--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ জাতীয় পতাকাক অৱমাননা কৰাৰ গোচৰত ইতিমধ্যে বহু লোক জে’ললৈ গৈছে। জাতীয় পতাকাক অৱমাননা কৰাসকলক মূলতঃ  ভাৰতবিৰোধী শক্তিৰে অংশ বুলি বহুতে অভিহিত কৰি আহিছে। কিন্তু এইবাৰ এগৰাকী বিজেপি নেত্ৰীৰ বিৰুদ্ধেই উত্থাপন হৈছে দেশৰ জাতীয় পতাকাক লৈ ঙুৱা প্ৰচাৰ চলোৱাৰ   গুৰুতৰ অভিযোগ।

তেনে অভিযোগৰ ভিত্তিতে কৰ্ণাটক আৰক্ষীয়ে বিজেপিৰ  মিডিয়া চেলৰ নেত্ৰী  শকুন্তলা নটৰাজৰ বিৰুদ্ধে এটা গোচৰো ৰুজু কৰিছে। নটৰাজৰ বিৰুদ্ধে কেৰালাৰ কোচিৰ লুলু মলত উত্তোলন কৰা  ভাৰতীয় জাতীয়  পতাকাকলৈ ভুৱা প্ৰচাৰ চলোৱাৰ  অভিযোগ উঠিছে।   এই প্ৰসংগত আৰক্ষীয়ে কয় যে শংকুন্তলা নটৰাজে  ছ'চিয়েল মিডিয়াত এটা পোষ্ট  কৰিছিল। 

 আৰক্ষীয়ে প্ৰকাশ কৰা মতে পোষ্টটো ভুৱা আৰু উদ্দেশ্যপ্ৰণোদিত  আছিল। এই কথা প্ৰমাণ হোৱাৰ পিছতে নটৰাজৰ  বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। নটৰাজে পোষ্টটোত লিখিছিল "আপোনালোকৰ সাধাৰণ জ্ঞানো নাই নেকি যে আন কোনো দেশৰ পতাকা ভাৰতীয় জাতীয় পতাকাৰ ওপৰত থাকিব নালাগে।’’ লুলু মলত ভাৰতৰ জাতীয় পতাকা আন দেশৰ পতাকাতকৈ তলত উত্তোলন কৰা বুলি নটৰাজনে অভিযোগ কৰিছিল।তেওঁ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি.কে শিৱকুমাৰকো পোষ্টটো টেগ কৰিছিল আৰু লুলু মল বৰ্জন কৰিবলৈ এটা হেচটেগো সৃষ্টি কৰিছিল। 

আৰক্ষীয়ে প্ৰকাশ কৰা মতে নটৰাজনে ইচ্ছাকৃতভাবে ভাৰতৰ জাতীয় পতাকা খন আন দেশৰ পতাকাৰ তলত আছিল বুলি ভুৱাকৈ প্ৰচাৰ চলাইছিল। কাৰণ নটৰাজনে দাবী কৰা ধৰণে ভাৰতৰ পতাকা খন আন দেশৰ পতাকাতকৈ তলত নাছিল। নটৰাজনে ছবি খন সম্পাদনা কৰি ভাৰতীয় পতাকা খনক আন দেশৰ পতাকাতকৈ তলত থকা বুলি দেখুৱাইছিল বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে তুমাকুৰু চহৰৰ জয়নগৰ আৰক্ষীয়ে আইপিচিৰ ১৫৩ (বি) ধাৰাৰ অধীনত বিজেপি নেত্ৰীগৰাকীৰ  বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে নেত্ৰীগৰাকীলৈ  জাননী জাৰি কৰি তেওঁক সোধা-পোছাৰ বাবে তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ'বলৈও নিৰ্দেশ দিছে।  উল্লেখ্য বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাক প্ৰতিনিধিত্ব কৰা বিভিন্ন দেশৰ পতাকা মলখনত  প্ৰদৰ্শিত হৈছিল। সকলো পতাকা প্ৰদৰ্শনৰ বাবে একে উচ্চতাত ৰখা হৈছিল। অৱশ্যে ছবিখন এনে এটা কোণৰ পৰা তোলা  হৈছিল য'ত পাকিস্তানৰ পতাকাৰ তলত ভাৰতীয় পতাকাখন  দেখা গৈছিল। আৰক্ষীয়ে কৈছে যে ছবিখন ইচ্ছাকৃতভাৱে এনেদৰে তোলা হৈছিল আৰু সামাজিক অস্থিৰতাৰ  সৃষ্টি কৰিবলৈ সম্পাদনা কৰা হৈছিল। আৰক্ষীয়ে এইবুলিও  কৈছে যে  কোচিৰ লুলু মলৰ ছবি ব্যৱহাৰ কৰি বাংগালুৰুত মানুহক উত্তেজিত কৰাৰ চেষ্টা কৰা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ