--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰদূষণ ৰুধিবলৈ এতিয়াৰে পৰা টঙালি বান্ধিছে আপ চৰকাৰে। দিল্লীৰ ভয়াৱহ প্ৰদূষণ ৰোধ কৰিবলৈ কেজৰিৱালে সাজু কৰিছে এক্সনপ্লেন। বিশেষকৈ শীতকালত ভয়াৱহ প্ৰদূষণৰ কবলত পৰে ৰাজধানী দিল্লী। এই ক্ষেত্ৰত প্ৰতিবছৰেই বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে আপ চৰকাৰে। 

এইবাৰো প্ৰদূষণৰ পৰা ৰক্ষা পাবলৈ ১৫ দফীয়া এক্সনপ্লেনৰ কথা ঘোষণা কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰথমটো পদক্ষেপ হিচাপে সৰ্বাধিক প্ৰদূষণৰ কবলত পৰা স্থানসমূহ চিনাক্ত কৰি উলিয়াব দিল্লী চৰকাৰে। 

প্ৰদূষণ নিয়ন্ত্ৰণৰ পদক্ষেপ স্বৰূপে দিল্লীত ৰোপণ কৰা হ’ব ১ কোটি গছপুলি। এই সময়ছোৱাত নিৰ্মাণ কাৰ্যসমূহৰ ওপৰতো নজৰ ৰাখিব দিল্লী চৰকাৰে। ঠায়ে ঠায়ে কাৰ্যক্ষম কৰি তোলা হ’ব এণ্টি ডাষ্ট মেচিন। ঠিক সেইদৰে যানবাহনৰ পৰা হোৱা প্ৰদূষণ ৰোধ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব দিল্লী চৰকাৰে। 

অৱশ্যে এই ক্ষেত্ৰত পূৰ্বৰ দৰে অড-ইভেন ফৰ্মূলা গ্ৰহণ কৰিব নে নাই সেই কথা স্পষ্ট কৰা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে। মুকলি ঠাইত আৱৰ্জনা জ্বলোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে দিল্লী চৰকাৰে। কাৰখানাসমূহত কম প্ৰদূষণ হোৱা ইন্ধন ব্যৱহাৰৰ নিৰ্দেশ কেজৰিৱাল চৰকাৰৰ। দিল্লীত ফটকাৰ ওপৰতো আৰোপ কৰা হৈছে নিষেধাজ্ঞা। ৰাজধানী চহৰখনৰ বিভিন্ন ঠাইত স্থাপন কৰা হ’ব ই-ৱেষ্ট পাৰ্ক। 






ঠিক সেইদৰে ঠায়ে ঠায়ে প্ৰস্তুত কৰা হ’ব গ্ৰীণ ৱাৰ ৰূম। যাৰ বাবে দিল্লী চৰকাৰে শীঘ্ৰেই মুকলি কৰিব গ্ৰীণ দিল্লী নামৰ এপ্। লগতে সচেতনতাৰ বাবেও নাগৰিকৰ কাষলৈ যাব কেজৰিৱাল চৰকাৰ। 

এই ক্ষেত্ৰত দিল্লীৰ কাষৰীয়া ৰাজ্যকেইখনৰ সৈতেও আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰীগৰাকী। উল্লেখ্য যে শীতকালত দিল্লীত হোৱা প্ৰদূষণৰ এক অন্যতম কাৰণ কাষৰীয়া ৰাজ্যত জ্বলোৱা নৰাৰ পৰা বাহিৰ হোৱা ধোঁৱা। 

হাৰিয়ানা, পঞ্জাৱ, উত্তৰ প্ৰদেশত এই সময়ছোৱাতে শস্য চপোৱা হয়। শস্য চপোৱাৰ পাছত পৰৱৰ্তী খেতিৰ বাবে নৰাসমূহ জ্বলাই দিয়ে কৃষকে। সেই নৰাৰ পৰা বৃহৎ পৰিসৰত ওলোৱা ধোঁৱাই আকাশ ছানি ধৰে দিল্লী। যাৰ বাবে আৰু অধিক ভয়াৱহ হৈ পৰে  শীতকালত অত্যাধিক নিয়ৰৰ কবলত পৰা দিল্লীৰ পৰিৱেশ। 

সেই সময়ছোৱাত এয়াৰ কুৱালিটি ইণ্ডেক্সতো ব্যাপক অৱনতি ঘটে দিল্লীৰ। এই সময়ছোৱাত দিল্লীৰ এয়াৰ কুৱালিটি ইণ্ডেক্সৰ অৱনতি ঘটে ৪০০ৰ পৰা ৫০০ পৰ্যন্ত। যি কোনো কাৰণতেই বাসোপযোগী নহয়। এই সময়ছোৱাতে দিল্লীৰ নাগৰিকে বিভিন্ন ধৰণৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগতো ভোগা দেখিবলৈ পোৱা যায়। 

পৰিস্থিতি ইমানে ভয়াৱহ হৈ পৰে যে দিল্লীত সেই সময়ছোৱাত শিক্ষানুষ্ঠান বন্ধ দিবলগীয়া হয়। এক কথাত ভয়াৱহ প্ৰদূষণে দিল্লীৰ জনজীৱন বিধ্বস্ত কৰি তুলে। এনে সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই দিল্লী চৰকাৰে ঘোষণা কৰিছে ১৫ দফীয়া এক্সন প্লেনৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু