--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে যোৱা বৰ্ষৰ ৮ ছেপ্টেম্বৰত আৰম্ভ কৰা ‘ভাৰত জোড়ো যাত্ৰা’ প্ৰায় সামৰণিৰ দিশে অগ্ৰসৰ হৈছে। অহা ৩০ জানুৱাৰীত কাশ্মীৰৰ শ্ৰীনগৰত সমাপ্ত হ’ব কংগ্ৰেছৰ এই দীৰ্ঘকালীন কৰ্মসূচী। ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা এই পদযাত্ৰাই ইতিমধ্যে লাভ কৰিছে ব্যাপক জনসমৰ্থন।

ভাৰত জোড়ো যাত্ৰাত লাভ কৰা জনসমৰ্থনে গঢ় দিয়া মনোবলক সাৰথি কৰি কংগ্ৰেছে এইবাৰ দেশব্যাপী আৰম্ভ কৰিছে ‘হাথ ছে হাত জোড়ো’ অভিযান। আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছে এই কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰে।

‘হাথ ছে হাত জোড়ো’ অভিযানৰ অধীনত কংগ্ৰেছে দেশৰ জনসাধাৰণৰ কাষলৈ গমোডীকেন্দ্ৰত শাসনাধিষ্ঠ মোদী চৰকাৰৰ ব্যৰ্থতাৰ বিষয়ে অৱগত কৰি জনসাধাৰণক সজাগ কৰাৰ পৰিকল্পনা কৰিছে।

কংগ্ৰেছে এক টুইট যোগে কয়, “আজি আমি গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ উদযাপন কৰাৰ সময়তে আমি ‘হাথ ছে হাত জোড়ো’ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছো। ভাৰত জোড়ো যাত্ৰাৰ প্ৰতি লাভ কৰা অপৰিসীম মৰমৰ পিছত আমি নিশ্চিত যে হাথ সে হাত জোড়ো অভিযানেও সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হ’ব।”

এই কাৰ্যসূচীৰ অধীনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লিখা এখন পত্ৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এখন চাৰ্জ শ্বীট দেশৰ প্ৰত্যেকটো ঘৰে ঘৰে পঠিয়াব কংগ্ৰেছ দলৰ কৰ্মীসকলে। চলিত বৰ্ষৰে ২৬ মাৰ্চত সমাপ্ত হ’বলগীয়া এই কাৰ্যসূচীৰ সময়ত দলীয় কৰ্মীসকলে ২.৫ লাখ গাঁও পঞ্চায়ত, ছয় লাখ গাঁও আৰু ১০ লাখ বুথক সামৰি ল’ব।

এই সন্দৰ্ভত কংগ্ৰেছৰ জেষ্ঠ নেতা জয়ৰাম ৰমেশে কয়, “এই ‘হাথ ছে হাথ জোড়ো’ কাৰ্যসূচীয়ে কংগ্ৰেছ দলৰ প্ৰতীক আৰু ভাৰত জোড়ো যাত্ৰাৰ ৰাজনৈতিক বাৰ্তাক আগুৱাই নিব।” কিছুমান ৰাজ্যত দলৰ সংগঠন দুৰ্বল হোৱাৰ বাবে এয়া এক কঠিন কাম বুলি তেওঁ মন্তব্য কৰে যদিও সেয়া সম্পন্ন হ’ব বুলিও দাবী কৰে।

প্ৰেৰণ কৰিবলগীয়া পত্ৰখনত ৰাহুল গান্ধীয়ে লিখিছে, “দেশত এক স্পষ্ট অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈছে- যুৱক-যুৱতীসকলৰ মাজত নিবনুৱা সমস্যা, অসহ্যকৰ মূল্যবৃদ্ধি, কৃষিৰ তীব্ৰ দুৰ্দশা আৰু আনহাতে দেশৰ সম্পদ সম্পূৰ্ণৰূপে কৰ্পৰেটভাৱে দখল কৰিছে।”

লগতে পত্ৰখনত তেওঁ কয়, “মানুহে চাকৰি হেৰুৱাই চিন্তিত হৈ পৰিছে, উপাৰ্জন অধিক হাৰত কমিছে আৰু উন্নত ভৱিষ্যতৰ সপোনবোৰ ছিন্নভিন্ন হৈ পৰিছে। সমগ্ৰ দেশতে এক গভীৰ আশাহীনতাৰ ভাব বিৰাজ কৰিছে।”

বৰ্তমান দেশৰ বহুত্বও ভাবুকিৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি গান্ধীয়ে লগতে বিভাজনকাৰী শক্তিসমূহে দেশৰ বৈচিত্ৰ্যক বিভিন্ন ধৰ্ম, সম্প্ৰদায়, অঞ্চলক পৰস্পৰৰ বিৰুদ্ধে থিয় কৰাই জনসাধাৰণৰ বিৰুদ্ধে প্ৰয়োগ কৰাৰ চেষ্টা চলাইছে বুলিও অভিযোগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক