--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ভাৰতে আজি আৰু এঢাপ আগুৱাই গ’ল। আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই বছৰটোৰ পঞ্চম সফল ৰকেট উৎক্ষেপণ কৰিবলৈ সক্ষম হয়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে  আজি দিনৰ ১১ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা জিএছএলভি শৃংখলাৰ ৰকেটত দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ উৎক্ষেপণ কৰে।

আজি পুৱা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ইতিহাসত আন এক সফলতা যোগ হ’ল । ইছৰোৱে এই বছৰত পাঁচটা উপগ্ৰহ উৎক্ষেপণ কৰিছে। আজি উৎক্ষেপণ কৰা অত্যাধুনিক উপগ্ৰহটোক এনভিএছ-১০ বুলি কোৱা হয়। এই উপগ্ৰহটো জিএছএলভি-এফ১২ ৰকেটত মহাকাশলৈ উৎক্ষেপণ কৰা হয়।   

আজি দিনৰ ১১ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা জিএছএলভি-এফ১২ ৰকেটত এনভিএছ-০১ উপগ্ৰহটো মহাকাশলৈ সফলতাৰে  উৎক্ষেপণ কৰা হয় বুলি ইছৰোৰৰ এগৰাকী বিষয়াই প্ৰকাশ কৰিছে।  এই উপগ্ৰহটোৱে ভাৰতৰ যোগাযোগ ব্যৱস্থাত এক সফলতা আনিব পাৰে।  

জানিব পৰা মতে এই উপগ্ৰহ প্ৰণালীয়ে বিমান চলাচলৰ ক্ষেত্ৰতো  বিশেষভাবে সহায় কৰিব বুলি ধাৰণা কৰা হৈছে। এনভিএছ-০১ উপগ্ৰহটোৱে বিমানৰ গতিপথ, দিশ, সময় নিয়ন্ত্ৰণ আদিৰ দৰে জটিল বিষয়ত সহায় কৰিব। এই উপগ্ৰহটো দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ  বুলি কোৱা হয়। উপগ্ৰহটোৱে ভাৰত আৰু ইয়াৰ চাৰিওফালে থকা এলেকাৰ ১৫০০ কিলোমিটাৰ অঞ্চলৰ পৰা তথ্য সংগ্ৰহ কৰি  বিমান চলাচলত সহায় কৰিবলৈ সক্ষম হ'ব।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান