--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত ক’ৰোনাত সক্ৰিয় ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ২০ হাজাৰ। যোৱা ২৪ ঘন্টাত দেশত ৩,৬৪১জন নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ লগে লগে দেশত পঞ্জীয়ন হোৱা মুঠ ৰোগীৰ সংখ্যা ৪,৪৭,২৬,২৪৬ লৈ বৃদ্ধি পাইছে। ইয়াৰ আগতে অৰ্থাৎ শনিবাৰে নতুনকৈ ক’ৰ’না আক্ৰান্তই যোৱা ৬ মাহৰ অভিলেখ ভংগ কৰিছিল। শনিবাৰে দেশত ৩,৮২৪টা নতুনকৈ ক’ভিড পঞ্জীয়ন কৰা হয়, যিটো ৬ মাহৰ ভিতৰত এদিনত সৰ্বাধিক ক’ভিড আক্ৰান্তৰ সংখ্যা।

একে সময়তে দেশত ক’ৰোনাত চিকিৎসাধীন ৰোগী (সক্ৰিয় ৰোগী)ৰ সংখ্যা ২০,২১৯ লৈ বৃদ্ধি পাইছে, যিটো মুঠ ৰোগীৰ ০.০৫ শতাংশ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত ২৪ ঘন্টাত সংক্ৰমণৰ বাবে ১১ জন লোকে প্ৰাণ হেৰুৱাইছে, ইয়াৰ লগে লগে এই মহামাৰীৰ ফলত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫,৩০,৮৯২ লৈ বৃদ্ধি পাইছে।

বৰ্তমান দেশত ক’ৰোনাত মৃত্যু হোৱা লোকৰ হাৰ ১.১৯ শতাংশ। ক’ৰ’নাক পৰাস্ত কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহা ৰোগীৰ সংখ্যা ৪,৪১,৭৫,১৩৫লৈ বৃদ্ধি পাইছে৷ একে সময়তে কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ ৰাষ্ট্ৰীয় হাৰ ৯৮.৭৬ শতাংশ।

মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ দেশতে চলি থকা টিকাকৰণ অভিযানৰ অধীনত এই পৰ্যন্ত ২২০,৬৬,১১,৮১৪ ড’জ ক’ৰ’না প্ৰতিৰোধী ভেকচিন প্ৰদান কৰা হৈছে।

দিল্লীত নতুনকৈ ৪২৯ জন লোক ক’ৰ’নাত আক্ৰান্ত
দেওবাৰে দিল্লীত নতুনকৈ ৪২৯জন ক’ৰ’নাত আক্ৰান্ত লোক পঞ্জীয়ন কৰা হয়। একে সময়তে পজিটিভিটিৰ হাৰ ১৬.০৯ শতাংশলৈ বৃদ্ধি পায়। যোৱা ৭ মাহত ইমানবোৰ ৰোগী দিল্লীত কেতিয়াও এটা দিনত অহা নাই। স্বাস্থ্য বিভাগৰ পৰিসংখ্যা অনুসৰি কৰ’নাৰ বাবে এজন লোকৰো মৃত্যু হৈছে। ইয়াৰ পূৰ্বে দিল্লীত নতুনকৈ ৪১৬জন ক’ৰ’না আক্ৰান্তৰ পঞ্জীয়ন হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু