--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰাহুল গান্ধীৰ নেতৃত্বত 'ভাৰত জোড়ো  যাত্ৰা'ত খোজকাঢ়ি থাকোঁতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে জলন্ধৰৰ কংগ্ৰেছ সাংসদ সন্তোষ সিং চৌধুৰীয়ে । ঘটনাটো পঞ্জাৱত সংঘটিত হৈছে।জলন্ধৰ কংগ্ৰেছৰ সাংসদ সন্তোষ  সিং চৌধুৰীয়ে 'ভাৰত জোড়ো  যাত্ৰা'ত ৰাহুল গান্ধীৰ সৈতে খোজকাঢ়ি থাকোঁতে হৃদৰোগত আক্ৰান্ত হয়৷ 

শনিবাৰে পুৱা কংগ্ৰেছ সাংসদজনে পঞ্জাৱৰ ফিল্লৌৰত ভাৰত জোড়ো  যাত্ৰাত খোজকাঢ়ি থাকোঁতে হৃদৰোগত আক্ৰান্ত হয়। সাংসদজনক লগে লগে এম্বুলেন্সত ফাগৱাৰাৰ ভিৰ্ক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাত তেওঁক মৃত ঘোষণা কৰা হয়।

কংগ্ৰেছ সাংসদজনৰ মৃত্যুৰ খবৰ শুনি ৰাহুলে ভাৰত জোড়ো  যাত্ৰা এৰি চিকিৎসালয়লৈ যায়। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কংগ্ৰেছ সাংসদজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। টইটত মানে লিখিছে "জলন্ধৰৰ  কংগ্ৰেছ সাংসদজনৰ আকস্মিক মৃত্যুত দুখিত। মই তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰোঁ। ''

ভাৰত জোড়ো  যাত্ৰা যোৱা বছৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল। কংগ্ৰেছৰ এই কাৰ্যসূচী এই বছৰৰ ৩০ জানুৱাৰীত জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত সমাপ্ত হ'ব। জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ লোকে ভাৰত জোড়ো  যাত্ৰাত ৰাহুলৰ সৈতে খোজ কাঢ়িছে। কংগ্ৰেছে দাবী কৰিছে  যে এই কাৰ্যসূচীলৈ  দেশবাসীয়ে সঁহাৰি জনাইছে।
 









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ