--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০ বছৰৰ পাছত নিশাৰ আকাশৰ পৰা সকলো তৰা-নক্ষত্ৰ অন্তৰ্ধান হৈ যাব। নিশাৰ আকাশত একোৱে দেখা নাযাব। বিজ্ঞানীসকলে এনে আশংকাৰ কথা কৈছে।

এগৰাকী ব্ৰিটিছ জ্যোতিৰ্বিজ্ঞানীয়ে শেহতীয়া এক সাক্ষাৎকাৰত জনাইছে যে কিছু বছৰ ধৰি পোহৰ প্ৰদূষণৰ অৱস্থা অধিক বেয়া হৈ আহিছে। ২০১৬ চনত বিজ্ঞানীসকলে জানিবলৈ দিছিল যে পৃথিৱীৰ এক তৃতীয়াংশ লোকে আৰু আকাশীগংগা বা মিল্কিওৱে দেখা নাপাব।

তেওঁ লগতে কৈছে যে পোহৰ নিৰ্গত কৰা লাইট এমিটিং ডাইঅ’ড বা এল ই ডি আৰু অন্যান্য ধৰণৰ পোহৰৰ ব্যৱহাৰ বৃদ্ধিয়ে নাটকীয়ভাৱে নিশাৰ আকাশৰ নিজস্ব উজ্জ্বলতা কাঢ়ি লৈ ​​গৈছে। বিপৰীতে নকল পোহৰেৰে নিশাৰ আকাশখন ভৰাই তুলিছে।

বিজ্ঞানীগৰাকীয়ে লগতে কয়, ‘নিশাৰ আকাশ আমাৰ পৰিবেশৰ অংশ। আমাৰ পৰৱৰ্তী প্ৰজন্মই যদি নিশাৰ আকাশখন দেখা নাপায়, তেতিয়াহ’লে তেওঁলোকৰ বাবে এক বৃহৎ বঞ্চনা হ’ব। এইটো ঠিক তেনেকুৱা ঘটনাই হ’ব যিটো আজিৰ যিসকল যুৱক-যুৱতীয়ে কেতিয়াও চৰাইৰ বাহ দেখা নাই।’ তেওঁ লগতে এই বিষয়টোত এতিয়াৰ পৰা সতৰ্ক হোৱাৰ প্ৰয়োজন বুলি উনুকিয়াই দিছে।

জাৰ্মান চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছৰ ক্রিষ্টোফাৰ কিবাৰ মতে, এটি শিশুৱে এতিয়া পৃথিৱীত জন্ম লোৱা যিকোনো ঠাইৰ পৰা নিশাৰ আকাশত ২৫০ টা তৰা দেখা পাব পাৰে। কিন্তু সেই শিশুটিৰ বয়স যেতিয়া ১৮ বছৰ হ’ব, তেতিয়া তেওঁৰ চকুৰ পৰা ১৫০ টা তৰা নোহোৱা হৈ যাব। অৰ্থাৎ তেওঁৰ মাত্ৰ ১০০ টা তৰাহে দৃষ্টিগোচৰ হ’ব। কিবাই লগতে কৈছে যে কেইবছৰমান আগলৈকে মানুহে প্ৰায়ে মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব পাৰিছিল। কিন্তু এতিয়া ই এক বিৰল ঘটনাত পৰিণত হৈছে।

কিন্তু জাৰ্মান বিজ্ঞানীগৰাকীয়ে নিশাৰ আকাশখন যাতে হেৰাই নাযায় তাৰ বাবে কিছু পৰামৰ্শও দিছে। তেওঁ পোহৰৰ মুখখন সদায় তললৈ কৰি ৰাখিবলৈ কৈছে। পোহৰৰ উজ্জ্বলতা হ্ৰাস কৰিবলৈও কৈছে। পাতল ৰং বিশেষকৈ বগা ৰঙৰ পোহৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। তেওঁ কয় যে যদি এই পদক্ষেপসমূহ গ্ৰহণ কৰা হয় তেন্তে তৰাবোৰ হেৰাই নাযাব।

আনহাতে, লণ্ডনৰ ইউনিভাৰ্চিটিৰ অধ্যাপক ৰবাৰ্ট ফছবেৰীয়ে দাবী কৰে যে এই ক্ষতি এল ই ডি পোহৰৰ ফলত হয়, LED পোহৰৰ লগত অভ্যস্ত হৈ পৰাটো অতি ক্ষতিকাৰক। তেওঁ কয় যে এল ই ডিৰ নীলা পোহৰে আমাৰ শৰীৰৰ ক্ষতিও কৰে। তেওঁৰ মতে ইয়াৰ নীলা পোহৰে তেজৰ চেনিৰ মাত্ৰাত ব্যাঘাত জন্মায়। মেলোটনিন উৎপাদন বৃদ্ধি কৰে।

গৱেষকসকলে লগতে লক্ষ্য কৰিছে যে পোহৰ প্ৰদূষণে চন্দ্ৰৰ পোহৰৰ দ্বাৰা পৰিচালিত সাগৰীয় কচ্ছপ আৰু পৰিভ্ৰমী চৰাইক বিভ্ৰান্ত কৰে। তদুপৰি, তেওঁলোকে কয় যে আন্ধাৰ নিশাটোৱে মানুহৰ বাবে অপৰাধ আৰু অন্যান্য বিপদজনক পৰিস্থিতিৰ বাবেও আৱৰণ প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে