--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতে আজি আৰু এঢাপ আগুৱাই গ’ল। আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই বছৰটোৰ পঞ্চম সফল ৰকেট উৎক্ষেপণ কৰিবলৈ সক্ষম হয়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে  আজি দিনৰ ১১ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা জিএছএলভি শৃংখলাৰ ৰকেটত দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ উৎক্ষেপণ কৰে।

আজি পুৱা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ইতিহাসত আন এক সফলতা যোগ হ’ল । ইছৰোৱে এই বছৰত পাঁচটা উপগ্ৰহ উৎক্ষেপণ কৰিছে। আজি উৎক্ষেপণ কৰা অত্যাধুনিক উপগ্ৰহটোক এনভিএছ-১০ বুলি কোৱা হয়। এই উপগ্ৰহটো জিএছএলভি-এফ১২ ৰকেটত মহাকাশলৈ উৎক্ষেপণ কৰা হয়।   

আজি দিনৰ ১১ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা জিএছএলভি-এফ১২ ৰকেটত এনভিএছ-০১ উপগ্ৰহটো মহাকাশলৈ সফলতাৰে  উৎক্ষেপণ কৰা হয় বুলি ইছৰোৰৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে।  এই উপগ্ৰহটোৱে ভাৰতৰ যোগাযোগ ব্যৱস্থাত এক সফলতা আনিব পাৰে।  

জানিব পৰা মতে এই উপগ্ৰহ প্ৰণালীয়ে বিমান চলাচলৰ ক্ষেত্ৰতো  বিশেষভাবে সহায় কৰিব বুলি ধাৰণা কৰা হৈছে। এনভিএছ-০১ উপগ্ৰহটোৱে বিমানৰ গতিপথ, দিশ, সময় নিয়ন্ত্ৰণ আদিৰ দৰে জটিল বিষয়ত সহায় কৰিব। এই উপগ্ৰহটো দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ  বুলি কোৱা হয়। উপগ্ৰহটোৱে ভাৰত আৰু ইয়াৰ চাৰিওফালে থকা এলেকাৰ ১৫০০ কিলোমিটাৰ অঞ্চলৰ পৰা তথ্য সংগ্ৰহ কৰি  বিমান চলাচলত সহায় কৰিবলৈ সক্ষম হ'ব।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে