--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পূৰ্বপুৰুষ হিন্দু আছিল৷ পৰৱৰ্তী সময়ত তেওঁলোক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল৷ এই মন্তব্যৰে এতিয়া সংবাদ শিৰোনামত বিহাৰৰ চুন্নী ৱাকফ বোৰ্ডৰ অধ্যক্ষ ইৰশাদুল্লা৷ মুছলমান সম্পৰ্কে ডাঙৰ মন্তব্য কৰি তেওঁ কৈছিল যে ভাৰতত বাস কৰা মুছলমানসকল হিন্দুসকলৰ পৰা ধৰ্মান্তৰিত। 

তেওঁ সংখ্যালঘুসকলৰ স্বাৰ্থত কৰা কামৰ বাবে মুখ্যমন্ত্ৰী নীতিশ কুমাৰকো প্ৰশংসা কৰে। আনহাতে, তেওঁ আইমিমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিক বিজেপিৰ বি টীম বুলিও অভিহিত কৰে৷
 
লোকসভা নিৰ্বাচনৰ পূৰ্বে ইৰশাদুল্লাৰ বক্তব্যই বিহাৰত ৰাজনৈতিক আলোড়ন সৃষ্টি কৰিব পাৰে। ৰাজ্যিক চুন্নী ৱাকফ বোৰ্ডৰ অধ্যক্ষ ইৰশাদুল্লাই এটা ব্যক্তিগত চেনেলৰ সৈতে হোৱা বাৰ্তালাপত কৈছিল যে ভাৰতৰ সকলো মুছলমান হিন্দুৰ পৰা ধৰ্মান্তৰিত হৈছে৷ আমাৰ পূৰ্বপুৰুষসকল হিন্দু আছিল৷ কাৰণ তেওঁলোক য’ত বাস কৰিছিল বাহিৰৰ পৰা কোনেও অহা নাছিল। 

তেওঁ কয় যে নালন্দাত ৰাম নৱমী হিংসাৰ সময়ত বছৰ পুৰণি মাদ্ৰাছাখন জ্বলাই দিয়া হৈছিল। মুখ্যমন্ত্ৰী নীতিশে ইয়াৰ পুনৰ নিৰ্মাণৰ বাবে ৩০ কোটি টকাৰ বাজেট পাছ কৰিছিল। ৱাকফ বোৰ্ডে এই টকা পোৱা আৰম্ভ কৰিছে। মাদ্ৰাছাৰ সৈতে পুথিভঁৰালৰ কাম সোনকালেই আৰম্ভ হ'ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু