--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পূৰ্বপুৰুষ হিন্দু আছিল৷ পৰৱৰ্তী সময়ত তেওঁলোক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল৷ এই মন্তব্যৰে এতিয়া সংবাদ শিৰোনামত বিহাৰৰ চুন্নী ৱাকফ বোৰ্ডৰ অধ্যক্ষ ইৰশাদুল্লা৷ মুছলমান সম্পৰ্কে ডাঙৰ মন্তব্য কৰি তেওঁ কৈছিল যে ভাৰতত বাস কৰা মুছলমানসকল হিন্দুসকলৰ পৰা ধৰ্মান্তৰিত। 

তেওঁ সংখ্যালঘুসকলৰ স্বাৰ্থত কৰা কামৰ বাবে মুখ্যমন্ত্ৰী নীতিশ কুমাৰকো প্ৰশংসা কৰে। আনহাতে, তেওঁ আইমিমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিক বিজেপিৰ বি টীম বুলিও অভিহিত কৰে৷
 
লোকসভা নিৰ্বাচনৰ পূৰ্বে ইৰশাদুল্লাৰ বক্তব্যই বিহাৰত ৰাজনৈতিক আলোড়ন সৃষ্টি কৰিব পাৰে। ৰাজ্যিক চুন্নী ৱাকফ বোৰ্ডৰ অধ্যক্ষ ইৰশাদুল্লাই এটা ব্যক্তিগত চেনেলৰ সৈতে হোৱা বাৰ্তালাপত কৈছিল যে ভাৰতৰ সকলো মুছলমান হিন্দুৰ পৰা ধৰ্মান্তৰিত হৈছে৷ আমাৰ পূৰ্বপুৰুষসকল হিন্দু আছিল৷ কাৰণ তেওঁলোক য’ত বাস কৰিছিল বাহিৰৰ পৰা কোনেও অহা নাছিল। 

তেওঁ কয় যে নালন্দাত ৰাম নৱমী হিংসাৰ সময়ত বছৰ পুৰণি মাদ্ৰাছাখন জ্বলাই দিয়া হৈছিল। মুখ্যমন্ত্ৰী নীতিশে ইয়াৰ পুনৰ নিৰ্মাণৰ বাবে ৩০ কোটি টকাৰ বাজেট পাছ কৰিছিল। ৱাকফ বোৰ্ডে এই টকা পোৱা আৰম্ভ কৰিছে। মাদ্ৰাছাৰ সৈতে পুথিভঁৰালৰ কাম সোনকালেই আৰম্ভ হ'ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ