--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰাহুল গান্ধীৰ নেতৃত্বত 'ভাৰত জোড়ো  যাত্ৰা'ত খোজকাঢ়ি থাকোঁতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে জলন্ধৰৰ কংগ্ৰেছ সাংসদ সন্তোষ সিং চৌধুৰীয়ে । ঘটনাটো পঞ্জাৱত সংঘটিত হৈছে।জলন্ধৰ কংগ্ৰেছৰ সাংসদ সন্তোষ  সিং চৌধুৰীয়ে 'ভাৰত জোড়ো  যাত্ৰা'ত ৰাহুল গান্ধীৰ সৈতে খোজকাঢ়ি থাকোঁতে হৃদৰোগত আক্ৰান্ত হয়৷ 

শনিবাৰে পুৱা কংগ্ৰেছ সাংসদজনে পঞ্জাৱৰ ফিল্লৌৰত ভাৰত জোড়ো  যাত্ৰাত খোজকাঢ়ি থাকোঁতে হৃদৰোগত আক্ৰান্ত হয়। সাংসদজনক লগে লগে এম্বুলেন্সত ফাগৱাৰাৰ ভিৰ্ক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাত তেওঁক মৃত ঘোষণা কৰা হয়।

কংগ্ৰেছ সাংসদজনৰ মৃত্যুৰ খবৰ শুনি ৰাহুলে ভাৰত জোড়ো  যাত্ৰা এৰি চিকিৎসালয়লৈ যায়। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কংগ্ৰেছ সাংসদজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। টইটত মানে লিখিছে "জলন্ধৰৰ  কংগ্ৰেছ সাংসদজনৰ আকস্মিক মৃত্যুত দুখিত। মই তেওঁৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰোঁ। ''

ভাৰত জোড়ো  যাত্ৰা যোৱা বছৰ ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল। কংগ্ৰেছৰ এই কাৰ্যসূচী এই বছৰৰ ৩০ জানুৱাৰীত জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰত সমাপ্ত হ'ব। জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ লোকে ভাৰত জোড়ো  যাত্ৰাত ৰাহুলৰ সৈতে খোজ কাঢ়িছে। কংগ্ৰেছে দাবী কৰিছে  যে এই কাৰ্যসূচীলৈ  দেশবাসীয়ে সঁহাৰি জনাইছে।
 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু