সাধাৰণ কথা। কিন্তু আপুনি জানেনে যে ভাৰতত এনেকুৱা এখন ঠাই আছে, য’ত আজিও মানুহে দুৱাৰত তলা বন্ধ নকৰে। কাৰণ এই গাঁৱৰ বাসিন্দাসকলৰ ভগৱানৰ ওপৰত অদম্য বিশ্বাস। সেই স্থানত থকা চৰকাৰী বেংকতো কেতিয়াও লগোৱা নহয় তলা। কিন্তু কিয় সবিশেষ জানো আহক।

 এই বিচিত্ৰ গাঁওখনৰ নাম শনি ছিংগানাপুৰ গাঁও। এই গাঁওখন মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাত অৱস্থিত। আন গাঁৱৰ তুলনাত ইয়াৰ আকাৰ সৰু যদিও সমগ্ৰ বিশ্বতে এই গাঁওখন বিখ্যাত। ইয়াৰ কাৰণ হ’ল এই গাঁৱত ন্যায়ৰ দেৱতা শনি ভগৱানৰ ৫ ফুট ওখ মূৰ্তি স্থাপন কৰা হৈছে। তাত প্ৰতিদিনে দৰ্শন কৰিবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম হয়। ইয়াৰ স্থানীয় ভক্তসকলে কয় যে য’ত নিজে ন্যায়ৰ দেৱতা শনি বাস কৰে, তাত কোনেও একো কৰিব নোৱাৰে।

 শনিদেৱৰ প্ৰতি মানুহৰ ইমানেই বিশ্বাস আছিল যে তাত বসবাস কৰা লোকসকলে ঘৰ-দুৱাৰ, দোকান-কাৰখানা, বেংক আদি ক’তো তলা ব্যৱহাৰ নকৰে। মানুহে বিশ্বাস কৰে যে যেতিয়া শনিদেৱে নিজে সেই স্থানত উপস্থিত থাকে আৰু তেওঁলোকক সুৰক্ষা প্ৰদান কৰে। এনেদৰেই বছৰ বছৰ জুৰি সময় পাৰ হৈ যোৱাৰ পাছতো আজিলৈকে তাত কোনো অপ্ৰীতিকৰ ঘটনা চৰ্চালৈ অহা নাই, যাৰ বাবে জনসাধাৰণৰ বিশ্বাস অধিক দৃঢ় হৈ পৰিছে।

 দেশৰ প্ৰথমটো লকলেছ বেংকো আছে এইখন গাঁৱতে। ২০১১ চনত ইউচিঅ’ বেংকে তাত এটা শাখা মুকলি কৰে। গাঁৱৰ ৰাইজৰ বিশ্বাস দেখি বেংকৰ বিষয়াসকলে দুৱাৰত তলা লগোৱা নাছিল যদিও বেংকৰ ভিতৰত থকা নগদ ধনৰ বাবে আগতে বিষয়াসকলে উত্তেজনাত জীৱন কটাবলগীয়া হৈছিল। ইয়াৰ বাবেই বেংকৰ বিষয়াসকলে চৌহদৰ বাহিৰত ২৪ ঘণ্টা ধৰি নিৰাপত্তাৰক্ষী নিযুক্তি দিছিল। কিন্তু পাছত সেই সকলোবোৰ চকীদাৰক এজন এজনকৈ আঁতৰাই পেলোৱা হ’ল। এতিয়া দুৱাৰৰ নামত কাঁচৰ দুৱাৰ এখনহে আছে, যাতে ভিতৰলৈ কোনো জন্তু সোমাব নোৱাৰে।

 এই গাঁৱত এটা কিংবদন্তিও প্ৰচলিত। কিংবদন্তি অনুসৰি এসময়ত গাঁওখনত বহুত বৰষুণ হৈছিল। সেই বৰষুণত মাটি আঁতৰোৱাৰ সময়ত এটা ডাঙৰ ক’লা শিল পোৱা গৈছিল, যেতিয়া মানুহে সেই শিলটো চুইছিল, তেতিয়া তাৰ পৰা ৰঙা ৰঙৰ তেজৰ দৰে পদাৰ্থ বৈ আহিছিল। শিলটো পোৱাৰ দিনা গাঁৱৰ গাঁওবুঢ়াই শনিদেৱৰ সপোন দেখিছিল। শনিদেৱে কৈছিল যে তেওঁ নিজেই এই গাঁৱত থাকি ৰাইজক সুৰক্ষা প্ৰদান কৰিব, কিন্তু তাৰ আগতে তেওঁ নিজৰ মন্দিৰটো নিৰ্মাণ কৰাব লাগিব। ইয়াৰ পাছত মন্দিৰটো নিৰ্মাণ হ’ল আৰু ঘৰৰ দুৱাৰত তলা নলগোৱাৰ পৰম্পৰা প্ৰচলতি হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement