--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে যোৱা বৰ্ষৰ ৮ ছেপ্টেম্বৰত আৰম্ভ কৰা ‘ভাৰত জোড়ো যাত্ৰা’ প্ৰায় সামৰণিৰ দিশে অগ্ৰসৰ হৈছে। অহা ৩০ জানুৱাৰীত কাশ্মীৰৰ শ্ৰীনগৰত সমাপ্ত হ’ব কংগ্ৰেছৰ এই দীৰ্ঘকালীন কৰ্মসূচী। ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা এই পদযাত্ৰাই ইতিমধ্যে লাভ কৰিছে ব্যাপক জনসমৰ্থন।

ভাৰত জোড়ো যাত্ৰাত লাভ কৰা জনসমৰ্থনে গঢ় দিয়া মনোবলক সাৰথি কৰি কংগ্ৰেছে এইবাৰ দেশব্যাপী আৰম্ভ কৰিছে ‘হাথ ছে হাত জোড়ো’ অভিযান। আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছে এই কাৰ্যসূচীৰ বিষয়ে ঘোষণা কৰে।

‘হাথ ছে হাত জোড়ো’ অভিযানৰ অধীনত কংগ্ৰেছে দেশৰ জনসাধাৰণৰ কাষলৈ গমোডীকেন্দ্ৰত শাসনাধিষ্ঠ মোদী চৰকাৰৰ ব্যৰ্থতাৰ বিষয়ে অৱগত কৰি জনসাধাৰণক সজাগ কৰাৰ পৰিকল্পনা কৰিছে।

কংগ্ৰেছে এক টুইট যোগে কয়, “আজি আমি গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ উদযাপন কৰাৰ সময়তে আমি ‘হাথ ছে হাত জোড়ো’ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছো। ভাৰত জোড়ো যাত্ৰাৰ প্ৰতি লাভ কৰা অপৰিসীম মৰমৰ পিছত আমি নিশ্চিত যে হাথ সে হাত জোড়ো অভিযানেও সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হ’ব।”

এই কাৰ্যসূচীৰ অধীনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লিখা এখন পত্ৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এখন চাৰ্জ শ্বীট দেশৰ প্ৰত্যেকটো ঘৰে ঘৰে পঠিয়াব কংগ্ৰেছ দলৰ কৰ্মীসকলে। চলিত বৰ্ষৰে ২৬ মাৰ্চত সমাপ্ত হ’বলগীয়া এই কাৰ্যসূচীৰ সময়ত দলীয় কৰ্মীসকলে ২.৫ লাখ গাঁও পঞ্চায়ত, ছয় লাখ গাঁও আৰু ১০ লাখ বুথক সামৰি ল’ব।

এই সন্দৰ্ভত কংগ্ৰেছৰ জেষ্ঠ নেতা জয়ৰাম ৰমেশে কয়, “এই ‘হাথ ছে হাথ জোড়ো’ কাৰ্যসূচীয়ে কংগ্ৰেছ দলৰ প্ৰতীক আৰু ভাৰত জোড়ো যাত্ৰাৰ ৰাজনৈতিক বাৰ্তাক আগুৱাই নিব।” কিছুমান ৰাজ্যত দলৰ সংগঠন দুৰ্বল হোৱাৰ বাবে এয়া এক কঠিন কাম বুলি তেওঁ মন্তব্য কৰে যদিও সেয়া সম্পন্ন হ’ব বুলিও দাবী কৰে।

প্ৰেৰণ কৰিবলগীয়া পত্ৰখনত ৰাহুল গান্ধীয়ে লিখিছে, “দেশত এক স্পষ্ট অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈছে- যুৱক-যুৱতীসকলৰ মাজত নিবনুৱা সমস্যা, অসহ্যকৰ মূল্যবৃদ্ধি, কৃষিৰ তীব্ৰ দুৰ্দশা আৰু আনহাতে দেশৰ সম্পদ সম্পূৰ্ণৰূপে কৰ্পৰেটভাৱে দখল কৰিছে।”

লগতে পত্ৰখনত তেওঁ কয়, “মানুহে চাকৰি হেৰুৱাই চিন্তিত হৈ পৰিছে, উপাৰ্জন অধিক হাৰত কমিছে আৰু উন্নত ভৱিষ্যতৰ সপোনবোৰ ছিন্নভিন্ন হৈ পৰিছে। সমগ্ৰ দেশতে এক গভীৰ আশাহীনতাৰ ভাব বিৰাজ কৰিছে।”

বৰ্তমান দেশৰ বহুত্বও ভাবুকিৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি গান্ধীয়ে লগতে বিভাজনকাৰী শক্তিসমূহে দেশৰ বৈচিত্ৰ্যক বিভিন্ন ধৰ্ম, সম্প্ৰদায়, অঞ্চলক পৰস্পৰৰ বিৰুদ্ধে থিয় কৰাই জনসাধাৰণৰ বিৰুদ্ধে প্ৰয়োগ কৰাৰ চেষ্টা চলাইছে বুলিও অভিযোগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু