--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ অৰ্থব্যৱস্থাক লৈ ৰাহুল গান্ধীৰ এক বৃহৎ মন্তব্য৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আমেৰিকাৰ কেম্ব্ৰিজৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা আলোচনাত কয় যে ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে, কিন্তু ধন-সম্পত্তি কেইজনমানৰ হাতত কেন্দ্ৰীভূত হৈ পৰিছে আৰু নিবনুৱা সমস্যা এতিয়াও দেশত আছে।

যোৱা শনিবাৰে (২৩ ডিচেম্বৰ) ৰাহুলে ১৫ ডিচেম্বৰত সংঘটিত হোৱা আলোচনাৰ এটা ভিডিঅ’ Comes from being kind to yourself নামৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।

‘দ্য হিন্দু’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি শিক্ষাৰ্থীৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত যোৱা ১০ বছৰৰ অৰ্থনৈতিক বিকাশৰ বিষয়ে ৰাহুল গান্ধীয়ে কয়, ‘অৰ্থনৈতিক উন্নয়নৰ কথা কওঁতে এই প্ৰশ্নটো সুধিব লাগিব যে অৰ্থনৈতিক উন্নয়ন কাৰ স্বাৰ্থত।সুধিবলগীয়া প্ৰশ্নটো হ’ল সেই উন্নয়নৰ স্বৰূপ কি আৰু ইয়াৰ দ্বাৰা কোন লাভৱান হৈছে। ভাৰতত উন্নয়নৰ পৰিসংখ্যাৰ ঠিক কাষতে নিবনুৱাৰ পৰিসংখ্যা। গতিকে ভাৰত আৰ্থিক শ্ৰী বৃদ্ধি হৈছে, কিন্তু যিদৰে বৃদ্ধি পাইছে,সেইদৰে বৃহৎ পৰিসৰত ধন-সম্পত্তি অতি কম সংখ্যক লোকৰ মাজত কেন্দ্ৰীভূত কৰিছে।

গান্ধীয়ে লগতে কয়, ‘আমি ঋণ মডেলৰ ওপৰত কাম কৰি আছোঁ আৰু আমি এতিয়া উৎপাদন কৰা নাই। ভাৰতৰ প্ৰকৃত প্ৰত্যাহ্বানটো হ’ল আমি কেনেকৈ এনে এখন উৎপাদনশীল অৰ্থনীতি প্ৰতিষ্ঠা কৰিম, যিখনে বৃহৎ সংখ্যক লোকক কৰ্মসংস্থাপন প্ৰদান কৰিবলৈ সক্ষম।'

ৰাহুল গান্ধীয়ে আৰু কয়, ‘বিত্তৰ সুবিধা লাভৰ বাবে নিৰপেক্ষ সংবাদ মাধ্যম, নিৰপেক্ষ আইনী ব্যৱস্থা, নিৰপেক্ষ নিৰ্বাচন আয়োগ, নিৰপেক্ষ প্ৰতিষ্ঠানৰ প্ৰয়োজন। এনে এখন আমেৰিকা কল্পনা কৰক, য’ত আই আৰ এছ (আমেৰিকান টেক্স এজেন্সী) আৰু এফ বি আই (ইনভেষ্টিগেচন এজেন্সী)ৰ কাম হ’ল বিৰোধীক নিৰ্মূল কৰা। গতিকে এইটোৱেই হৈছে আমি যিটো পেৰাডাইমত বাস কৰি আছোঁ।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক