--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত ক’ৰোনাত সক্ৰিয় ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ২০ হাজাৰ। যোৱা ২৪ ঘন্টাত দেশত ৩,৬৪১জন নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে। ইয়াৰ লগে লগে দেশত পঞ্জীয়ন হোৱা মুঠ ৰোগীৰ সংখ্যা ৪,৪৭,২৬,২৪৬ লৈ বৃদ্ধি পাইছে। ইয়াৰ আগতে অৰ্থাৎ শনিবাৰে নতুনকৈ ক’ৰ’না আক্ৰান্তই যোৱা ৬ মাহৰ অভিলেখ ভংগ কৰিছিল। শনিবাৰে দেশত ৩,৮২৪টা নতুনকৈ ক’ভিড পঞ্জীয়ন কৰা হয়, যিটো ৬ মাহৰ ভিতৰত এদিনত সৰ্বাধিক ক’ভিড আক্ৰান্তৰ সংখ্যা।

একে সময়তে দেশত ক’ৰোনাত চিকিৎসাধীন ৰোগী (সক্ৰিয় ৰোগী)ৰ সংখ্যা ২০,২১৯ লৈ বৃদ্ধি পাইছে, যিটো মুঠ ৰোগীৰ ০.০৫ শতাংশ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত ২৪ ঘন্টাত সংক্ৰমণৰ বাবে ১১ জন লোকে প্ৰাণ হেৰুৱাইছে, ইয়াৰ লগে লগে এই মহামাৰীৰ ফলত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫,৩০,৮৯২ লৈ বৃদ্ধি পাইছে।

বৰ্তমান দেশত ক’ৰোনাত মৃত্যু হোৱা লোকৰ হাৰ ১.১৯ শতাংশ। ক’ৰ’নাক পৰাস্ত কৰি চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহা ৰোগীৰ সংখ্যা ৪,৪১,৭৫,১৩৫লৈ বৃদ্ধি পাইছে৷ একে সময়তে কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ ৰাষ্ট্ৰীয় হাৰ ৯৮.৭৬ শতাংশ।

মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ দেশতে চলি থকা টিকাকৰণ অভিযানৰ অধীনত এই পৰ্যন্ত ২২০,৬৬,১১,৮১৪ ড’জ ক’ৰ’না প্ৰতিৰোধী ভেকচিন প্ৰদান কৰা হৈছে।

দিল্লীত নতুনকৈ ৪২৯ জন লোক ক’ৰ’নাত আক্ৰান্ত
দেওবাৰে দিল্লীত নতুনকৈ ৪২৯জন ক’ৰ’নাত আক্ৰান্ত লোক পঞ্জীয়ন কৰা হয়। একে সময়তে পজিটিভিটিৰ হাৰ ১৬.০৯ শতাংশলৈ বৃদ্ধি পায়। যোৱা ৭ মাহত ইমানবোৰ ৰোগী দিল্লীত কেতিয়াও এটা দিনত অহা নাই। স্বাস্থ্য বিভাগৰ পৰিসংখ্যা অনুসৰি কৰ’নাৰ বাবে এজন লোকৰো মৃত্যু হৈছে। ইয়াৰ পূৰ্বে দিল্লীত নতুনকৈ ৪১৬জন ক’ৰ’না আক্ৰান্তৰ পঞ্জীয়ন হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ